নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিঅ’ত ১১,৩৬৭ কোটি টকা বিনিয়োগ কৰিব ভিষ্টাই

নিয়মীয়া বাৰ্তা, ১০ মে’ : ক’ৰোনা মহামাৰীৰ সংকট আৰু দেশজোৰা লকডাউনৰ ফলত দেশৰ অর্থ ব্যৱস্থা ভাগি পৰিলেও থমকি ৰোৱা নাই জিঅ’ ৷ ফেচবুক আৰু ছিলভাৰ লেকৰ পিছতেই এইবাৰ ভাৰতৰ ধন কুবেৰ মুকেশ আম্বানিৰ জিঅ’ত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিছে আমেৰিকাৰ ভিষ্টা ইকুইটী পার্টনার্ছে ৷ চুক্তি অনুসৰি ভিষ্টাই জি’ৰ ২.৩২ শতাংশ শ্বেয়াৰ ক্রয় কৰিব ৷ আমেৰিকাৰ কোম্পানীটোৱে সেই হিচাপত ১১,৩৬৭ কোটি টকা বিনিয়োগ কৰিব৷ এই বিনিয়োগৰ ফলত জি’ই তিনি সপ্তাহৰ ভিতৰতে ফেচবুক, ছিলভাৰ লেক আৰু ভিষ্টাৰ জৰিয়তে ৬০,৫৯৬,৩৭ কোটি টকা বিদেশী বিনিয়োগ লাভ কৰিলে ৷ উল্লেখ্য যে জি’ত নতুন বিনিয়োগৰ ইকুইটী মূল ৪.৯১ লাখ কোটি টকা আৰু এণ্টাৰপ্রাইজ মূল হ’লগৈ ৫.১৬ কোটি টকা৷ ইফালে জি’ৰ স’তে ভিষ্টাই নতুন বিনিয়োগ চুক্তি সম্পন্ন কৰাৰ পিছত উৎফুল্লিত হৈ পৰিছে ৰিলায়েঞ্চ ইণ্ডাষ্ট্রিজৰ চেয়াৰমেন মুকেশ আম্বানি৷ তেওঁ ভিষ্টাক স্বাগতম জনাই কয় যে এই চুক্তিয়েই ভাৰতৰ ডিজিটেল ইক’ছিষ্টেমৰ অগ্রগতিত সহায় কৰিব আৰু ভাৰতক উন্নতিৰ পথত এখোজ আগবঢ়াই নিব৷

You might also like