‘মানুহে জীয়াই থকাৰ আনন্দ পৰিপূর্ণভাৱে পাবলৈ হ’লে নিজকে সদায় এটা মহৎ কামৰ লগত যুক্ত কৰি ৰাখিব লাগে৷ কামত যে কৃতকার্যতা লাভ কৰিবই লাগিব তাৰ কোনো মানে নাই৷ কাম নিজেই এটা লক্ষ্য৷’ – হোমেন ৰগোহাঞি
‘শব্দহীন নূপুৰ’ৰে অসমীয়া সাহিত্য জগতত খোজ পেলোৱা নৱপ্রজন্মৰ প্রতিশ্রুতিসম্পন্ন লেখিকা কংকনা মেধিয়ে অসমীয়া সাহিত্যৰ পূজাৰ বেদীত আঠোটি প্রবন্ধৰ সংকলন ‘অন্ধকাৰত আত্মদর্শন’ গ্রন্থখনিৰে অষ্টফুলৰ শৰাই আগবঢ়াইছে৷ ‘শব্দহীন নূপুৰ’ৰ উপৰি কবিতাপুথি ‘মাজনিশাৰ ৰ’দ’, নৱউন্মোচিত ‘আকাশৰ শেষ ক’ত?’ উপন্যাসৰ মাজেৰে অসমৰ পাঠক সমাজৰ মাজত পৰিচিত হ’বলৈ সক্ষম হোৱা কংকনা মেধিৰ নৱতম সংযোজন চতুর্থখন গ্রন্থ ‘অন্ধকাৰত আত্মদর্শন’ নামটিয়েও বিশেষ তাৎপর্য হন কৰিছে৷ মনৰ আৱেগ–নুভূতি, মগজুৰ চিন্তাক সুন্দৰ পৰিশীলিত ৰূপ দিয়াৰ এয়া যেন সার্থক প্রচেষ্টা৷
‘উত্তম’ হোৱাৰ হাবিয়াসতকৈ ‘শ্রেষ্ঠ’ হোৱাৰ হাবিয়াস বেছি৷ ভাগৰে ভৰিৰ মঙহ আৰু হূদয়ৰ স্পন্দনক আঘাত কৰিলেও কোনেও জিৰণি ল’ব খোজা নাই, শ্রেষ্ঠ হ’বলৈ যে দৌৰিয়েই থাক্বি লাগিব৷ এই দৌৰত লাভ নিশ্চয় হৈছে, কিন্তু আমি এটা ডাঙৰ স্তু হেৰুৱাইছোঁ ‘নিজক’৷’ –‘এটি উত্তৰবিহীন প্রশ্ণ আৰু আত্মদর্শন’ প্রবন্ধৰে আৰম্ভ হোৱা গ্রন্থখনিত ‘এহাল চকু আৰু আত্মদৃষ্টিবিহীনতা’, ‘ধর্মই ঢুকি নোপোৱা ভগৱান জন’, ‘এজন ভণ্ড প্রেমিকৰ সঁচা প্রেম’, ‘এটা প্রাকৃতিক ৰবট’, ‘এখন নির্দয় হূদয়ৰ দয়া’, ‘এটা যোগ্যতা জোখা যন্ত্র’, ‘পৃথিৱীৰ আটাইতকৈ ডাঙৰ বেমাৰটো’ বিষয়্বস্তু উপস্থাপনেৰে লেখিকাই যেন এধাৰি হুৰঙী মালাহে গাঁথি গৈছে, য’ত এটা আনটোৰ লগত সম্পৃক্ত হৈ ৰৈছে৷ জীৱনৰ মূল্যৱান শিক্ষা নৈতিকতাৰে র্ণিল প্রতিটো পৃষ্ঠাই গভীৰ আত্মোপলব্ধিৰে জীৱনবোধৰ পাঠ শিকাইছে৷ য’ত কেৱল নৱপ্রজন্মই নহয়, মোৰ বোধেৰে মানৱ জীৱনৰ সকলো স্তৰৰ লোকেই গ্রন্থখন গভীৰভাৱে হূদয়ংগম কৰিলে জীৱনটো যাপন কৰাৰ বিপৰীতে উদ্যাপন কৰিবলৈ প্রেৰণা বিচাৰি পাব৷
গ্রন্থখনিত উদীয়মান লেখিকাগৰাকীয়ে অনুভৱৰ পৃথিৱীত সাঁতুৰি–নাদুৰি, জীৱনৰ সৰু সৰু কথাত সুখৰ মুকুতা বিচাৰি উলিয়াবলৈ সক্ষম হৈছে৷ বিন্দুত সিন্ধুৰ সন্ধান কৰা চুটি অথচ গভীৰ চিন্তা উদ্রেককাৰী প্রবন্ধকেইটিয়ে কংকনাৰ অধ্যয়নশীল মনটোৰো পৰিচয় দাঙি ধৰিছে৷ লগতে সমাজত দেখি থকা া সন্মুখীন হোৱা কিছুমান কথা, পৰিস্থিতিয়ে তেওঁক প্রত্বিাদমুখৰ কৰি তুলিছে৷ সেয়ে হয়তো অন্তৰত গুজৰি–গুমৰি থকা কিছুমান ক্ষোভৰো স্বতঃস্ফূর্তভাৱে হির্প্রকাশ ঘটিছে এনেদৰে– ‘আমাৰ শিক্ষা ৱস্থাই, সমাজ ৱস্থাই আমাৰ মগজুত সৰুৰে পৰাই এনে এটি ভ্রান্ত ধাৰণা সুমুৱাই থৈ দিয়ে যে আমি আমাৰ মাজত থকা সূর্যটোক দেখাই নাপাওঁ৷ প্রতিযোগিতাৰ ফলাফল, তুলনাৰ তুলাচনীয়ে আমাৰ আত্মবিশ্বাসক হত্যা কৰি আমাৰ মানসিকতাক পংগু কৰি পেলায়৷’ (‘এটা যোগ্যতা জোখা যন্ত্র’)
প্রাপ্তি আৰু প্রাচুর্যৰ মাজত থাকিও আমি অতৃপ্তিৰ বেদনাত চকুলো টোকো, হতাশাই আৱৰি ধৰে, নিৰাশাৰ ক’লীয়া ডাৱৰে আমাৰ মনবোৰ ধূসৰ কৰি ৰাখে, এজাক ধূলিৰ ধুমুহাই সপোনবোৰ তচনচ কৰি পেলায়– ‘অন্ধকাৰত আত্মদর্শনে’ নেত্বিাচক এই চিন্তাবোৰৰ পৰা অলপ হ’লেও সকাহ দিব লি মোৰ দৃঢ় বিশ্বাস৷
জীৱনৰ প্রকৃত উদ্দেশ্যৰ অণ্বেষণ, শ্রেষ্ঠতাৰ দৌৰত নিজক নেহেৰুৱাই সুন্দৰ পৃথিৱীৰ ৰূপসুধা পান কৰিবলৈ ধনাত্মক, শান্ত, গভীৰ এহাল চকু, ধর্মৰ পৰিধি ভাঙি আধ্যাত্মিকতাক সাবটি লৈ ‘প্রেমেই ঈশ্বৰ, ঈশ্বৰেই প্রেম’ৰ ধবনি তুলি, সকলোৰে মাজত সঁচা প্রেমৰ অনুভৱেৰে যন্ত্র হোৱাৰ পৰিৱর্তে মানুহ হোৱাৰ কামনাৰে প্রবল ইচ্ছাশক্তি আৰু আত্মবিশ্বাসক বুকুৰ আপোন কৰি লৈ ‘আমি সকলো সমান……আমাৰ কোনো পৰিসীমা নাই….’ ভাবনাৰে আত্মপ্রত্যয় জগাই তুলি সুখ–শান্তিৰ ঠিকনা বিচাৰি প্রতিগৰাকী ছাত্র–ছাত্রীক আকাশলৈ উৰি যোৱাৰ সপোন দেখুওৱা গভীৰ অন্তর্দৃষ্টিসমৃদ্ধ ‘অন্ধকাৰত আত্মদর্শনে’ সকলোৰে জীৱনবাট পোহৰাই তোলক৷৷
প্রিয়ছাত্রী এগৰাকীৰ কাপেৰে নিগৰিত গ্রন্থখনিত মোৰ শুভেচ্ছাবাণী……৷ এসময়ত আমাৰ জ্ঞানমন্দিৰ ‘ৰামানুজন’ৰ মজিয়াত ছাত্রী হিচাপে পোৱা কংকনাৰ কীর্তিৰ আলোকেৰে আমিও আলোকিত৷ গুৰু–শিষ্যৰ পৱিত্র সম্পর্কক বিশেষ মাত্রা দি কংকনাই কিহৰ আকুলতাত নাজানো গ্রন্থকেইখনত মোকো নেদেখা এনাজৰীৰে ান্ধি ৰাখিছে৷ ‘মাজনিশাৰ ৰ’দ’ৰ কৃতজ্ঞতাত, ‘আকাশৰ শেষ ক’ত???’ উপন্যাসৰ উন্মোচনী অনুষ্ঠানৰ অংশীদাৰ……আৰু আজি ‘অন্ধকাৰত আত্মদর্শন’ প্রকাশৰ শুভক্ষণত কংকনাৰ সফলতা, আনন্দৰ ৰং–বিৰঙৰ ফাকুগুৰি দুগালত সানি লৈ ভাবনাৰ সাগৰত ময়ো ডুব গৈছোঁ৷ সুন্দৰ মনত সুন্দৰ চিন্তাৰ জ অংকুৰিত হয়৷ আন্ধাৰে আৱৰি থকা মনবোৰত পোহৰ সিঁচ্বিলৈ যত্ন কৰা, ইত্বিাচক চিন্তাৰে জীৱনটো উদযাপন কৰিবলৈ শিকোৱা সূর্যসম তৰুণী কংকনাৰ লেখাৰে সমৃদ্ধ হওক অসমী আইৰ সাহিত্যৰ ভঁৰাল, অলংকৃত হওক অসমীআইৰ চোতাল৷