নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক অন্যায় শুধৰাবলৈয়ে অনা হৈছে ‘কা’

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি কংগ্রেছ দলে গ্রহণ কৰা পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰি আইনখনৰ সপক্ষত যুক্তি দাঙি ধৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

নতুন দিল্লীত নেচনেল কেডেট কর্পছ (এন চি চি)ৰ কার্যসূচীত অংশ লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘কা’ক লৈ পূর্বৰ কংগ্রেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ চুবুৰীয়া ৰাষ্ট্রত ধর্মীয় নির্যাতনৰ বলি হৈ দেশত আশ্রয় গ্রহণ কৰি থকা সংখ্যালঘুক নাগৰিকত্ব প্রদানৰ বিজেপিৰ পুৰণি প্রতিশ্রুতিক সম্পূর্ণ কৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– ঐতিহাসিক অন্যায় শুদ্ধ কৰাৰ বাবেই নাগৰিকত্ব সংশোধনী বিধেয়ক অনা হৈছে৷

পূর্বৰ কংগ্রেছ চৰকাৰে চুবুৰীয়া ৰাষ্ট্রত ধর্মীয় নির্যাতনৰ বলি হোৱা সংখ্যালঘু সম্প্রদায়ৰ লোকক অৱহেলা কৰাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– পাকিস্তানত ধর্মীয় সংখ্যালঘুৰ নির্যাতনৰ প্রসংগক অস্বীকাৰ কৰা দলেই ‘কা’ সন্দর্ভত শংকাময় পৰিৱেশ এটাৰ সৃষ্টি কৰিছে৷ পাকিস্তানত ধর্মীয় নির্যাতনৰ বলি হোৱা লোকক আমি সহায় কৰাটো উচিত নহয় নেকি? কিছুদিন পূর্বে পাকিস্তানৰ সেনাৰ বিজ্ঞাপন এটা প্রকাশ পাইছিল৷ তাত স্পষ্টকৈ লিখা আছিল যে চাফাই কর্মীৰ পদৰ বাবে কেৱল অমুছলিম প্রার্থীয়েহে আবেদন কৰিব পাৰিব৷

You might also like