নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ ভাৰতঃ পিছ পৰি ৰ’ল ফ্ৰান্স-ব্ৰিটেইন

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ দেশত আৰ্থিক মন্দাৱস্থা চলি থকাৰ মাজতে মোডী চৰকাৰৰ বাবে আহিছে এটা ভাল খবৰ । ফান্স আৰু ব্ৰিটেইনক চেৰ পেলাই পঞ্চম বৃহত্তম অৰ্থনীতিৰ দেশৰ মৰ্যাদা পালে ভাৰতে । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংস্থা ৱৰ্ল্ড পপুলেশ্বন ৰিভিউৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে এই তথ্য । সংস্থাটোৱে জনোৱা অনুসৰি দ্ৰুত মুক্ত অৰ্থনীতিৰ দেশত পৰিণত হৈছে ভাৰতবৰ্ষ ।

২০১৯ বৰ্ষত ব্ৰিটেইনক চেৰ পেলাই সেই স্থান দখল কৰিছে ভাৰতে । ব্ৰিটেইনৰ অৰ্থনীতিৰ পৰিমাণ হ’ল ২.৮৩ ট্ৰিলিয়ন ডলাৰ , ফান্সৰ অৰ্থনীতিৰ পৰিমাণ ২.৭১ ট্ৰিলিয়ন ডলাৰ আৰু ভাৰতৰ হৈছে ২.৯৪ ট্ৰিলিয়ন ডলাৰ । সংস্থাটোৰ ৰিপৰ্টত কোৱা হৈছে যে, ক্ৰয় ক্ষমতাৰ ক্ষেত্ৰত ভাৰতে চেৰ পেলাইছে জাপান আৰু জাৰ্মানীক । সেই বাবেই ভাৰতৰ জিডিপিৰ হাৰ অত্যন্ত বেয়া অৰ্থাৎ ৭.৫ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস হৈছে এই পৰিমাণ ।

কেনেকৈ অৰ্থনীতিত ভাৰতে এনে এক ভাল ফল পাইছে সেই সম্বন্ধেও ক’লে মাৰ্কিন সংস্থাটোৱে । মাৰ্কিন সংস্থাৰ মতে ১৯৯০ চনৰ পৰা উদাৰ অৰ্থনীতিৰ মাজেৰে আগবাঢ়িছে ভাৰত । বিভিন্ন ক্ষেত্ৰত চৰকাৰী বিধি-নিষেধ বহুখিনি কমি যায় , বিদেশী পুঁজিৰ বাবে দুৱাৰ খোল খায় । সেই নীতিৰ ফলতেই আজি ভাৰতে এই স্থান পাইছে বুলি উল্লেখ কৰে ৱৰ্ল্ড পপুলেশ্বন ৰিভিউৱে ।

You might also like