নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্কাৰলৈ মনোনীত ছবি ‘ৱান লিটল ফিংগাৰ’ত দেৰগাঁৱৰ এজাক শিল্পী

অস্কাৰলৈ মনোনীত ছবিত অভিনয় নর্থ–ইষ্ট থিয়েটাৰ একাডেমীৰ ছাত্র–ছাত্রীৰ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ আমেৰিকা নিৱাসী অসম সন্তান ৰূপম শর্মা প্রযোজিত–পৰিচালিত অস্কাৰলৈ মনোনীত হলীউডৰ ছবি ‘ৱান লিটল ফিংগাৰ’ত ‘নর্থ–ইষ্ট থিয়েটাৰ একাডেমী’, দেৰগাঁৱৰ ১৪গৰাকী ছাত্র–ছাত্রীয়ে অভিনয় কৰাৰ সুযোগ পাইছিল ৷ ছবিখনে ইতিমধ্যে কেইবাটাও শিতানত আন্তঃৰাষ্ট্রীয় সন্মান অর্জন কৰিবলৈ সক্ষম হৈছে ৷ এনে এখন ছবিত নাট্য একাডেমীৰ ছাত্র–ছাত্রীয়ে অভিনয় কৰিবলৈ পোৱাতো অতি গৌৰৱৰ কথা ৷ ছবিখনৰ কেইটামান মুহূর্তত নর্থ–ইষ্ট থিয়েটাৰ একাডেমীৰ শিক্ষার্থী ক্রমে– পৰিনান্ধী, স্নিগ্ধা, নীতিশা আৰু অপূর্বহঁতে সাৱলীল অভিনয় কৰিছে ৷ উল্লেখ্য যে নিসন্দেহে হলিউডৰ ছবিত এজাক শিল্পীয়ে অভিনয় কৰি দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

নর্থ–ইষ্ট থিয়েটাৰ একাডেমীৰ ছাত্র–ছাত্রী
নর্থ–ইষ্ট থিয়েটাৰ একাডেমীৰ ছাত্র–ছাত্রীৰ
You might also like