নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্চত বিক্ৰী হ’ব এয়াৰ ইণ্ডিয়া-ভাৰত পেট্ৰ’লিয়াম

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে "দ্য টাইমছ অৱ ইণ্ডিয়া"ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উল্লেখ কৰিছে যে আগন্তুক বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত ভাৰত পেট্ৰ'লিয়াম আৰু এয়াৰ ইণ্ডিয়া বিক্ৰী কৰা হ'ব ।

নিউজডেস্ক, ১৮ নৱেম্বৰঃ দেশৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ভয়াৱহভাৱে নিম্নগামী হোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান ব্যক্তিগত মালিকৰ ওচৰত বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে । চৰকাৰৰ এনে তৎপৰতাৰ বিৰুদ্ধে দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যদিও কেন্দ্ৰৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰখনে এইক্ষেত্ৰত অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে । শেহতীয়াকৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে “দ্য টাইমছ অৱ ইণ্ডিয়া”ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উল্লেখ কৰিছে যে আগন্তুক বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত ভাৰত পেট্ৰ’লিয়াম আৰু এয়াৰ ইণ্ডিয়া বিক্ৰী কৰা হ’ব । ব্যক্তিগত মালিকৰ হাতত গতাই দিয়া হ’ব ৰুগ্ন এই চৰকাৰী সংস্থা দুটাক । ইতিমধ্যে ঋণৰ ফান্দত পৰা ৰুগ্ন প্ৰতিষ্ঠান দুটাক পুনৰ উজ্জীৱিত কৰাৰ দাবী উত্থাপন হৈছে যদিও কেন্দ্ৰীয় চৰকাৰে দুয়োটা সংস্থাক ব্যক্তিগত মালিকৰ হাতত বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে । বৰ্তমান এয়াৰ ইণ্ডিয়া ৫৮ হাজাৰ কোটি টকা ঋণৰ ফান্দত পৰি আছে । ইফালে ভাৰত পেট্ৰ’লিয়ামৰ ক্ষেত্ৰতো আহি পৰিছে নতুন সমস্যা ।

You might also like