নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলন মাস্কৰ স্পেচএক্স-ৰ উৎক্ষেপণ কেন্দ্রত ভয়াৱহ বিস্ফোৰণ

ষ্টাৰশ্বিপৰ পৰীক্ষাৰ সময়তেই ভয়াৱহ দুর্ঘটনা

এলন মাস্কৰ স্পেচএক্স-ৰ উৎক্ষেপণ কেন্দ্রত ভয়াৱহ বিস্ফোৰণ

নিউজ ডেস্ক, ২০ জুন : পুনৰ বিপর্যয় মার্কিন ধনকুবেৰ এলন মাস্কক বিপর্যয়ে নেৰা হৈছে৷ আমেৰিকাৰ টেক্সাছত অৱস্থিত স্পেচএক্সৰ উৎক্ষেপণ কেন্দ্রত ভয়াৱহ বিস্ফোৰণ৷ ইয়াৰ ফলত ষ্টাৰশ্বিপৰ আগন্তুক সকলো মিছন স্থগিত ৰখাৰ সিদ্ধান্ত ল’লে এলন মাস্কে৷

অৱশ্যে এই ঘটনাত হতাহতৰ খবৰ এতিয়াও জানিব পৰা হোৱা নাই৷ এলন মাস্কৰ ষ্টাৰশ্বিপ ৩৬ৰ এক গুৰুত্বপূর্ণ ষ্টেটিক ফায়াৰ পৰীক্ষা হোৱাৰ কথা আছিল৷ কিন্তু তাৰ পূর্বে ভয়াৱহ বিস্ফোৰণত কঁপি উঠে স্পেচএক্সৰ উৎক্ষেপণ কেন্দ্র৷ কি কাৰণত এই বিস্ফোৰণ সংঘটিত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷

সমগ্র বিষয়টো তন্নতন্নকৈ পৰীক্ষা কৰা হ’ব বুলি মাস্কৰ সংস্থাৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷ সূত্রই সদৰী কৰা অনুসৰি এই ভয়াৱহ বিস্ফোৰণত ষ্টাৰশ্বিপৰ প্র’টোটাইপৰ অভাৱনীয় ক্ষতি হৈছে৷ গতিকে আগন্তুক সকলো মিছন স্থগিত ৰাখিবলৈ বাধ্য হৈছে মাস্কৰ এই সংস্থাটোৱে৷

উল্লেখনীয় যে আগন্তুক ২৯ জুনত স্পেচএক্সে সংস্থাটোৰ পৰৱর্তী ষ্টাৰশ্বিপ মহাকাশলৈ উৎক্ষেপণৰ কথা ভাবিছিল৷ কিন্তু তাৰ পূর্বেই ঘটিল ভয়াৱহ ঘটনা৷ উল্লেখনীয় যে চলিত বর্ষত আৰম্ভণিতেই ব্যর্থ হৈছিল এলন মাস্কৰ স্পেচএক্সৰ ষ্টাৰশ্বিপ৷ উৎক্ষেপণৰ পিছতে নিয়ন্ত্রণ হেৰুৱাই ধ্বংস হৈ গৈছিল স্পেচ ষ্টাৰশ্বিপ

লাইভ ষ্ট্রিমিং চলা সময়ত উৎক্ষেপণ হোৱাৰ লগে লগে ইঞ্জিন বন্ধ হৈ গৈছিল মহাকাশ যানৰ৷ বাহামাছৰ ওপৰত এই মহাকাশ যানখন টুকুৰা টুকুৰ হৈ পৰিছিল৷ ইয়াৰ পিছত মাস্কে ঘোষণা কৰিছিল যে পৰৱর্তী সময়ত সকলো অভিযানৰ পূর্বে অধিক সতর্কতা অৱলম্বন কৰা হ’ব৷

আনকি সেই ব্যর্থতাই বহু দিশৰ ওপৰত শিক্ষা প্রদান কৰা বুলি মাস্কে ঘোষণা কৰিছিল৷ ইয়াৰ পিছত ধনকুবেৰগৰাকীৰ সংস্থাই মহাকাশ গৱেষণাৰ ক্ষেত্রত অধিক সতর্কতা অৱলম্বন কৰা বুলি দাবী কৰিছিল৷ আনকি ষ্টাৰশ্বিপৰ পৰৱর্তী উৎক্ষেপনৰ বাবে যথেষ্ট সময় লৈছিল সংস্থাটোৱে৷ সেই অনুসৰি বিভিন্ন পৰীক্ষা–নীৰিক্ষা চলাই থকা হৈছিল৷

এই পৰীক্ষাৰ অংশ হিচাপে সংস্থাটোৱে ষ্টাৰশ্বিপৰ গুৰুত্বপূর্ণ ষ্টেটিক ফায়াৰ পৰীক্ষা চলাইছিল৷ কিন্তু পৰীক্ষা চলাৰ সময়তেই উৎক্ষেপন কেন্দ্রত ভয়াৱহ বিস্ফোৰণ সংঘটিত হয়৷ আনকি এই বিস্ফোৰণে বিধ্বস্ত কৰে উৎক্ষেপন কেন্দ্রটোৰ গুৰুত্বপূর্ণ অংশ৷ ইয়াৰ মেৰামতিৰ বাবে যথেষ্ট সময়ৰ প্রয়োজন হ’ব বুলি স্পেছএক্সৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে৷

You might also like