নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ডাৰ-গাভাস্কাৰ শৃংখলাৰ পার্থ টেষ্টত অনিশ্চিত শুভমন গিল

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ নৱেম্বৰঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলা আৰম্ভ হোৱাৰ পূর্বেই ভাৰতে মোক্ষম আঘাতৰ সন্মুখীন হৈছে৷ লোকেশ ৰাহুল, বিৰাট কোহলি আৰু ছৰফৰাজ খানৰ পিছত এইবাৰ আঘাতৰ তালিকাত নাম অন্তর্ভুক্ত হ’ল শুভমন গিলৰ৷ শনিবাৰে অনুষ্ঠিত…

সামাজিক মাধ্যমত পোষ্ট : দ্বিতীয়টো সন্তানৰ পিতৃ হ’ল ৰোহিত শর্মা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ নৱেম্বৰঃ ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক ৰোহিত শর্মাই দ্বিতীয়বাৰৰ বাবে পিতৃ হোৱাৰ সৌভাগ্য অর্জন কৰিছে৷ ক্রিকেটাৰগৰাকীৰ পত্নী ৰীতিকা সজদেহে জন্ম দিছে এটি পুত্র সন্তান৷ শুকুৰবাৰৰ নিশাৰে পৰা সামাজিক মাধ্যমত খলকনি তুলিছে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৭ নৱেম্বৰ, আঘোণ মাহৰ ১ তাৰিখ দেওবাৰ : তিথি–কৃষ্ণা দ্বিতীয়া, নক্ষত্র : ৰোহিণী, যাত্রা : শুভ মেষ : খৰচ বৃদ্ধি৷ ব্যৱসায়ৰ ক্ষেত্রত কিছু জটিলতা থাকিব৷ বিদ্যার্থীৰ কাৰণে শুভ৷ দিনটো মনোকষ্টত ভুগিব লাগিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷ বৃষ :…

কলহী নৈত বালি খান্দোতে ওলাল অৱসৰী শিক্ষকৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত শিঙিমাৰী ভগনীয়া গাঁৱৰ এগৰাকী অৱসৰী শিক্ষকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে শুক্ৰবাৰে নিশা প্ৰায় দুই বজাত শিঙিমাৰী ভগনীয়া গাঁওস্থিত অৱসৰী শিক্ষক…

চেম্পিয়নছ ট্ৰফী প্ৰদৰ্শনৰ ভ্ৰমণসূচী প্ৰকাশ আইচিচিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ নৱেম্বৰঃ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পূৰ্বে আইচিচিয়ে মুকলি কৰিছে ট্ৰফীৰ ভ্ৰমণসূচী। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ আপত্তিৰ পিছত চেম্পিয়নছ ট্ৰফী পাকিস্তান অধিকৃত কাশ্মীৰলৈ নাযায়। আইচিচিয়ে পাকিস্তানে পিঅ’কে প্লেন…

বজালীৰ নাম সংলগ্ন কৰি সুৰা বিপণী মুকলি : ক্ষুব্ধ পাঠশালা আছু

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ অসমৰ নাট্য-শিক্ষা নগৰী হিচাপে সমাদৃত হৈ অহা বজালী জিলা সদৰ এতিয়া যেন লাহে লাহে পৰ্যবেসিত হৈছে সুৰা নগৰীলৈ৷ নগৰখনৰ চাৰিওপিনে যেন দৈনিক বৃদ্ধি পাবলৈ লৈছে ইখনৰ পিছত সিখনকৈ সুৰা বিপনী৷ সুৰা বিপনীয়ে শিক্ষা নগৰীখনত…

ৰূপহীহাটৰ শিঙিমাৰীত চুৰি হোৱা বাইক উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১৬ নৱেম্বৰঃ ৰূপহীহাটৰ পূৱ শিঙিমাৰীৰ পৰা আজি পুৱা এটা চুৰি হোৱা বাইক উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পূব শিঙিমাৰীৰ মোশ্বাৰফ হুছেইন নামৰ যুৱকজনৰ এএছ-০২-এডি-৮১৭৩ নম্বৰৰ বাইকখন চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ দিনা…

ডিব্ৰুগড়ত কেন্দ্ৰীয় ৰাসলীলা উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

বিশেষ বাৰ্তা, ১৬ নৱেম্বৰঃ 'অসমীয়া সমাজ গুৰূজনাৰ আদৰ্শত ভক্তিভাৱেৰে উদ্বুদ্ধ।' ডিব্ৰুগড় আউনীআঁটী শাখা সত্ৰ প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত শ্ৰীশ্ৰী কৃষ্ণলীলা সম্পূৰ্ণ ৰাস উদযাপনৰ কাৰ্যসূচী শুভাৰম্ভ কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয়…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড০ মুকুট চন্দ্ৰ বৰুৱাৰ দেহাৱসান

বিশেষ বাৰ্তা, ১৬ নৱেম্বৰঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, গণিতজ্ঞ তথা মহাবিদ্যালয় পৰ্যায়ত কম্পিউটাৰ শিক্ষাৰ অন্তভুক্তিৰ অগ্ৰণী, নকাৰী নিবাসী ড০ মুকুট চন্দ্ৰ বৰুৱাৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শুকুৰবাৰে নিশা বাংগালুৰুত…

১০টি শিশুৰ প্ৰাণহানি, অগ্নিকাণ্ডৰ ফলত আইচিইউত কৰুণ ঘটনা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ নৱেম্বৰঃ ঝান্সী চিকিৎসালয়ত পোহৰলৈ আহিছে গাফিলতি। য’ত জুই নিৰ্বাপণৰ পৰ্যাপ্ত ব্যৱস্থাও নাছিল। আনকি অগ্নিনিৰ্বাপক চিলিণ্ডাৰেও কাম কৰা নাছিল। চিকিৎসালয়খনৰ কেঁচুৱা ৱাৰ্ডত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত তাত ৪৯টা শিশু…