নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ মাৰ্কাজ ভ্ৰমণ কৰা লোকসকলৰ তালিকা দিবলৈ গুৱাহাটীৰ জামাতৰ মুখ্যকাৰ্যালয়ক নিৰ্দেশ

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ভাৰতত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ভয়ংকৰ ৰূপত বৃদ্ধিৰ অন্যতম প্ৰধান কাৰণ হৈ পৰিল দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত তবলিগী জামাতীৰ ধৰ্মানুষ্ঠান । এই অনুষ্ঠানত অংশ লোৱা সহস্ৰাধিক লোকৰ পৰাই দেশৰ বিভিন্ন ৰাজ্যলৈ ক’ৰোনা ভাইৰাছ বিয়পি পৰাৰ পাছতে তৎপৰ হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ।

নিজামুদ্দিন মাৰ্কাজৰ অনুষ্ঠানটোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ লাখটকীয়াস্থিত তবলীগি জামাতৰ মুখ্যকাৰ্যালয়ৰ নেতৃবৰ্গৰ সৈতে শনিবাৰে আলোচনাত মিলিত হৈ দিল্লীৰ মাৰ্কাজ ভ্ৰমণ কৰা লোকসকলৰ তালিকা সদৰি কৰিবলৈ অনুৰোধ জনাই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে- ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ অভিযান ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত তালিকাখন পোৱাটো অতি প্ৰয়োজনীয় ৷

You might also like