নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ গুৱাহাটীৰ বিমল কার্ছ আৰু কামাখ্যা মটর্ছত টাটা মটর্ছৰ বহু প্রত্যাখিত যাত্রীবাহী কাৰ প্রিমিয়াৰ লল্ড ষ্টেণ্ডার্ড ‘টাটা এল্ট্র’জ মুকলি৷ মুকলি কৰে মাণ্ডলিক প্রবন্ধক ৰিতেশ বশিষ্ঠে, লগতে উপস্থিত থাকে উত্তৰ–পূর্বাঞ্চলৰ ক্ষেত্রীয় প্রবন্ধক সোমেন পাল, প্রবন্ধক নয়ন গৌৰৱ, বিমল কার্ছৰ স্বত্বাধিকাৰী বিমল ছেৰাউগী আৰু কামাখ্যা মটর্ছৰ স্বত্বাধিকাৰী ৰোহিত মালহোত্রা৷
পাঁচখন আসনযুক্ত এল্ট্র’জখনৰ প্রাৰম্ভিক মূল্য পেট্রল ৫.২৯ লাখ টকা আৰু ডিজেলত ৬.৯৯ লাখ টকা৷ এল্ট্র’জৰ বি এছ ৬ত ১.২ লিটাৰৰ পেট্র’ল ইঞ্জিনৰ লগতে ১.৫ লিটাৰৰ ডিজেল ইঞ্জিনো বজাৰত উপলব্ধ কৰিছে টাটা মটর্ছে৷ এল্ট্র’জখন পাঁচটা ৰঙত উপলব্ধ অর্থাৎ– ডাউন টাউন ৰেড, হাইহচট্রিড গল্ড, এভেনু হোৱাইটছ, মিডটাউন গ্রে, ইচকাই লাইন ছিলভাৰত পোৱা যাব এই বিলাসী গাড়ীখন৷