নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ বছৰীয়া যুৱকৰ মালিকানাধীন OYO বৃহৎ লোকচানৰ সন্মুখীন

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ বিশ্বজুৰি চলি আছে লকডাউন । স্বাভাৱিকভাৱেই এতিয়া স্তব্ধ হৈ পৰিছে হোটেল ব্যৱসায় । তাৰ প্ৰভাৱতেই এতিয়া বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে বিশ্বৰ অন্যতম বৃহৎ হোটেল সংস্থা অয়’ হোটেলছ্ এণ্ড হোমছ্ । বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা অয়’ৰ লগতে ক্ষতি হ’ব ছফ্টবেংকৰ ।

মাত্ৰ ২৬ বছৰীয়া ৰিতেশ আগৰৱাল হৈছে বিশ্বৰ অন্যতম বৃহৎ হোটেল ব্যৱসায় অয়’ৰ প্ৰতিষ্ঠাতা আৰু প্ৰধান । ৰিতেশ আগৰৱালৰ বিজনেছ মডেলত জাপানৰ উদ্যোগপতি মাছায়োছি ছনৰ আছিল বিশাল অৱদান । ছনৰ সংস্থা ছফ্টবেংক এণ্ড ছনৰ বিনিয়োগৰ ফলতেই জাতিষ্কাৰ হৈ উঠিছিল অয়’ৰ ব্যৱসায় । সমগ্ৰ বিশ্বতে ক্ৰমান্বয়ে যেন বিয়পি পৰিল অয়’ৰ এই ব্যৱসায় ।

২০১৯ বৰ্ষত অয়’ৰ মুঠ মূল্যায়ন দাম আছিল ১০ বিলিয়ন মাৰ্কিন ডলাৰ । তাৰ পাচতেই অয়’ৰ বৃহৎ শ্বেয়াৰ কিনিবৰ বাবে বিভিন্ন সংস্থাৰ পৰা ২ বিলিয়ন মাৰ্কিন ডলাৰৰ ঋণ লয় আগৰৱালে । এই ঋণৰ গ্যাৰেণ্টাৰ হিচাপে আছিল ছফ্টবেংকৰ প্ৰধান মাছায়োছি ছন । ফলত ভৱিষ্যতে অয়’ৰ শ্বেয়াৰ বজাৰত দাম হ্ৰাস পালে যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব আগৰৱাল আৰু ছফ্টবেংক । চলিত বছৰত বৰ্তমানলৈকে ১২ শতাংশ শ্বেয়াৰৰ দাম হ্ৰাস পাইছে অয়’ৰ । সোমবাৰে ৩.৪ শতাংশ পতন হয় অয়’ৰ শ্বেয়াৰত ।

You might also like