নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ স্বাস্থ্যৰ বুজ ল’বলৈ গোৱালপাৰাত উপস্থিত ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ৰাজ্যত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ স্বাস্থ্য বিভাগে দৈনিক তৎপৰতা অব্যাহত ৰাখিছে। তাৰ মাজতে আজি গোৱালপাৰাত উপস্থিত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।

আজি পুৱা গোৱালপাৰাত উপস্থিত হৈ গোৱালপাৰা অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । লগতে কোভিড-১৯ সংক্ৰমণ ৰোধৰ ব্যৱস্থাৱলীৰ লগতে তিনি গৰাকী কোভিড ৰোগীৰ স্বাস্থ্যৰ বুজ লয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ।

ইপিনে চিকিৎসালয়খনৰ চিকিৎসক তথা স্বাস্থ্যকৰ্মী সকলকো সাক্ষ্যাৎ কৰি তেওঁলোকৰ সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ইয়াৰোপৰি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যকৰ্মীসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় ।

You might also like