নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনে হত্যাকাণ্ড : সংবাদ মাধ্যমক অশালীন ইংগিত ছিয়া গোৱেলৰ

পুনেৰ ৰিয়েল ইষ্টেট ব্যৱসায়ী কেতন আগৰৱাল হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত ছিয়া গোৱেল আৰু তেওঁৰ প্ৰেমিক চেতন চৌধুৰী বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। তদন্তৰ অংশ হিচাপে আৰক্ষীয়ে দুয়োজনক একাধিক স্থানলৈ লৈ গৈ ঘটনাৰ পুনৰ নিৰ্মাণ (Crime Scene Reconstruction) কৰিছে।

আৰোপ অনুসৰি, ২ জুলাইত পুনে গ্ৰাম্য আৰক্ষীয়ে ছিয়া গোৱেলক তেওঁৰ মাৰ্কেট য়াৰ্ডস্থিত বাসগৃহৰ পৰা বাহিৰলৈ উলিয়াই অনাৰ সময়ত সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত তেওঁ অশালীন ইংগিত প্ৰদৰ্শন কৰিছিল। এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হোৱাৰ পিছত বহুতে ইয়াৰ তীব্ৰ সমালোচনা কৰিছে।

ইয়াৰ মাজতে ছিয়াৰ আন এটা পুৰণি ভিডিঅ’ও সামাজিক মাধ্যমত ভাইৰেল হৈছে। নাইট ক্লাবত ৰেকৰ্ড কৰা বুলি কোৱা সেই ভিডিঅ’ত ছিয়াক বীয়েৰৰ বটলসদৃশ বস্তু হাতত লৈ ফোনত কাৰোবাৰ সৈতে উত্তেজিতভাৱে কথা কোৱা আৰু অশালীন ভাষা ব্যৱহাৰ কৰা দেখা যায়।

তদন্তকাৰী আৰক্ষীৰ তথ্য অনুসৰি, ছিয়া গোৱেল আৰু চেতন চৌধুৰীয়ে লোহাগড় দুৰ্গৰ ওপৰৰ পৰা কেতন আগৰৱালক ঠেলি পেলোৱাৰ পৰিকল্পনা আগতেই অনুশীলন কৰিছিল। আৰক্ষীয়ে বৃহস্পতিবাৰে ছিয়াক পুনেৰ ওচৰৰ সেই স্থানলৈ লৈ যায়, য’ত তেওঁলোকে হত্যাৰ কৌশলৰ অনুশীলন কৰা বুলি অভিযোগ আছে। ছিয়াই সেই স্থান চিনাক্ত কৰি দিয়া বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইয়াৰ উপৰি আৰক্ষীয়ে ছিয়াৰ বাসগৃহৰ পৰা ঘটনাৰ দিনা পৰিধান কৰা বুলি সন্দেহ কৰা কাপোৰ উদ্ধাৰ কৰিছে।

উল্লেখ্য যে ১৮ জুনত লোহাগড় দুৰ্গত কেতন আগৰৱালক পাহাৰৰ পৰা ঠেলি পেলাই হত্যা কৰা হৈছিল বুলি অভিযোগ। তদন্তত প্ৰকাশ পোৱা মতে, ২০২৫ চনৰ অক্টোবৰ মাহৰ পৰা ছিয়া গোৱেল আৰু চেতন চৌধুৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল। তথাপিও ছিয়াই ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত কেতন আগৰৱালৰ সৈতে বাগদান সম্পন্ন কৰিছিল আৰু অহা নৱেম্বৰ মাহত তেওঁলোকৰ বিয়া অনুষ্ঠিত হোৱাৰ কথা আছিল।

আৰক্ষীয়ে এতিয়া এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সকলো দিশৰ ওপৰত বিস্তৃত তদন্ত অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক, ৩ জুলাই

You might also like