নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেহ ব্যৱসায় চলোৱাৰ অভিযোগঃ লখৰাত হাতে লোটে মহিলাক আটক ৰাইজৰ

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ লখৰাৰ কেন্দ্রীয় কাৰাগাৰৰ সমীপত দীর্ঘদিন ধৰি অসামাজিক কার্যকলাপ চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ স্থানীয় ৰাইজে আৰক্ষীক অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্রহণ কৰা নাছিল৷ অৱশেষত কালি স্থানীয় ৰাইজে কেন্দ্রীয় কাৰাগাৰৰ সমীপত দেহ ব্যৱসায় চলাই থকা বাসগৃহটোত অভিযান চলাই মমী দেৱী নামৰ মহিলাগৰাকীক এজন যুৱকৰ সৈতে অসংযত অৱস্থাত উদ্ধাৰ কৰি উত্তম–মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে৷ মহিলাগৰাকীয়ে প্রতিঘণ্টাত ৩ৰ পৰা ৪ হাজাৰ টকা আদায় লৈ দেহ ব্যৱসায় চলাই আছিল বুলি ৰাইজে অভিযোগ কৰিছে৷ লগতে প্রতিদিনে উক্ত ঘৰটোলৈ বহু যুৱক–যুৱতীয়ে অহা–যোৱা কৰা বুলিও ৰাইজে জানিবলৈ দিছে৷

You might also like