ডিজিটেল ডেস্ক, ৩ জুলাই : উত্তৰ প্ৰদেশৰ কৌশাম্বী জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই এখন এলপিজি টেংকাৰে ৰাজপথৰ টোল প্লাজাৰ ডিভাইডাৰত খুন্দা মৰাৰ লগে লগে প্ৰচণ্ড বিস্ফোৰণ ঘটে। মুহূৰ্ততে টেংকাৰখন, টোল প্লাজা আৰু কাষৰীয়া বিস্তীৰ্ণ এলেকা জুইৰ কবলত পৰে। এই ঘটনাত ৫জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়। দুৰ্ঘটনাৰ এক ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
ভয়ানক এই দুৰ্ঘটনাটো ২৬ জুনত সংঘটিত হৈছিল যদিও শেহতীয়াকৈ ঘটনাটোৰ চি চি টিভি ফুটেজ পোহৰলৈ আহিছে। ফুটেজত টেংকাৰখন তীব্ৰগতিত আহি ডিভাইডাৰত খুন্দা মৰাৰ পিছতেই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱা দৃশ্য ধৰা পৰিছে। ভাইৰেল হোৱা ২৪ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা যায় যে এলপিজি টেংকাৰখন টোল প্লাজাৰ দিশে আগবাঢ়ি আহি একেবাৰে ওচৰ পাওঁতেই চালকে নিয়ন্ত্ৰণ হেৰুৱায়। তাৰ পিছতেই প্ৰচণ্ড সংঘৰ্ষৰ লগে লগে এক ভয়ংকৰ বিস্ফোৰণ ঘটে। বিস্ফোৰণৰ ফলত টেংকাৰৰ গেছ চাৰিওফালে বিয়পি পৰাত জুই বহু দূৰলৈকে বিয়পি যায়। জানিব পৰা মতে, টেংকাৰখন কানপুৰৰ পৰা প্ৰতাপগড়লৈ গৈ আছিল।
খবৰ পোৱাৰ লগে লগে পুলিচ আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে বহু চেষ্টা চলাই জুই নিয়ন্ত্ৰণলৈ আনে। এই দুৰ্ঘটনাত ৪০ বছৰীয়া টেংকাৰ চালক ধৰ্মেন্দ্ৰ ডুবে আৰু টোল প্লাজাৰ কৰ্মচাৰী অলোক সিঙৰ ঘটনাস্থলীতে মৃত্যু হয়। তেওঁলোক জুইত সম্পূৰ্ণৰূপে দগ্ধ হয়। ইয়াৰ উপৰি টোল প্লাজাৰ আন কেইবাজনো কৰ্মচাৰী গুৰুতৰভাৱে দগ্ধ হয়। সংকটজনক অৱস্থাত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাধীন অৱস্থাত তেওঁলোকৰ মাজৰ আন তিনিজনৰো মৃত্যু হয়। দুৰ্ঘটনাত টোল প্লাজাৰ কাষত থকা ১৬খন মটৰচাইকেল আৰু দুখন গাড়ী সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যায়। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।