নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত সংগীতানুষ্ঠান : ভগ্নী জংকীক সুঁৱৰি উচুপি উঠিল জুবিন

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰ : শোণিতপুৰৰ বালিপৰা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষৰ সামৰণী অনুষ্ঠানৰ মূল সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ হিচাপে যোৱানিশা বালিপৰাত উপস্থিত হৈ সংগীত পৰিৱেশন কৰে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত অনুষ্ঠানটোত নিশা ১২ বজাত উপস্থিত হৈ হাজাৰ হাজাৰ দৰ্শকৰ মাজত “মায়া মাথোঁ মায়া, কি নাম দি মাতিম, অ’ প্ৰিয়া” ইত্যাদি ইটোৰ পিছত সিটো জনপ্ৰিয় গীত পৰিৱেশন কৰে । একেদৰে সংগীতানুষ্ঠানৰ মাজতে ভগ্নী জংকী বৰঠাকুৰৰ স্মৃতিত আউঁসীৰ জোন মোৰ গীতটি জুবিনে সহঃ শিল্পী এগৰাকীৰ সৈতে পৰিৱেশন কৰি থকাৰ সময়ত দৰ্শকৰ মাজত আৱেগবিহ্বল হৈ পৰে । বালিপৰাত বহু বছৰ পূৰ্বে এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভগ্নী জংকীৰ স্মৃতিয়ে জুবিনৰ হৃদয়ত আঘাত কৰাত গীতৰ মাজতেই চকুলোৰে ভৰি পৰে জুবিনৰ দুচকু ।  জুবিনৰ দুখত সমভাগী হৈ দৰ্শকৰ মাজতো এক আৱেগময়  ক্ষণৰ সৃষ্টি হয় । মৰমৰ শিল্পী জুবিনৰ সংগীতানুষ্ঠান চাবলৈ বৃহত্তৰ বালিপৰা, চাৰিদুৱাৰ, জামুগুৰি, তেজপুৰ ইত্যাদি বিভিন্ন ঠাইৰ হাজাৰ হাজাৰ দৰ্শক বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ লগতে খেলপথাৰৰ বাহিৰত ভিৰ কৰা পৰিলক্ষিত হয় । বহুসংখ্যক দৰ্শকে জুবিনৰ গীতৰ সৈতে গীত আওৰাই নৃত্য কৰা দেখা গ’ল । আনহাতে, সংগীতানুষ্ঠান চলি থকাৰ মাজতে এচাম উদণ্ড দৰ্শকে বেৰিকেড পাৰ হৈ বিশৃংখল পৰিৱেশৰ সূচনা কৰাত তেওঁলোকৰ পিঠিত কৰ্তব্যত নিয়োজিত অৰ্ধসামৰিক জোৱানৰ লাঠীৰ কোব পৰাতহে শান্ত হয় ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like