কথা কথা আৰু কথা
সকলোৰে কেৱল কথা
দিন নাই, ৰাতি নাই
অনর্গল কথা
কোনোবাই মনৰ পৰা কৈ আছে
কোনোবাই ক’ব লাগে বুলি কৈ আছে
কোনে শুনিছে, ভ্রূক্ষেপ নাই
শুনিলেও মন দিছেনে, চাবলৈ আহৰি নাই
কথা কৈ থকাটো জৰুৰী, দৰকাৰী
কাৰোবাক পালেই হ’ল
কথা আৰম্ভ হৈ যাব৷
এতিয়াতো ভালেই হ’ল
অনলাইনত সামাজিক মাধ্যম
হাতৰ মুঠিত শ্রোতা
আৰু কি লাগে
বচ হকে–বিহকে কথা
কথাৰ পৰা কোনোবাই মনত দুখ পাইছে
নিজেই নিজক বুজনি দিব লাগিব
কাৰোবাৰ অনুভূতি আঘাত হৈছে
ইমান আৱেগিক হ’লে নহ’ব
আন কাৰোবাৰ বিবেকে প্রশ্ণ তুলিছে
অসহনশীল হ’ব নোৱাৰিব
কথা কোৱা হৈ গ’ল যেতিয়া
সেয়াই চূড়ান্ত তাতেই শেষ
কথা কিন্তু শেষ নহয়৷
শেষ নোহোৱা কথাৰ বাবে
এখন পথাৰ বিচাৰিম
অগণন মঞ্চ সাজিম
মাইকো দিম
চাৰিওফালে কেৱল মঞ্চ আৰু মঞ্চ
কথা কোৱা মানুহবোৰক মাতি আনিম
যিমান মন যায় কথা ক’বলৈ দিম
কেউফালে অগণন মঞ্চৰ মাজত
মই অকলে বহি থাকিম৷