নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ভূমি পৰিচালনা–তথ্য প্রযুক্তি সমিতিত ৪ পদ খালী

অসম ভূমি পৰিচালনা আৰু তথ্য প্রযুক্তি সমিতি(Assam Land Management & Information Society)ৰ অধীনত Digital India Land Records Modernization Programmeত অচিৰেই ৪ পদ পূৰণ কৰা হ’ব৷ অর্হতাসম্পন্ন প্রার্থীক সাক্ষাৎকাৰলৈ আমন্ত্রণ জনাই Director of Land Records & Surveys, Assam cum Chief Executive Officer, Assam Land Management & Information Society (ALMIS)–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে GIS Consultant (1), System Admin/Analyst (1), Computer Programmer (1)৷GIS Consultant পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত Universityৰ পৰাGeo Informatics বিষয়ত M.Sc. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ Digitization আৰু GIS বিভাগত অতিকমেও ১০ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ১ জানুৱাৰী, ২০২১লৈ সর্বোচ্চ ৪৫ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ৫০,০০০ টকা৷

আনহাতে,System Admin/Analyst পদৰ প্রার্থী Universityৰ পৰাComputer Science বিষয়ত MCA/B.Tech./B.E. ডিগ্রীধাৰী নাইবা IT বিষয়ত IT/M.Sc. উত্তীর্ণ হোৱা হ’ব লাগিব৷ System Admin/Analyst বিভাগত অতিকমেও ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ১ জানুৱাৰী, ২০২১লৈ সর্বোচ্চ ৪৫ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ৫০,০০০ টকা৷

শেষতComputer Programmer পদৰ প্রার্থী Universityৰ পৰাIT বিষয়ত M.Sc. ডিগ্রীধাৰী নাইবা Computer Science/IT বিষয়ত MCA/B.Tech./B.E. উত্তীর্ণ হোৱা অথবা Software Engineeringৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ Computerization of Land Records, Integration of Textual & Spatial Data আৰুComputerization of Registration & Inter-connectivity বিভাগত অতিকমেও ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ১ জানুৱাৰী, ২০২১লৈ সর্বোচ্চ ৪০ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ২৫,০০০ টকা৷

আগ্রহীসকলে সাক্ষাৎকাৰলৈ আহোঁতে যাৱতীয় নথি–পত্রৰ মূল আৰু প্রত্যায়িত প্রতিলিপিসহ শেহতীয়া বায়’ডাটা আৰু ফটো আনিব লাগিব৷ সাক্ষাৎকাৰ ২১ আগষ্ট, ২০২১ তাৰিখে দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ সাক্ষাৎকাৰৰ স্থান Office of the Director of Land Records & Surveys, Assam, Rupnagar, Guwahati-22৷

You might also like