নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্ধন বেংকৰ বিত্তীয় সাফল্য অব্যাহত

সদ্যসমাপ্ত বিত্তীয় বর্ষৰ আমানত ৩২ শতাংশলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ সদ্যসমাপ্ত বিত্তীয় বর্ষৰ আমানত ৩২ শতাংশলৈ বৃদ্ধি হৈছে ৷ বেংকটোৰ মুঠ আমানত ধন হৈছে ৫৭,০৭৩ কোটি টকা ৷ ১৩ এপ্রিলত বন্ধন বেংকৰ তৰফৰ পৰা জনোৱা হৈছে যে চলিত লকডাউনৰ বাবে তেওঁলোকৰ কোনো প্রভাৱ পৰা নাই, বৰঞ্চ মাইক্র’বেংকিং আমানত স্থিতিশীল আৰু মজবুত হৈয়ে আছে ৷ বেংক কর্তৃপক্ষই প্রকাশ কৰা মতে চলিত বর্ষৰ ১ জানুৱাৰীৰ পৰা ২১ মার্চপর্যন্ত দেশজুৰি তেওঁলোকৰ মাইক্র’বেংকিং ব্যৱসায়ত আমানত সংগ্রহ প্রায় ৯৮.৭ শতাংশ৷ মুঠ আমানতৰ ৭৮.৪ শতাংশই হৈছে ৰিটেইল ডিপ’জিট ৷ বিগত বিত্তীয় বর্ষত ই ৩৪ শতাংশ বৃদ্ধি পাইছে আৰু ৩১ মার্চ, ২০২০ত ইয়াৰ পৰিমাণ হৈছে ৪৪,৭৬০ কোটি টকা ৷ তদুপৰি বিগত বিত্তীয় বছৰৰ শেষত বন্ধন বেংকৰ মুঠ আমানত ধনৰ পৰিমাণ আছিল ৪৩,২৩২ কোটি টকা ৷ এইখিনি সময়তে বেংকৰ ৰিটেইল ডিপ’জিটৰ পৰিমাণ আছিল ৩৩,৪৪৫ কোটি টকা ৷ বন্ধন বেংকৰ দেয় ঋণ আৰু অগ্রিম ধনৰ পৰিমাণ বিগত বিত্তীয় বর্ষত অতি কম সময়ৰ ভিতৰত বহু বাঢ়ি গৈছে৷ হিচাপ মতে, ২০১৯–২০ বিত্তীয় বর্ষত ঋণ আৰু অগ্রিম ৬০ শতাংশ বাঢ়ি হৈছে ৭১,৮২৫ কোটি টকা৷ ২০১৮–১৯ বিত্তীয় বর্ষৰ শেষত ইয়াৰ পৰিমাণ আছিল ৪৪,৭৭৬ কোটি টকা৷ যোৱা ৩১ মার্চপর্যন্ত হিচাপ অনুযায়ী বেংকৰ ওচৰত অতিৰিক্ত নগদ যোগান (এক্সেছ লিকুইডিটী) হৈছেগৈ ৮,৪০২ কোটি টকা৷ তদুপৰি বেংকটোৰ ব্যৱসায় এতিয়া যিটো পর্যায়ত আছে তাতে এম এছ এফৰ অধীনত আৰু ১,৮১৫ কোটি টকা বন্ধনে তুলিব পাৰিব ৷

You might also like