নিয়মীয়া বাৰ্তা ,৩০ জানুৱাৰীঃ ক’ভিড প্রট’কল অনুসৰি অহা ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব সংসদৰ বাজেট অধিৱেশন৷ ১ ফেব্রুৱাৰীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতৰমণে সংসদত দাখিল কৰিব কেন্দ্রীয় বাজেট ২০২২–২৩৷ সপ্তদশ লোকসভাৰ অষ্টম অধিৱেশনৰ প্রথম দুদিনৰ কার্যসূচী ৩১ জানুৱাৰী আৰু ১ ফেব্রুৱাৰীত নাথাকে শূন্যকালীন ঘণ্টা৷ ৩১ জানুৱাৰীত দুয়ো সদনক সম্বোধন কৰিব ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে৷ ৭ ফেব্রুৱাৰীত ৰাষ্ট্রপতিৰ ভাষণৰ ধন্যবাদসূচক বিতর্কত অংশ ল’ব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷
উল্লেখ্য যে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে দ্বিতীয়বাৰৰ বাবে কাগজবিহীন বাজেট দাখিল কৰিব৷ ইয়াৰ পূর্বে বিত্তমন্ত্রীগৰাকীয়ে কেন্দ্রীয় বাজেট ২০২০–২১ কাগজবিহীন হিচাপে দাখিল কৰিছিল৷ বিত্তমন্ত্রীগৰাকীয়ে ১ ফেব্রুৱাৰীত বাজেট দাখিল কৰাৰ পাছত ২, ৩, ৪ আৰু ৭ ফেব্রুৱাৰীত লোকসভাত আৰু ২, ৩, ৭ আৰু ৮ ফেব্রুৱাৰীত ৰাজ্যসভাত বাজেট বিতর্ক হ’ব৷ ২ ফেব্রুৱাৰীৰ পৰা ৰাষ্ট্রপতিৰ ভাষণক লৈ তিনি দিন ধৰি বিতর্ক হ’ব৷ মন কৰিবলগীয়া যে ক’ভিড প্রট’কল অনুসৰি লোকসভা আৰু ৰাজ্যসভাৰ কার্যসূচী ব্যতিক্রমী ৰূপত অনুষ্ঠিত হ’ব৷