জুবিন গার্গক হত্যাৰ ভাবুকি মুকালমুৱা আৰক্ষীৰ জালত অভিযুক্ত
নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তর্গত নয়ন নিৱিৰ নামৰ যুৱক এজনে নিজৰ ফেচবুক একাউণ্টৰ পৰা যুৱপ্রজন্মৰ হার্টথ্র’ব জুবিন গার্গক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত মুকালমুৱা আৰক্ষীয়ে নিজাববীয়াকৈগোচৰ তৰি আটক কৰে৷ উল্লেখ্য যে যুৱকজনে দুদিন পূর্বে নিজৰ ফেচবুক ৱালত জুবিন গার্গক অহা দুই ছেপ্টেম্বৰত নিশা হত্যা কৰিম বুলি এটা পোষ্ট দিছিল৷ তাৰ পাছতে ব্যাপক চর্চা চলিছিল সমগ্র নলবাৰী জিলাত৷ সম্প্রতি যুৱকজনক সোধা–পোছা কৰি তদন্ত অব্যাহত ৰাখিছে মুকালমুৱা আৰক্ষীয়ে৷ এই ঘটনাই ব্যাপক চর্চা লাভ কৰিছে সামাজিক মাধ্যমত৷ জুবিন ফেন ক্লাবে তীব্র গৰিহণা দিয়াৰ লগতে উচিত শাস্ত্রিৰ দাবী জনায়৷