৫ জুলাইৰ ৰাতি ৯.৩০ বজাত হোমেন বৰগোহাঞিয়ে আঁত ধৰা ‘কথা–বার্তা’ অনুষ্ঠানটো নিউজ লাইভৰ যোগেদি প্রচাৰ কৰা হেতু চাবলৈ সুযোগ লাভ কৰিছিলোঁ৷ আন্তর্জাতিক প্রকৃতিবিদ সৌম্যদ্বীপ দত্তৰ লগত জীৱ–জন্তুৰ লগতে কাজিৰঙাৰ গঁড়ৰ বিষয়ৰ ওপৰত আলোচিত হৈছিল৷ অনুষ্ঠানটি চাই থাকোঁতে হঠাৎ মোৰ মানস পটত ভাহি উঠিছিল স্বনামধন্য দিব্যলোচন দাসে ‘নেচার্ছ বেকন’ (উত্তৰ–পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী) প্রকাশ কৰা ‘আস্তে আস্তে আগেত যা’ বহুমূলীয়া কিতাপখনৰ বিষয়ে জানিবলৈ মন গ’ল৷ পিছদিনা ৰাতিপুৱাৰ পৰা বহুদিনলৈকে কিতাপখন মনোযোগ দি পঢ়ি শেষ কৰিছিলোঁ৷
কিতাপখন অর্পণ কৰা হৈছে ‘বিশ্বৰ সমস্ত হস্তীকুল, অসমৰ সমস্ত জীৱিত–প্রয়াত হস্তীপালক, ফান্দী আৰু মাহুতৰ চৰণত৷’
মূল্য নির্ধাৰণ কৰা হৈছে ২০০.০০ টকা মাত্র৷ISBN : 978-93-82056-83-61, মুঠ পৃষ্ঠা ১৪৪৷ পাতনিৰ সাৰুৱা কথাখিনি লিখিছে সৌম্য দত্ত ডাঙৰীয়াই নিজে৷ পাতনিখিনি পঢ়িলে কিতাপখনৰ ভিতৰৰ অধ্যায়বিলাক নপঢ়িলেও হয়৷ কিন্তু কিতাপ এখন বিশ্লেষণ কৰিবলৈ গ’লে সকলো অধ্যায় চালি–জাৰি অধ্যয়ন কৰিব লাগিব৷ এইখিনি কাম সমাধান নকৰিলে আধৰুৱা হৈ যাব৷ এইটো স্বতঃসিদ্ধ কথা৷
গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তর্গত পুৰণিভিটাৰ লেখক, আদর্শ খেতিয়ক মান্যবৰ দিব্যলোচন দাস নিজে৷ কিতাপখনত মুঠ অধ্যায় আছে ১৫টা৷
কিতাপখনৰ পাত লুটিওৱাৰ আগতে লেখকৰ বিষয়ে একো কথা ভালকৈ বিশ্লেষণ নকৰিলে মোক পাপে চুব৷ লেখকৰ পিতাক প্রয়াত পদ্মলোচন দাস ডাঙৰীয়া গোৱালপাৰা চহৰৰ টিলাপাৰাৰ এজন খ্যাতিসম্পন্ন আৰু হাতী চিকাৰী আছিল৷ সমান্তৰালভাৱে হোমিও চিকিৎসাও বিনা মূল্যত কৰিছিল৷ আমি সৰু থাকোঁতে তেওঁলোকৰ চোতালত জাক–জাক হাতী দেখা পাইছিলোঁ৷ ঘৰৰ আগত এখন কাঠৰ দলং আছিল৷ দলংখন ভাঙিব বুলি ভাবি কোনো এটা হাতীয়ে খোজ দিয়া নাছিল৷ ঘৰৰ দক্ষিণ বা পাছফালে বগৰী গছসহ এটা ডাঙৰ পুখুৰী৷ চোতালত এডাল মধুৰীআম (সফিৰাম)ৰ গছ আছিল৷ হাতীবিলাকক পদ্ম আতাই কুলা বা দোলাত ধান–চাউল আৰু আন আন সুষম খাদ্য যোগান ধৰিছিল৷ তেখেতৰ দ্বিতীয় পুত্র সন্তান শ্রীদিব্যলোচন দাস৷ চাকৰিৰ মোহ এৰি পুৰণিভিটাত নিজে ধান আৰু আন আন খেতি কৰি আছে আৰু হাতী ধৰাৰ চখ এতিয়াও পুহি ৰাখিছে৷
তেখেতে লিখিছে হাতীৰ গর্ভধাৰণ কাল ১৮/১৯ৰ পৰা ২১/২২ মাহ আৰু মতা পোৱালিৰ ক্ষেত্রত ২১/২২ মাহ৷ (বিচিত্র হস্তীমাতৃ পৃষ্ঠা ৬০) হাতী দুই প্রকাৰৰ– প্রকৃতি আফ্রিকীয় Loxodenta Africana) আৰু প্রকৃতি এছীয় Elophas Maximus Indicana) হাতীৰ সকলোৰে দাঁত নাথাকে৷ দাঁত নথকা হাতীক ‘মখনা’ বোলে৷ (হাতীৰ চিকাৰ পৃষ্ঠা ৩০) হাতী বান্ধিবলৈ ব্যৱহাৰ কৰা খঁটিক ‘খামাৰি’ বুলি কোৱা হয়৷ ৰছীডাল ছয় গুণীয়া৷ নাম ‘জৎকা’৷ ইয়াক পিছৰ ঠেঙত বন্ধা হয়৷ আনটো পিছৰ ঠেঙতো বন্ধা হয় আৰু দুয়োটা ঠেঙকে এডাল ছয়গুণীয়া ভালদৰে ‘যুটি’ দিয়া হয়৷ এই যুটি দিয়া ৰছীডালক ‘বান্ধা’ বোলে আৰু পিছৰ ঠেঙত বন্ধা বাবে ‘পিছাৰি বান্ধ’ বুলি কোৱা হয়৷
কিতাপখনত কিছুমান হাতীৰ ক্ষেত্রত ব্যৱহূত শব্দ ব্যৱহাৰ কৰা দেখা যায়৷ ‘পিলখানা’ বা ‘ঘাইঢুৰা’ (পৃষ্ঠা নং ২২) ‘অগ্রণ’ (পৃষ্ঠা নং ২৩) ‘টাকাচোৰ’, ‘তেৰে’, ‘বইত’ (পৃষ্ঠা নং ২৬, ২৭)৷ হাতী চিকাৰ কৰি ধৰি অনা জনক ‘ফান্দী’ বুলি কোৱা হয়৷ লেখকে নিজেও ধুম ৰাভা, ৰংজেং বসুমতাৰী আদি বহু কেইবাজনক ফান্দী হিচাপে নিযুক্তি দিছিল, (পৃষ্ঠা নং ৩৮) বনৰীয়া হাতী ধৰি আনি ঘৰচীয়া কৰা কামত ব্যৱহাৰ কৰা বিভিন্ন ৰছীৰ নাম যেনে ‘জৎকা’৷ তাৰো দুবিধ পকা আৰু কেঁচা জৎকা তিনিগুণীয়া৷ হাতী বান্ধিবলৈ ব্যৱহাৰ কৰা খুঁটিক ‘খামাৰি’ বুলি কোৱা হয় বুলি লেখকে আমি নজনা কথা ব্যক্ত কৰিছে৷ ‘জৎকা’ পিছৰ ঠেং এটাত বন্ধা হয়৷ দুয়োটা ঠেঙকে এডাল ছয় গুণীয়া ৰছীৰে ভালদৰে যুটি দিয়া হয়৷ এই যুটি দিয়া ৰছীডালক ‘বান্ধা’ বোলে আৰু পিছ ঠেঙত বন্ধা বাবে ‘পিছাৰি বান্ধ’ বুলি কোৱা হয়৷
‘আগেতে’ৰ অর্থ আগলৈ যোৱা ‘ধাৎ’ মানে ৰ’বলৈ দিয়া সংকেত, ‘পিছ’ মানে পিছুৱাই যোৱা আৰু ‘ছেই’ মানে সোঁৱে বা বাঁৱে এফালে ঘূৰা৷ ‘বইত’ মানে বহা৷ ‘তেৰে বইত’ আৰু ‘চাম বইত’ মানে ক্রমে কাতি হৈ বহা আৰু পোনে পোনে বহা৷ ‘মাইল’ৰ অর্থ হ’ল থিয় হোৱা৷ (পৃষ্ঠা ৫২–৫৩)৷ লেখকে এইবিলাক বহুমূলীয়া শব্দ বৰ ধুনীয়াকৈ কিতাপখনত উনুকিয়াইছে৷
প্রবীণ সিং এটা মখনা হাতীৰ বিষয়ে ধুনীয়াকৈ উল্লেখ কৰিছে৷ হাতীটো কিনা হৈছিল ১৯৪০ চনত৷ লেখকৰো সেই চনতে জন্ম হয়৷ (পৃষ্ঠা ৭১)৷
হাতীৰ দাঁতো বেলেগ ধৰণৰ হোৱা দেখা যায়৷ যেনে– ‘ফৰকা’, ‘নল দাঁতিয়া’, ‘পাতাল পুৰীয়া’, ‘চাকনা’, ‘তাল–বেতাল’৷ আগ ঠেঙত ৫টাকৈ আৰু পিছ ঠেঙত ৪টাকৈ সর্বমুঠ ১৮টা নখ থাকে৷ কিছুমানৰ ১৬ বা ১৭টা নখ থকা হাতীও আছে৷ ১৮ নখী হাতী ভাল, ১৬ নখী হাতী বেয়া নহয় কিন্তু ১৭নখী হাতী বেয়া৷ (পৃষ্ঠা নং ৮৯ৰ পৰা ৯১)৷
লেখক দিব্যলোচন দাস ডাঙৰীয়াহঁতৰ পৃথ্বিৰাজ দঁতাল, মণিমালা আদি কৰি বহুত ধৰণৰ হাঁতী আছিল৷ এতিয়া অৱশ্যে তেখেতৰ পুৰণিভিটা বাসগৃহত তেনেকুৱা হাতী দেখা পোৱা নাযায়৷ ধান চপোৱা, ধান বান্ধা, ধানৰ মিল আদিহে দেখা পোৱা যায়৷
লেখক দিব্যলোচন দাস ডাঙৰীয়াই কিতাপখনৰ সামৰণিৰ ফালে এখোপ আগুৱাই কৈছে যে কিতাপখনত ব্যৱহাৰ কৰা ভাষা অসমীয়া বঙালী মিহলি যদিও সম্পূর্ণ অসমীয়া বা বঙালী বুলি নকৈ কামৰূপ কমতাৰ দেশী ভাষা বুলি ক’লেহে বেছি খাপ খাব৷ (পৃষ্ঠা নং ১২৬)৷
হাতীৰ চিকিৎসা, হাতীৰ হজমৰ ঔষধ আদি কৰি বহুত ধৰণৰ চিকিৎসাৰ কথা বহলভাৱে উনুকিয়াইছে৷৷ (পৃষ্ঠা নং ১২৮–১৩৪)৷
কিছুমান অদৰকাৰী কাগজ খুঁচৰি পেলাই দিব খোজোঁতে হাতীৰ বেমাৰৰ ক্ষেত্রত ব্যৱহূত সৰু সৰু কাগজৰ টুকুৰাৰ ফটো কপী ১৩৫নং পৃষ্ঠাত ধুনীয়াকৈ সংলগ্ণ কৰি পাঠক সমাজক জানিবলৈ এৰি দিছে৷ এয়া লেখকৰ লাগতিয়াল বস্তু কেনেকৈ সংৰক্ষণ কৰি ৰাখিব লাগে তাক পাঠক সমাজক গতিশীল শিকনি আগবঢ়াইছে৷ কিতাপখনৰ পাছফালৰ ক’ভাৰত পাঠক সমাজক জানিবলৈ দিছে ‘মানুহেই হাতীৰ শত্রু’৷ গছ–গছনি চোৰাং চিকাৰীয়ে শেষ কৰা কাৰণে হাতী সমভূমিলৈ খাদ্য বিচাৰি হাবাথুৰি খাব লগা হৈছে৷ যাৰ ফলত মানুহ আৰু হাতীৰ সংঘাত দিনকদিনে বাঢ়ি গৈ আছে৷
‘আস্তে আস্তে আগেত যা’ কিতাপখন ১৫টা অধ্যায়ৰ দ্বাৰা সংযোগ কৰা হৈছে যদিও এই লেখকে সকলো অধ্যায়তে চকু ফুৰাবলৈ সাহস গোটাব নোৱাৰিলে৷ এনেকুৱা আপুৰুগীয়া বেলেগ বেলেগ বিষয়ত বহুমূলীয়া কিতাপ লিখি পঢ়ুৱৈ সমাজক উপকৃত কৰিব বুলি লেখকে আশা কৰিলোঁ আৰু পঢ়ুৱৈ সমাজেও কিতাপখন সংগ্রহ কৰি অধ্যয়ন কৰাৰ ব্যৱস্থা কৰিলে ভাল হয়৷
ফোন: ৯৮৬৪১–২৬৩৫৭