নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ ন’ভেল ক’ৰোনা ভাইৰাছে বিশ্বজুৰি প্ৰায় প্ৰতিখন দেশৰে অৰ্থনীতি ভাঙি দিয়াৰ লগতে বহু ধনকুবেৰক বহু বিলিয়ন ডলাৰৰ লোকচানত ভোগাইছে । বিশ্বৰ ষ্টক বজাৰত যোৱা দুমাহ ধৰি সৃষ্টি হোৱা পতনৰ বাবে ভাৰতৰ তথা এছিয়াৰে সৰ্বাধিক ধনী উদ্যোগপতি মুকেশ আম্বানিকে ধৰি বহুকেইজন ধনকুবেৰ এতিয়া বিপদাপন্ন হৈ পৰিছে । হুৰুন গ্ল’ৱেল ৰিচ লিষ্টৰ প্ৰতিবেদন অনুসৰি ক’ৰোনা ভাইৰাছৰ প্ৰকোপৰ বাবেই শ্বেয়াৰ বজাৰত বৃহৎ পতন সংঘটিত হৈছে আৰু যাৰ বাবে ভাৰতৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্য়ক্ষ তথা কাৰ্যবাহী সঞ্চালক মুকেশ আম্বানিৰ সম্পত্তিৰ পৰিমাণ যোৱা দুমাহত ১৯ বিলিয়ন ডলাৰ হ্ৰাস পালে । যাৰ বাবে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত মুকেশ আম্বানিৰ আঠটা স্থানৰ অৱনমিত হৈ সপ্তদশ স্থানত অৱস্থান কৰিব লগা হৈছে । যোৱা দুটা মাহত আম্বানিৰ ২৮ শতাংশ সম্পত্তি হ্ৰাস পালে । প্ৰতিদিনে গড়ে ৩০০ নিযুত ডলাৰ লোকচানৰ সন্মুখীন হোৱা আম্বানিৰ দুমাহত ডুবিল ১৯ বিলিয়ন ডলাৰ । যাৰ বাবে ভাৰতৰ সৰ্বাধিক ধনী ব্যক্তিগৰাকীৰ যোৱা ৩১ মাৰ্চত সম্পত্তিৰ পৰিমাণ হ্ৰাস পালে ৪৮ বিলিয়ন ডলাৰলৈ । সমগ্ৰ বিশ্বৰ ভিতৰত সৰ্বাধিক সম্পত্তি হেৰুওৱা মুকেশ আম্বানি হ’ল দ্বিতীয়জন ব্যক্তি । সৰ্বাধিক লোকচানৰ সন্মুখীন হৈছে ফ্ৰান্সৰ এল ভি এম এইচৰ মুখ্য কাৰ্যবাহী বাৰ্নাৰ্ড আৰ্নল্ট । ক’ৰোনা ভাইৰাছৰ সংকটৰ সময়ছোৱাত বাৰ্নাৰ্ডে ৩০ বিলিয়ন ডলাৰ হেৰুৱালে । বৰ্তমান এইজন ধনকুবেৰৰ সম্পত্তিৰ পৰিমাণ হ্ৰাস পালে ৭৭ বিলিয়ন ডলাৰলৈ ।
হুৰুন গ্ল’ৱেল ৰিচ লিষ্টৰ তালিকাত প্ৰকাশিত আন এটা তথ্য মতে, ভাৰতৰ আন তিনিজন উদ্যোগপতি বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে । বিশ্বৰ শীৰ্ষৰ ১০০জন ধনী ব্যক্তিৰ তালিকাৰ পৰা এই তিনিজন ভাৰতীয় লোক বাদ পৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে । তেওঁলোকৰ এজন হ’ল গৌতন আদানী । যোৱা দুমাহত আদানীয়ে হেৰুৱাইছে ৬ বিলিয়ন ডলাৰ । অৰ্থাৎ মুঠ সম্পত্তিৰ ৩৭ শতাংশ । আনহাতে,এইচ চি এল টেকনল’জিছৰ শিৱ নাদাৰৰ লোকচান হৈছে ৫ বিলিয়ন ডলাৰ । অৰ্থাৎ সম্পত্তিৰ ২৬ শতাংশ । ইফালে, বেংকাৰ উদয় কোটাকৰ লোকচান হৈছে ৪ বিলিয়ন ডলাৰ । মুঠ সম্পত্তিৰ ২৪ শতাংশ । বিশ্বৰ আনল কেইজনমান ধনকুবেৰ আৰু শীৰ্ষৰ ১০ টা স্থানত থকা কাৰ্লোছ শ্লিম, বিল গেটছ, মাৰ্ক জুকাৰবাৰ্গ, লেৰী পেজ, ছাৰ্গে ব্ৰিন আৰু মাইকেল ব্লুমবাৰ্গৰো বৃহৎ লোকচান পৰিলক্ষিত হৈছে । কিন্তু ইয়াৰ বিপৰীতে চীনৰ কেইজনমান বিলিয়নাৰৰ সম্পত্তি এই সংকটকাল সত্বেও উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে ।