পাকিস্তানত ভয়াৱহ দুৰ্ঘটনাত ৪০জন যাত্ৰীৰ মৃত্যু, আহত আঠজন
ডিজিটেল ডেস্ক, ৩ জুলাই : পাকিস্তানৰ দক্ষিণ-পশ্চিমাঞ্চলত শুকুৰবাৰে সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত ৪০জন লোকৰ মৃত্যু হোৱাৰ লগতে আঠজন আহত হৈছে। তীব্ৰ বেগেৰে আৰু ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িয়াই নিয়া এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই গভীৰ খাৱৈত বাগৰি পৰে। শেহতীয়া বছৰসমূহৰ ভিতৰত এইটো পাকিস্তানৰ অন্যতম ভয়াৱহ পথ দুৰ্ঘটনা হিচাপে গণ্য কৰা হৈছে।
এই দুৰ্ঘটনা দানা ছৰ অঞ্চলত সংঘটিত হয়। এই অঞ্চলটো বেলুচিস্তান আৰু খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ সীমান্তৰ ওচৰৰ এক দুৰ্গম এলেকা। বাছখনৰ তীব্ৰ বেগৰ বাবে চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ পিছত বাছখন পোনে পোনে গভীৰ খাৱৈত বাগৰি পৰে।
উল্লেখ্য যে আন এখন যান্ত্ৰিক বিজুতিৰ ফলত বেয়া হোৱা বাছৰ যাত্ৰীসকলে দুৰ্ঘটনাগ্ৰস্ত বাছখনত যাত্ৰা কৰিছিল। ফলত বাছখনত ক্ষমতাতকৈ অধিক যাত্ৰীয়ে যাত্ৰা কৰিছিল। প্ৰশাসনে বৰ্তমান নিহতসকলৰ পৰিচয় নিশ্চিত কৰাৰ কামত ব্যস্ত আছে।
পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জৰ্দাৰীয়ে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰি নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। লগতে তেওঁ আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক তেওঁলোকক সৰ্বোত্তম চিকিৎসা সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে।