নিয়মীয়া বাৰ্তা - নিয়মীয়া বাৰ্তা

ব্যৰ্থতা অব্যাহত দক্ষিণ আফ্ৰিকাৰ, টি-২০ বিশ্বকাপৰ ফাইনেলত ইংলেণ্ড
২০২৬ চনৰ মহিলা টি-২০ বিশ্বকাপৰ দ্বিতীয় ছেমিফাইনেলত ইংলেণ্ডৰ হাতত ৪০ ৰানত পৰাজিত হৈ পুনৰ মুকুট জয়ৰ সপোন ভংগ হ’ল দক্ষিণ আফ্ৰিকাৰ। লণ্ডনৰ কেনিংটন অভেলত অনুষ্ঠিত মেচখনত জয়লাভ কৰি ইংলেণ্ডে ফাইনেলত প্ৰৱেশ কৰে।

এই পৰাজয়ৰ সৈতে দক্ষিণ আফ্ৰিকাই বিশ্বকাপৰ নকআউট পৰ্যায়ত ১১বাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হ’ল। ১৯৯৭ চনৰ প্ৰথম মহিলা এদিনীয়া বিশ্বকাপৰ পৰা আৰম্ভ কৰি ২০২৬ চনলৈকে এদিনীয়া আৰু টি-২০ বিশ্বকাপ মিলাই দলটোৱে ১১বাৰ নকআউট পৰ্যায়ত উপনীত হ’ল যদিও এবাৰো বিশ্বকাপ জয় কৰিব নোৱাৰিলে। ইয়াৰ বাবেই ক্ৰিকেট বিশ্বত দক্ষিণ আফ্ৰিকাক পুনৰ ‘চ’কাৰ্ছ’ আখ্যা দিয়া হৈছে।

নকআউট পৰ্যায়ত দক্ষিণ আফ্ৰিকাৰ পৰাজয়ৰ ইতিহাস

১৯৯৭ – এদিনীয়া বিশ্বকাপ, কোৱাৰ্টাৰ ফাইনেল

২০০৭ – এদিনীয়া বিশ্বকাপ, ছেমিফাইনেল

২০১৪ – টি-২০ বিশ্বকাপ, ছেমিফাইনেল

২০১৭ – এদিনীয়া বিশ্বকাপ, ছেমিফাইনেল

২০২০ – টি-২০ বিশ্বকাপ, ছেমিফাইনেল

২০২২ – এদিনীয়া বিশ্বকাপ, ছেমিফাইনেল

২০২৩ – টি-২০ বিশ্বকাপ, ফাইনেল

২০২৪ – টি-২০ বিশ্বকাপ, ফাইনেল

২০২৫ – অনূৰ্ধ্ব-১৯ বিশ্বকাপ, ফাইনেল

২০২৫ – এদিনীয়া বিশ্বকাপ, ফাইনেল

২০২৬ – টি-২০ বিশ্বকাপ, ছেমিফাইনেল

উল্লেখ্য যে টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰি ইংলেণ্ডে ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৬৯ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ অধিনায়িকা নেট স্কিভাৰ-ব্ৰান্টে ৪৭ বলত ১১টা চাৰি আৰু ১টা ছয়ৰ সহায়ত ৭৫ ৰান সংগ্ৰহ কৰে। আনহাতে হিদাৰ নাইটে ৪৭ বলত ৬টা চাৰি আৰু ১টা ছয়েৰে ৫৮ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে।

ইফালে ১৭০ ৰানৰ লক্ষ্য খেদি নামি দক্ষিণ আফ্ৰিকাই ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১২৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। তাজমিন ব্ৰিটছে ৪৫ বলত ৬টা চাৰিৰ সহায়ত ৫১ ৰান কৰি সৰ্বাধিক ৰান সংগ্ৰহ কৰিলেও দলক জয়ৰ দিশে আগুৱাই নিব নোৱাৰিলে। ইংলেণ্ডৰ হৈ ল’ৰেন বেল আৰু শাৰ্লট ডিনে ২টাকৈ উইকেট দখল কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এই জয়ৰ ফলত ইংলেণ্ডে মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত স্থান নিশ্চিত কৰিলে।

ডিজিটেল ডেস্ক, ৩ জুলাই

The post ব্যৰ্থতা অব্যাহত দক্ষিণ আফ্ৰিকাৰ, টি-২০ বিশ্বকাপৰ ফাইনেলত ইংলেণ্ড first appeared on নিয়মীয়া বাৰ্তা.

ভয়ানক পথ দুৰ্ঘটনাত গেছভৰ্তি এলপিজি টেংকাৰ বিস্ফোৰণ, নিহত ৫
ডিজিটেল ডেস্ক, ৩ জুলাই : উত্তৰ প্ৰদেশৰ কৌশাম্বী জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই এখন এলপিজি টেংকাৰে ৰাজপথৰ টোল প্লাজাৰ ডিভাইডাৰত খুন্দা মৰাৰ লগে লগে প্ৰচণ্ড বিস্ফোৰণ ঘটে। মুহূৰ্ততে টেংকাৰখন, টোল প্লাজা আৰু কাষৰীয়া বিস্তীৰ্ণ এলেকা জুইৰ কবলত পৰে। এই ঘটনাত ৫জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়। দুৰ্ঘটনাৰ এক ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভয়ানক এই দুৰ্ঘটনাটো ২৬ জুনত সংঘটিত হৈছিল যদিও শেহতীয়াকৈ ঘটনাটোৰ চি চি টিভি ফুটেজ পোহৰলৈ আহিছে। ফুটেজত টেংকাৰখন তীব্ৰগতিত আহি ডিভাইডাৰত খুন্দা মৰাৰ পিছতেই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱা দৃশ্য ধৰা পৰিছে। ভাইৰেল হোৱা ২৪ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা যায় যে এলপিজি টেংকাৰখন টোল প্লাজাৰ দিশে আগবাঢ়ি আহি একেবাৰে ওচৰ পাওঁতেই চালকে নিয়ন্ত্ৰণ হেৰুৱায়। তাৰ পিছতেই প্ৰচণ্ড সংঘৰ্ষৰ লগে লগে এক ভয়ংকৰ বিস্ফোৰণ ঘটে। বিস্ফোৰণৰ ফলত টেংকাৰৰ গেছ চাৰিওফালে বিয়পি পৰাত জুই বহু দূৰলৈকে বিয়পি যায়। জানিব পৰা মতে, টেংকাৰখন কানপুৰৰ পৰা প্ৰতাপগড়লৈ গৈ আছিল।

খবৰ পোৱাৰ লগে লগে পুলিচ আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে বহু চেষ্টা চলাই জুই নিয়ন্ত্ৰণলৈ আনে। এই দুৰ্ঘটনাত ৪০ বছৰীয়া টেংকাৰ চালক ধৰ্মেন্দ্ৰ ডুবে আৰু টোল প্লাজাৰ কৰ্মচাৰী অলোক সিঙৰ ঘটনাস্থলীতে মৃত্যু হয়। তেওঁলোক জুইত সম্পূৰ্ণৰূপে দগ্ধ হয়। ইয়াৰ উপৰি টোল প্লাজাৰ আন কেইবাজনো কৰ্মচাৰী গুৰুতৰভাৱে দগ্ধ হয়। সংকটজনক অৱস্থাত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাধীন অৱস্থাত তেওঁলোকৰ মাজৰ আন তিনিজনৰো মৃত্যু হয়। দুৰ্ঘটনাত টোল প্লাজাৰ কাষত থকা ১৬খন মটৰচাইকেল আৰু দুখন গাড়ী সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যায়। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

The post ভয়ানক পথ দুৰ্ঘটনাত গেছভৰ্তি এলপিজি টেংকাৰ বিস্ফোৰণ, নিহত ৫ first appeared on নিয়মীয়া বাৰ্তা.

পুনে হত্যাকাণ্ড : সংবাদ মাধ্যমক অশালীন ইংগিত ছিয়া গোৱেলৰ
পুনেৰ ৰিয়েল ইষ্টেট ব্যৱসায়ী কেতন আগৰৱাল হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত ছিয়া গোৱেল আৰু তেওঁৰ প্ৰেমিক চেতন চৌধুৰী বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। তদন্তৰ অংশ হিচাপে আৰক্ষীয়ে দুয়োজনক একাধিক স্থানলৈ লৈ গৈ ঘটনাৰ পুনৰ নিৰ্মাণ (Crime Scene Reconstruction) কৰিছে।

আৰোপ অনুসৰি, ২ জুলাইত পুনে গ্ৰাম্য আৰক্ষীয়ে ছিয়া গোৱেলক তেওঁৰ মাৰ্কেট য়াৰ্ডস্থিত বাসগৃহৰ পৰা বাহিৰলৈ উলিয়াই অনাৰ সময়ত সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত তেওঁ অশালীন ইংগিত প্ৰদৰ্শন কৰিছিল। এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হোৱাৰ পিছত বহুতে ইয়াৰ তীব্ৰ সমালোচনা কৰিছে।

ইয়াৰ মাজতে ছিয়াৰ আন এটা পুৰণি ভিডিঅ’ও সামাজিক মাধ্যমত ভাইৰেল হৈছে। নাইট ক্লাবত ৰেকৰ্ড কৰা বুলি কোৱা সেই ভিডিঅ’ত ছিয়াক বীয়েৰৰ বটলসদৃশ বস্তু হাতত লৈ ফোনত কাৰোবাৰ সৈতে উত্তেজিতভাৱে কথা কোৱা আৰু অশালীন ভাষা ব্যৱহাৰ কৰা দেখা যায়।

তদন্তকাৰী আৰক্ষীৰ তথ্য অনুসৰি, ছিয়া গোৱেল আৰু চেতন চৌধুৰীয়ে লোহাগড় দুৰ্গৰ ওপৰৰ পৰা কেতন আগৰৱালক ঠেলি পেলোৱাৰ পৰিকল্পনা আগতেই অনুশীলন কৰিছিল। আৰক্ষীয়ে বৃহস্পতিবাৰে ছিয়াক পুনেৰ ওচৰৰ সেই স্থানলৈ লৈ যায়, য’ত তেওঁলোকে হত্যাৰ কৌশলৰ অনুশীলন কৰা বুলি অভিযোগ আছে। ছিয়াই সেই স্থান চিনাক্ত কৰি দিয়া বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইয়াৰ উপৰি আৰক্ষীয়ে ছিয়াৰ বাসগৃহৰ পৰা ঘটনাৰ দিনা পৰিধান কৰা বুলি সন্দেহ কৰা কাপোৰ উদ্ধাৰ কৰিছে।

উল্লেখ্য যে ১৮ জুনত লোহাগড় দুৰ্গত কেতন আগৰৱালক পাহাৰৰ পৰা ঠেলি পেলাই হত্যা কৰা হৈছিল বুলি অভিযোগ। তদন্তত প্ৰকাশ পোৱা মতে, ২০২৫ চনৰ অক্টোবৰ মাহৰ পৰা ছিয়া গোৱেল আৰু চেতন চৌধুৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। তথাপিও ছিয়াই ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত কেতন আগৰৱালৰ সৈতে বাগদান সম্পন্ন কৰিছিল আৰু অহা নৱেম্বৰ মাহত তেওঁলোকৰ বিয়া অনুষ্ঠিত হোৱাৰ কথা আছিল।

আৰক্ষীয়ে এতিয়া এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সকলো দিশৰ ওপৰত বিস্তৃত তদন্ত অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক, ৩ জুলাই

The post পুনে হত্যাকাণ্ড : সংবাদ মাধ্যমক অশালীন ইংগিত ছিয়া গোৱেলৰ first appeared on নিয়মীয়া বাৰ্তা.

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ অখিলৰ বিস্ফোৰণ, সংকটত কংগ্ৰেছ
নগাঁও লোকসভা সমষ্টিৰ সম্ভাব্য উপ-নিৰ্বাচনক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। তেওঁ স্পষ্টকৈ কয় যে, এই মুহূৰ্তত নগাঁও লোকসভাৰ উপ-নিৰ্বাচনত কংগ্ৰেছক সহায় কৰাৰ কোনো ইচ্ছা ৰাইজৰ দলৰ নাই।

অখিল গগৈৰ মতে, “নগাঁও লোকসভাত কংগ্ৰেছক জিকাই একো লাভ নাই। জয়ী হোৱাৰ পিছত দুদিনমান কংগ্ৰেছত থাকি আকৌ বিজেপিলৈ গুচি যাব। জয়ী কৰাই দিলেও একো বিশেষ লাভ নহয়।”

তেওঁ লগতে কয় যে দিল্লীত গৈ জনসাধাৰণৰ স্বাৰ্থত দৃঢ়ভাৱে কথা ক’ব পৰা নেতৃত্বৰ অভাৱ আছে। “প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে দিল্লীত গৈ কি কৰিলে, সেয়া ৰাইজে দেখিছে,” বুলিও মন্তব্য কৰে অখিল গগৈয়ে।

তেওঁ জানিবলৈ দিয়ে যে নগাঁও লোকসভা সমষ্টিক লৈ ৰাইজৰ দলৰ চূড়ান্ত সিদ্ধান্ত কাইলৈ অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা হ’ব। দলৰ এটা অংশই অৱশ্যে সমষ্টিটোত ৰাইজৰ দলে নিজাকৈ প্ৰাৰ্থী প্ৰদান কৰাৰ পোষকতা কৰিছে বুলিও তেওঁ উল্লেখ কৰে।

ইয়াৰ সমান্তৰালভাৱে অখিল গগৈয়ে অসমৰ সকলো আঞ্চলিক ৰাজনৈতিক শক্তিক একত্ৰিত হোৱাৰ আহ্বান জনায়। তেওঁৰ মতে, “অসমত আঞ্চলিক শক্তিসমূহ ভাগ-ভাগ হৈ থাকিলে লাভ নাই। এতিয়া সকলো আঞ্চলিক দল একেখন মঞ্চত আহি একত্ৰিত হ’ব লাগে।”

তেওঁ এই সম্ভাৱ্য মঞ্চত অসম গণ পৰিষদ (অগপ), BPF-কে ধৰি সকলো আঞ্চলিক দলক যোগদান কৰাৰ আহ্বান জনায়। লগতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকো কেইবাবাৰ আহ্বান জনোৱা হৈছে যদিও এতিয়ালৈকে কোনো সঁহাৰি পোৱা হোৱা নাই বুলি তেওঁ কয়।

অখিল গগৈয়ে আৰু কয়, “প্ৰয়োজন হ’লে মই নিজেই নিৰ্বাচন নেখেলোঁ। লুৰিণজ্যোতি গগৈক সভাপতিৰ দায়িত্ব দিওঁ, মই কেৱল এজন সাধাৰণ সদস্য হিচাপেই থাকিম। কিন্তু অসমৰ আঞ্চলিক শক্তিৰ ঐক্য এতিয়া সময়ৰ দাবী।”

ডিজিটেল ডেস্ক, ৩ জুলাই

The post নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ অখিলৰ বিস্ফোৰণ, সংকটত কংগ্ৰেছ first appeared on নিয়মীয়া বাৰ্তা.

লখিমপুৰত ‘ককাদেউতা নাতি আৰু হাতী-২’ৰ মুক্তিৰ দিনাই দৰ্শকৰ লক্ষণীয় সঁহাৰি
বিশেষ বাৰ্তা, লখিমপুৰ, ৩ জুলাই : আজি ৰাজ্যজুৰি ছবিগৃহত মুক্তি লাভ কৰে অসমীয়া কথাছবি ‘ককাদেউতা নাতি আৰু হাতী-২’। লখিমপুৰত মুক্তিৰ প্ৰথম দিনটোতে ছবিগৃহত দৰ্শকে ভিৰ কৰে। তিনিটা ছবিগৃহত তিনিটাকৈ দৰ্শনীৰে চলা ছবিখন উপভোগ কৰি দৰ্শকে ক’লে- ছবিখন চাই মজা লাগিল।

উল্লেখ্য যে আজি মুক্তি লাভ কৰা ‘ককাদেউতা নাতি আৰু হাতী-২’ ছবিখনে আজি প্ৰথম দিনটোতে ছবিগৃহলৈ দৰ্শকক আনিবলৈ সক্ষম হয়। লখিমপুৰৰ গল্ডত ২, ৫ আৰু ৮ বজাত, বিশ্ব টকীজত ১১.১৫, ৫.১৫ আৰু ৮.১৫ বজাত আৰু নক্ষত্র চিনেমাত ১১.১৫, ৫.১৫ আৰু ৭.৫০ বজাত তিনিটাকৈ দৰ্শনীৰে ছবিখন চলিছে। আটাইকেইটা ছবিগৃহতে আজি দৰ্শকৰ সঁহাৰি আছিল সন্তোষজনক।

উল্লেখ্য যে আজি মুক্তি লাভ কৰা ‘ককাদেউতা নাতি আৰু হাতী-২’ ছবিখনে ন-পুৰণি সকলো দৰ্শককে আকৰ্ষণ কৰিছে। ছবিখন চাই পৰম সন্তোষেৰে ওলাই অহা নৱপ্ৰজন্মৰ একাংশই অনুভৱ প্ৰকাশ কৰি কয়- সকলোৰে অভিনয় ভাল লাগিছে। গীতকেইটাও সুন্দৰ হৈছে। মজা লাগিল চাই।

এজন জ্যেষ্ঠ দৰ্শকে কয়- বহুত ধুনীয়া চিনেমা এইখন। কাহিনীও সুন্দৰ। বিগিনিঙৰ পৰা এণ্ডিঙলৈ পুৰা এন্টাৰটেইনমেন্ট। সকলোকে ছবিখন চাবলৈ অনুৰোধ জনালোঁ।

প্ৰথমটো দিনতে দৰ্শকৰ এনে সঁহাৰি আৰু সন্তুষ্টিয়ে পৰৱৰ্তী সময়তো যে ছবিগৃহলৈ দৰ্শকৰ সোঁত বৈ থাকিব, তাৰেই সম্ভাৱনা প্ৰকট কৰিছে।

The post লখিমপুৰত ‘ককাদেউতা নাতি আৰু হাতী-২’ৰ মুক্তিৰ দিনাই দৰ্শকৰ লক্ষণীয় সঁহাৰি first appeared on নিয়মীয়া বাৰ্তা.

তামুলপুৰত শোকাৱহ ঘটনা, পথাৰত ভূঁই ৰুই থাকোঁতে ৰোৱনীৰ প্ৰাণহানি
ডিজিটেল ডেস্ক, ৩ জুলাই: তামুলপুৰৰ ঝাৰগাঁৱত শুকুৰবাৰে পুৱাৰ ভাগত সংঘটিত এক শোকাৱহ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। কৃষিভূমিত ভূঁই ৰুই থকা অৱস্থাত বজ্ৰপাতত এগৰাকী ৰোৱনীৰ মৃত্যু হয়।

নিহত মহিলাগৰাকী বৰলকুছি গাঁৱৰ মিনতি ব্ৰহ্ম (৪৮) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, পুৱাৰ ভাগত নিজৰ ঘৰৰ পৰা নাতিদূৰৈত থকা কৃষিভূমিত আন কেইবাগৰাকী মহিলাৰ সৈতে ভূঁই ৰুই থকাৰ সময়তে হঠাতে বজ্ৰপাত হয়।

এই ঘটনাত মিনতি ব্ৰহ্মই ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। আনহাতে, তেওঁৰ সৈতে থকা আন কেইবাগৰাকী ৰোৱনীৰ কথমপি প্ৰাণৰক্ষা পৰে যদিও তেওঁলোক আতংকিত হৈ পৰে। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

The post তামুলপুৰত শোকাৱহ ঘটনা, পথাৰত ভূঁই ৰুই থাকোঁতে ৰোৱনীৰ প্ৰাণহানি first appeared on নিয়মীয়া বাৰ্তা.

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা
​অসম চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ-২০২৫ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত লেখক তথা বৌদ্ধিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলক সামৰি আয়োজন কৰা অভিলাষী প্ৰকল্প ‘গ্ৰন্থবৰ্ষ-২০২৫ ফেল’শ্বিপ’ প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে। বিশিষ্ট লেখক, অভিধান প্ৰণেতা, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ অধ্যক্ষতাত গঠিত দহজনীয়া সমিতিয়ে দীৰ্ঘদিনীয়া বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে ফেল’শ্বিপ প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে। অসম প্ৰকাশন পৰিষদে অসমীয়া, বাংলা আৰু বড়ো ভাষাৰ লগতে অসমৰ জনগোষ্ঠীয় ভাষাৰ গ্ৰন্থকাৰসকলৰ বাবে মুঠ বাইশটা বিষয় ধাৰ্য কৰি লেখকসকলৰ পৰা আহ্বান কৰা পাণ্ডুলিপিসমূহৰ পৰা বিচাৰকসকলে এই তালিকা নিৰ্বাচিত কৰে।

​বিভিন্ন বিষয়ৰ ফেল’শ্বিপৰ বাবে ৫১২গৰাকী লেখকৰ পৰা মুঠ ৫৪৭টা পাণ্ডুলিপিৰ পৰা ৪৯গৰাকী লেখকৰ পাণ্ডুলিপি নিৰ্বাচন কৰে। ভাষা অনুযায়ী ​ফেল’শ্বিপ প্ৰাপকসকলৰ নাম আৰু পাণ্ডুলিপিৰ শিৰোনাম যথাক্ৰমে-

​অসমীয়া ভাষা:

​প্ৰকল্প ৰঞ্জন ভাগৱতী : কথা কোৱা ঘোঁৰা ​তুতুল মানৱ: মনৰ জগত, ​নাং অজন্তা বুঢ়াগোহাঞি: অসমৰ সাতোটা টাই জনগোষ্ঠী, ​নৱজ্যোতি পাঠক : সভা : অবিভক্ত কামৰূপৰ অনন্য সামাজিক ঐতিহ্য, ​ৰংমন ৰংদৈ (ৰমেশ বৰুৱা): তোমালোক নিৰোগী হোৱা, ​শাংকব কৌশিক বৰুৱা : ‘ৰিবেল চন অব্‌ কংগ্ৰেছ’ : হৰেশ্বৰ গোস্বামী, ​বিদ্যুৎ বৰুৱা : বাঙ্ময় প্ৰাচীৰ, ​বিনয় মোহন শইকীয়া : বৈষ্ণৱ, শৈৱ আৰু গৌণ ধৰ্মমতসমূহ (অনুবাদ), ​ববিতা ফুকন : কাজিৰঙাৰ দুৰন্ত প্ৰেমিক ডাঃ ৰবীন বেনাৰ্জী, ​সত্যব্ৰত বৰা: মহাকাশৰ সীমনা বিচাৰি, ​অপৰাজিতা পূজাৰী: দেৱীমাতৃকা কামাখ্যা (অনুবাদ), ​শশীধৰ দেউৰী: দেউৰী জাতিৰ সংস্কৃতি, ​নকুল কুৰ্মী: ভাৰতৰ স্বাধীনতা আন্দোলনত চাহ জনগোষ্ঠীৰ অৱদান, ​ড॰ ৰুমী নাথ: ডালু জনগোষ্ঠী, ​অতুল মজুমদাৰ: বিবৰ্তিত নাট্য ইতিহাসৰ আলোকত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ, ​সঞ্জীৱ সভাপণ্ডিত: ভূমিৰ পৰা ভূমালৈ, ​চয়নিকা দত্ত: সাহিত্য আৰু প্ৰযুক্তি, ​প্ৰীতিৰেখা ভূঞা: স্বপ্নবাসৱদত্তা (অনুবাদ) , ​ড॰ ভূপেন্দ্ৰ ৰায়চৌধুৰী: ভাৰতীয় সংস্কৃতিৰ দিগদৰ্শন, ​নীলিমা গোস্বামী শৰ্মা: আনন্দৰাম ঢেকিয়াল ফুকন, ​ৰাজীৱ শৰ্মা: অসমীয়া ব্ৰাহ্মণৰ ইতিবৃত্ত, ​ৰমানন্দন বৰা: হিন্দু ধৰ্মৰ প্ৰতীক : আধুনিক বিচাৰ,​ জিন্তু গীতাৰ্থ: ডিমাছা লোকগাথা, সমাজ, সংস্কৃতি, ​পুলিন কলিতা: আমবাৰীৰ ঐতিহ্য, ​ড॰ গজেন্দ্ৰ অধিকাৰী: শিলালিপি আৰু তাম্ৰফলিত পুৰণি কামৰূপ, ​দীপক কুমাৰ কলিতা: ভাৰতৰত্ন সত্যজিৎ ৰায়, ​নিভা শইকীয়া: প্ৰাচ্যবিদ্যাৰ্ণৱ কৃষ্ণকান্ত সন্দিকৈ, ​ড॰ মৃদুস্মিতা ফুকন: সমকালীন অসমৰ প্ৰেক্ষাপটত লোকবন্ধু ডাঃ ভুৱনেশ্বৰ বৰুৱা, ​যতীন মৰাণ: মৰাণ জনগোষ্ঠীৰ সমাজ আৰু সংস্কৃতি, ​ড॰ অনুশ্ৰী শৰ্মা বৰুৱা: বেলটৰ মাজৰ প্ৰেম (অনুবাদ), ​হৰিবন্ধু বিশ্বাস: নমঃ শূদ্ৰ সম্প্ৰদায়ৰ লোকসংস্কৃতি, ​গীতিমালিকা নেওগ: জননেতা বিষ্ণুৰাম মেধি, ​সুবোধমল্ল বৰুৱা: অসমৰ ফুটবল, ​ব্ৰজেন্দ্ৰ দেৱ মোহন শৰ্মা: অসমৰ পখিলা, ​ড॰ নৱ কুমাৰ চমুৱা: ইকক্ৰিটিছিজম, ​বন্দিতা গোস্বামী শৰ্মা: বেজবৰুৱাৰ জোনাকী আৰু জোৰাসাঁকোকালীন জীৱন, ​মোহন লাগাচু: মানৱ জাতিৰ পিতৃ আবুতানি, ​ড॰ যাদৱ চন্দ্ৰ কলিতা: ভাৰতীয় ঐতিহ্যত পাৰিপাশ্বিৰ্ক মূল্যবোধৰ চেতনা, ​ইপ্সিতা কন্দলি শৰ্মা: নাৰী সৱলীকৰণ।

​বাংলা ভাষা

​দেবযানী চৌধুৰী: বৰাক উপত্যকাৰ ঐতিহ্যেৰ ইতিকথা, ​সুদেষ্ণা চন্দ: ফেলে আসা দিনগুলি (মূল অসমিয়া– নলিনীবালা দেবী), ​শিশিৰ সেনগুপ্ত: স্বাধীনতা সংগ্ৰামে অসমেৰ বীৰ-বীৰাঙ্গনা, ​শাশ্বতী ঘোষ দস্তিদাৰ: দন্দুয়া দ্ৰোহ (মূল অসমিয়া– ৰজনীকান্ত বৰদলৈ), ​নিবেদিতা চক্ৰৱৰ্তী: ৰাজমোহন নাথেৰ ৰঙ্গৰসেৰ গল্প (মূল– পীতাম্বৰ ৰাজমেধি), ​নিকিতা সাহা: পুৰনো কামৰূপেৰ ধৰ্মেৰ ধাৰা (মূল অসমিয়া– ড॰ বাণীকান্ত কাকতি), ​শ্যামাশ্যাম কৃষ্ণপূজাৰি চট্টোপাধ্যায়: চমস্কীয় ব্যাকৰণঃ তত্ত্ব ও বিশ্লেষণ

বড়ো ভাষা

​ৰিপেন বড়ো: বনফুল(অনুবাদ), ​সুশান্ত নাৰলা মুছাহাৰী: বাথৌ ধৰ্ম আৰু খেৰাই উৎসৱ, ​পদুলাল ৰামচিয়াৰী: AIৰে মহাসাগৰ পৰিভ্ৰমণ।

উল্লেখ্য যে ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ লাভ কৰা লেখকসকলে ৫০ হাজাৰ টকাৰ লগতে একোখন প্ৰমাণ পত্ৰ লাভ কৰিব। ​এই ফেল’শ্বিপৰ নিৰ্বাচনৰ বাবে ​সুমন্ত চলিহাক অধ্যক্ষ আৰু অনুৰাধা শৰ্মা পূজাৰী, ​ড॰ সত্যকাম বৰঠাকুৰ, ​ড॰ ছাইদুল ইছলাম, ​ড॰ অদিতি বেজবৰুৱা, ​কামেশ্বৰ বড়ো, ​ড॰ প্ৰশান্ত চক্ৰৱৰ্তী, ​ড॰ বিভা ভড়ালী, ​ড॰ লিপিকা তালুকদাৰ আৰু ​অচ্যুৎ কুমাৰ পাটোৱাৰীক সদস্য হিচাপে লৈ নিৰ্বাচক সমিতিখন গঠন কৰা হৈছিল।

ডিজিটেল ডেস্ক, ৩ জুলাই

The post অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা first appeared on নিয়মীয়া বাৰ্তা.

পাকিস্তানত ভয়াৱহ দুৰ্ঘটনাত ৪০জন যাত্ৰীৰ মৃত্যু, আহত আঠজন
ডিজিটেল ডেস্ক, ৩ জুলাই : পাকিস্তানৰ দক্ষিণ-পশ্চিমাঞ্চলত শুকুৰবাৰে সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত ৪০জন লোকৰ মৃত্যু হোৱাৰ লগতে আঠজন আহত হৈছে। তীব্ৰ বেগেৰে আৰু ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িয়াই নিয়া এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই গভীৰ খাৱৈত বাগৰি পৰে। শেহতীয়া বছৰসমূহৰ ভিতৰত এইটো পাকিস্তানৰ অন্যতম ভয়াৱহ পথ দুৰ্ঘটনা হিচাপে গণ্য কৰা হৈছে।

এই দুৰ্ঘটনা দানা ছৰ অঞ্চলত সংঘটিত হয়। এই অঞ্চলটো বেলুচিস্তান আৰু খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ সীমান্তৰ ওচৰৰ এক দুৰ্গম এলেকা। বাছখনৰ তীব্ৰ বেগৰ বাবে চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ পিছত বাছখন পোনে পোনে গভীৰ খাৱৈত বাগৰি পৰে।

উল্লেখ্য যে আন এখন যান্ত্ৰিক বিজুতিৰ ফলত বেয়া হোৱা বাছৰ যাত্ৰীসকলে দুৰ্ঘটনাগ্ৰস্ত বাছখনত যাত্ৰা কৰিছিল। ফলত বাছখনত ক্ষমতাতকৈ অধিক যাত্ৰীয়ে যাত্ৰা কৰিছিল। প্ৰশাসনে বৰ্তমান নিহতসকলৰ পৰিচয় নিশ্চিত কৰাৰ কামত ব্যস্ত আছে।

পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰীয়ে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰি নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। লগতে তেওঁ আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক তেওঁলোকক সৰ্বোত্তম চিকিৎসা সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।

The post পাকিস্তানত ভয়াৱহ দুৰ্ঘটনাত ৪০জন যাত্ৰীৰ মৃত্যু, আহত আঠজন first appeared on নিয়মীয়া বাৰ্তা.

সোনমলৈ সকাহ : জামিনত স্থগিতাদেশ নিদিলে ছুপ্ৰিম ক’ৰ্টে
ৰাজা ৰঘুবংশী হত্যা গোচৰৰ মুখ্য অভিযুক্ত সোনম ৰঘুবংশীক দিয়া জামিনৰ ওপৰত তৎক্ষণাত স্থগিতাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। গোচৰটোৰ পৰৱৰ্তী শুনানি ১০ জুলাইত অনুষ্ঠিত হ’ব।

মেঘালয় চৰকাৰে মেঘালয় উচ্চ ন্যায়ালয়ৰ সেই ৰায়ক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল, য’ত সোনম ৰঘুবংশীক প্ৰদান কৰা জামিন বাহাল ৰখা হৈছিল। উল্লেখ্য, ২০২৫ চনৰ মে’ মাহত স্বামী ৰাজা ৰঘুবংশীৰ হানীমুনৰ সময়ত সংঘটিত হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত সোনম।

শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত কয় যে সোনমে নিজৰ লগত থকা আন তিনিজন সহযোগীৰ সৈতে মিলি ৰাজা ৰঘুবংশীৰ ওপৰত আক্ৰমণ চলাই হত্যা কৰিছিল আৰু পিছত মৃতদেহ গভীৰ খাদত পেলাই দিয়ে। ঘটনাৰ পিছত তেওঁ পলায়ন কৰিছিল আৰু পিছত উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।

আৰোপপত্ৰৰ উল্লেখ কৰি তুষাৰ মেহতাই কয় যে নিম্ন আদালত আৰু বিচাৰ আদালতে সোনমৰ বিৰুদ্ধে প্ৰথম দৃষ্টিতেই (prima facie) শক্তিশালী প্ৰমাণ পোৱাৰ লগতে তেওঁৰ জামিন আবেদন তিনিবাৰ নাকচ কৰিছিল। লগতে তেওঁ পলায়ন কৰিব পাৰে, সাক্ষীক প্ৰভাৱিত বা ভাবুকি দিব পাৰে আৰু প্ৰমাণ নষ্ট কৰাৰ আশংকাও ব্যক্ত কৰিছিল।

তেওঁ আদালতত এইটোও যুক্তি দাঙি ধৰে যে গ্ৰেপ্তাৰৰ সময়ত অভিযুক্তক গ্ৰেপ্তাৰৰ সকলো কাৰণ সম্পূৰ্ণভাৱে অৱগত নকৰাৰ অভিযোগ আৰু এটা আইনী ধাৰাৰ নম্বৰ টাইপ কৰাত হোৱা সামান্য ভুলৰ ভিত্তিত জামিন প্ৰদান কৰা হৈছিল। এনে ক্ষুদ্ৰ কাৰিকৰী ভুলৰ বাবে জামিন দিয়াটো উচিত নহয় বুলিও তেওঁ মত প্ৰকাশ কৰে।

কিন্তু উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে যে উক্ত কাৰিকৰী ভুলটো অতি গুৰুত্বপূৰ্ণ নহয়। আদালতে প্ৰথমে উচ্চ ন্যায়ালয়ৰ আদেশৰ ওপৰত স্থগিতাদেশ দিয়াৰ কথা বিবেচনা কৰিছিল যদিও পিছত জানিব পাৰে যে সোনেম ইতিমধ্যে কাৰাগাৰৰ পৰা মুক্তি পাই জামিনৰ চৰ্ত অনুসৰি শ্বিলঙতে অৱস্থান কৰি আছে। সেই পৰিস্থিতিত তেওঁক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাটো আইনৰ নীতিৰ সৈতে সংগতি নাখায় বুলি মন্তব্য কৰি আদালতে তৎক্ষণাত জামিন স্থগিত কৰিবলৈ অস্বীকাৰ কৰে।

অৱশ্যে, উচ্চতম ন্যায়ালয়ে মেঘালয় উচ্চ ন্যায়ালয়ৰ জামিন বহাল ৰখা ৰায়ৰ কিছুমান দিশত আপত্তি থকাৰ কথাও উল্লেখ কৰে। ন্যায়াধীশ এম. এম. সুন্দৰেশে কয় যে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত সম্পৰ্কে আদালতৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে, যিবোৰৰ ওপৰত পৰৱৰ্তী শুনানিত আলোচনা হ’ব।

উল্লেখ্য যে ২৯ জুনত মেঘালয় উচ্চ ন্যায়ালয়ে শ্বিলঙৰ আদালতে প্ৰদান কৰা জামিনৰ আদেশ বাহাল ৰাখি ৰাজ্য চৰকাৰৰ আবেদন খাৰিজ কৰিছিল। সেই আদেশত গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়াত গুৰুতৰ আইনী ত্ৰুটি থকাৰ বাবে ছোনাম ৰঘুবংশীক জামিন দিয়া হৈছিল।

ডিজিটেল ডেস্ক, ৩ জুলাই

The post সোনমলৈ সকাহ : জামিনত স্থগিতাদেশ নিদিলে ছুপ্ৰিম ক’ৰ্টে first appeared on নিয়মীয়া বাৰ্তা.

কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু
ডিজিটেল ডেস্ক, ৩ জুলাই : কলিয়াবৰ কামাখ্যা গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এজন চাহ বাগিচাৰ শ্ৰমিকৰ মৃত্যু হয়। কামাখ্যা গাঁও-শিলঘাট সংযোগী গড়কাপ্টানী পথত এই ঘটনা সংঘটিত হয়। বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা লোকজনৰ নাম বিষ্ণু গৌড় ।

ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত লোকজনে সন্ধিয়া দোকানৰ পৰা সামগ্ৰী লৈ গৈ থকা অৱস্থাতে হাতীৰ মুখামুখি হোৱাত এই ঘটনা সংঘটিত হয় । সন্দেহ কৰা মতে, সন্ধিয়াই ঘটনাটো সংঘটিত হোৱাৰ পিছত পুৱাহে স্থানীয় লোকে লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

The post কলিয়াবৰত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু first appeared on নিয়মীয়া বাৰ্তা.