ব্যৰ্থতা অব্যাহত দক্ষিণ আফ্ৰিকাৰ, টি-২০ বিশ্বকাপৰ ফাইনেলত ইংলেণ্ড
২০২৬ চনৰ মহিলা টি-২০ বিশ্বকাপৰ দ্বিতীয় ছেমিফাইনেলত ইংলেণ্ডৰ হাতত ৪০ ৰানত পৰাজিত হৈ পুনৰ মুকুট জয়ৰ সপোন ভংগ হ’ল দক্ষিণ আফ্ৰিকাৰ। লণ্ডনৰ কেনিংটন অভেলত অনুষ্ঠিত মেচখনত জয়লাভ কৰি ইংলেণ্ডে ফাইনেলত প্ৰৱেশ কৰে।
এই পৰাজয়ৰ সৈতে দক্ষিণ আফ্ৰিকাই বিশ্বকাপৰ নকআউট পৰ্যায়ত ১১বাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হ’ল। ১৯৯৭ চনৰ প্ৰথম মহিলা এদিনীয়া বিশ্বকাপৰ পৰা আৰম্ভ কৰি ২০২৬ চনলৈকে এদিনীয়া আৰু টি-২০ বিশ্বকাপ মিলাই দলটোৱে ১১বাৰ নকআউট পৰ্যায়ত উপনীত হ’ল যদিও এবাৰো বিশ্বকাপ জয় কৰিব নোৱাৰিলে। ইয়াৰ বাবেই ক্ৰিকেট বিশ্বত দক্ষিণ আফ্ৰিকাক পুনৰ ‘চ’কাৰ্ছ’ আখ্যা দিয়া হৈছে।
নকআউট পৰ্যায়ত দক্ষিণ আফ্ৰিকাৰ পৰাজয়ৰ ইতিহাস
১৯৯৭ – এদিনীয়া বিশ্বকাপ, কোৱাৰ্টাৰ ফাইনেল
২০০৭ – এদিনীয়া বিশ্বকাপ, ছেমিফাইনেল
২০১৪ – টি-২০ বিশ্বকাপ, ছেমিফাইনেল
২০১৭ – এদিনীয়া বিশ্বকাপ, ছেমিফাইনেল
২০২০ – টি-২০ বিশ্বকাপ, ছেমিফাইনেল
২০২২ – এদিনীয়া বিশ্বকাপ, ছেমিফাইনেল
২০২৩ – টি-২০ বিশ্বকাপ, ফাইনেল
২০২৪ – টি-২০ বিশ্বকাপ, ফাইনেল
২০২৫ – অনূৰ্ধ্ব-১৯ বিশ্বকাপ, ফাইনেল
২০২৫ – এদিনীয়া বিশ্বকাপ, ফাইনেল
২০২৬ – টি-২০ বিশ্বকাপ, ছেমিফাইনেল
উল্লেখ্য যে টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰি ইংলেণ্ডে ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৬৯ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ অধিনায়িকা নেট স্কিভাৰ-ব্ৰান্টে ৪৭ বলত ১১টা চাৰি আৰু ১টা ছয়ৰ সহায়ত ৭৫ ৰান সংগ্ৰহ কৰে। আনহাতে হিদাৰ নাইটে ৪৭ বলত ৬টা চাৰি আৰু ১টা ছয়েৰে ৫৮ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে।
ইফালে ১৭০ ৰানৰ লক্ষ্য খেদি নামি দক্ষিণ আফ্ৰিকাই ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১২৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। তাজমিন ব্ৰিটছে ৪৫ বলত ৬টা চাৰিৰ সহায়ত ৫১ ৰান কৰি সৰ্বাধিক ৰান সংগ্ৰহ কৰিলেও দলক জয়ৰ দিশে আগুৱাই নিব নোৱাৰিলে। ইংলেণ্ডৰ হৈ ল’ৰেন বেল আৰু শাৰ্লট ডিনে ২টাকৈ উইকেট দখল কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
এই জয়ৰ ফলত ইংলেণ্ডে মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত স্থান নিশ্চিত কৰিলে।
ডিজিটেল ডেস্ক, ৩ জুলাই