নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ ডিচেম্বৰত ৰূপকোঁৱৰৰ ‘জোনাকী চিনেমা’ৰ আধাৰশিলা মুখ্যমন্ত্রীৰ

তেজপুৰত যতীন বৰাৰ ঘোষণাঃ পুনৰ প্রাণ পাব ৰাজ্যৰ প্রথমটো চলচ্চিত্রগৃহই

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই ১৯৩৭ চনতেই তেজপুৰত নির্মাণ কৰা অসমৰ প্রথমটো চিত্রগৃহ ‘জোনাকী চিনেমা’ পুনৰ নির্মাণৰ পথ প্রশস্ত হৈ পৰিল ৷ ৰাজ্যখনত সম্প্রতি বন্ধ হৈ থকা চলচ্চিত্র গৃহসমূহ পুনৰ নির্মাণৰ লগতে নতুন চলচ্চিত্র গৃহ নির্মাণ কৰাৰ বাবে অসম চৰকাৰে গ্রহণ কৰা এক অভিলাষী আঁচনিৰ অধীনত জোনাকী চিনেমা পুনৰ মেৰামতিৰে নির্মাণ কৰা হ’ব ৷ অহা ৯ ডিচেম্বৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকি জোনাকী চিত্রগৃহ পুনৰ নির্মাণ কামৰ আধাৰশিলা স্থাপন কৰিব ৷ উল্লেখ্য যে মঙলবাৰে বিয়লি তেজপুৰৰ আৱর্ত ভৱনত অনুষ্ঠিত এক সভাত অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ, অভিনেতা যতীন বৰাই এই কথা সদৰী কৰে ৷ তেজপুৰৰ চলচ্চিত্র জগতখনৰ লগত জড়িত প্রত্যেকগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে সাংস্কৃতিক ক্ষেত্র আৰু বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত ব্যক্তিসকলৰ উপস্থিতিত শোণিতপুৰৰ উপায়ুক্ত মানবেন্দ্র প্রতাপ সিঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ আৰম্ভণিতেই উপায়ুক্তগৰাকীয়ে চৰকাৰৰ এই অভিলাষী আঁচনিৰ কথা সদৰী কৰি তেজপুৰতেই প্রথম এই কার্যসূচী মুখ্যমন্ত্রীগৰাকীয়ে শুভাৰম্ভ কৰিবলগা আৰু ৰাইজৰ সহযোগিতা কামনাৰে বক্তব্য আগবঢ়ায় ৷ ইয়াৰ পিছতেই অধ্যক্ষ যতীন বৰাই সমগ্র আঁচনিখনৰ কথা সদৰী কৰি উপস্থিত ব্যক্তিসকলৰ সন্মুখত উত্থাপন কৰে যে প্রথম পর্যায়ত এই আঁচনিৰ অধীনত ৰাজ্যখনৰ বিভিন্ন প্রান্তত পাঁচটাকৈ পুৰণা চলচ্চিত্র গৃহ পুনৰ নির্মাণ কৰাৰ লগতে চাৰিটাকৈ নতুন চলচ্চিত্র গৃহ নির্মাণ আৰু এটা বন্ধ হৈ থকা চলচ্চিত্র গৃহ মুকলি কৰাৰ আঁচনি গ্রহণ কৰা হৈছে ৷ আনহাতে বিভাগীয় অভিযন্তাগৰাকীয়ে তেজপুৰৰ জোনাকী চিনেমাৰ পুনৰ নির্মাণৰ যাৱতীয় তথ্য সদৰী কৰি এই পুনৰ নির্মাণৰ বাবে বর্তমানে চৰকাৰে ৬২ লাখ টকা আবণ্টন দিছে আৰু এই ৬২ লাখ টকাৰেই কাম ৯ ডিচেম্বৰত মুখ্যমন্ত্রীয়ে আধাৰশিলা স্থাপন কৰাৰ পিছৰে পৰা আৰম্ভ কৰিব বুলি জানিবলৈ দি এই নির্মাণত চলচ্চিত্র গৃহটিৰ ঐতিহ্য সম্পূর্ণৰূপে ৰক্ষা কৰিবলৈ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷ সভাত বিশিষ্ট অভিনেতা অৰুণ নাথ, তেজপুৰ সাহিত্য সভাৰ প্রাক্তন সভাপতি হেমন্ত কুমাৰ বৰুৱা, এমড্রনৰ উপাধ্যক্ষ ঋতুবৰণ শর্মা, বিশিষ্ট অভিনেত্রী ডাঃ জাহানাৰা বেগম, চলচ্চিত্র নির্মাতা তথা প্রাক্তন ছাত্র নেতা শান্তনু মহন্ত, কণ্ঠশিল্পী পংকজ বৰদলৈ, বাণ থিয়েটাৰৰ সভাপতি বংকিম শর্মা, নৃত্যশিল্পী ৰুবী বৰা বৰদলৈ আদিয়ে চৰকাৰৰ এই পদক্ষেপৰ প্রতি শুভেচ্ছা জ্ঞাপন কৰি কেতবোৰ পৰামর্শ আগবঢ়ায় ৷

You might also like