নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীৰ কাজদহাত চাঞ্চল্যঃ গৃহৰক্ষী জোৱানক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা দুৰ্বৃত্তৰ

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ চিৰাঙৰ বিজনীৰ কাজদহাত চাঞ্চল্য। গৃহৰক্ষী জোৱানক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা অজ্ঞাত দুৰ্বৃত্তৰ । দক্ষিণ কাছদহা নিবাসী তথা বিজনী থানাত কৰ্তব্যৰত মৃত গৃহৰক্ষী জোৱান জনৰ নাম ৱাহেদ আলী।

বিজনী থানাৰ পৰা নিশা নিজৰ কৰ্তব্য সামৰি চাইকেলেৰে নিজ গৃহাভিমুখে গৈ থাকোঁতে অজ্ঞাত দুৰ্বৃত্তই উপৰ্যুপুৰি ঘপিয়াই হত্যা কৰে গৃহৰক্ষী জোৱান জনক।

ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কাছদহা অঞ্চলত। ঘটনাস্থলিত চিৰাঙৰ আৰক্ষী অধিক্ষক গৌৰব উপাধ্যায় অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰকাশ মেধী আৰু বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয় উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে পেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে। চিৰাঙৰ আৰক্ষী অধিক্ষক গৌৰৱ উপাধ্যায়ে এয়া পৰিয়ালকেন্দ্ৰীক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে।

You might also like