নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮৫০০০ টকীয়া iPhone হ’বগৈ এতিয়া ২.৫ লাখ টকাৰ!

এপলৰ উৎপাদনৰ এটা বৃহৎ অংশ প্ৰায় ৮০% চীনত হয় আৰু ই তাত প্ৰায় ৫০ লাখ লোকক কৰ্মসংস্থাপন প্ৰদান

৮৫০০০ টকীয়া iPhone হবগৈ এতিয়া ২.৫ লাখ টকাৰ!

কল্পনা কৰক আজি আপুনি ৮৫ হাজাৰ টকাত যি iPhone পাই আছে, সেই iPhoneৰ মূল্য যদি এদিন ২.৫ লাখ টকা হয়! হয়, এপলে ভাৰতৰ পৰিৱৰ্তে আমেৰিকাত আইফোন নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিলে এনে হ’ব পাৰে। আমেৰিকাত উৎপাদনৰ খৰচ তিনিগুণ বেছি, আৰু এই কাৰণেই iPhoneৰ দামো ইমান বৃদ্ধি পাব পাৰে।

সমগ্ৰ বিষয়টো আৰম্ভ হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক বক্তব্যৰ পিছত। ট্ৰাম্পে কয় যে তেওঁ এপলৰ চিইঅ’ টিম কুকক কথা পাতিছে আৰু তেওঁক জনাইছে যে কোম্পানীটোৱে ভাৰতত সম্প্ৰসাৰণ কৰিব নালাগে। এই সন্দৰ্ভত ভাৰতৰ উদ্যোগ আৰু কাৰিকৰী বিশেষজ্ঞৰ চোকা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

মহাৰাষ্ট্ৰ চেম্বাৰ অৱ কমাৰ্চ, ইণ্ডাষ্ট্ৰীজ এণ্ড এগ্ৰিকালচাৰ (এমচিচিআইএ)ৰ সঞ্চালক প্ৰধানে স্পষ্টকৈ কৈছিল, ‘আইফোন যদি আমেৰিকাত নিৰ্মিত হয়, তেন্তে ইয়াৰ খৰচ ৩০০০ ডলাৰ অৰ্থাৎ প্ৰায় ২.৫ লাখ টকা পৰ্যন্ত হ’ব পাৰে। আনহাতে বৰ্তমান একেটা ফোন ভাৰত বা চীনত ১০০০ ডলাৰ (৮৫,০০০)ত নিৰ্মাণ কৰা হয়। আমেৰিকাৰ গ্ৰাহকে ইমান বেছি মূল্য দিবনে?”

তেওঁ লগতে কয় যে বৰ্তমান এপলৰ উৎপাদনৰ এটা বৃহৎ অংশ প্ৰায় ৮০% চীনত হয় আৰু ই তাত প্ৰায় ৫০ লাখ লোকক কৰ্মসংস্থাপন প্ৰদান কৰে। ভাৰতত উৎপাদন সম্প্ৰসাৰণৰ এপলৰ লক্ষ্য হৈছে চীনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা, আমেৰিকাৰ পৰা কাম কাঢ়ি লোৱা নহয়।

টেলিকম সঁজুলি নিৰ্মাতা সংস্থাৰ (TEMA) অধ্যক্ষ এন. কে. গোৱালে কয়, ‘এপলে যোৱা এবছৰত ভাৰতৰ পৰা ১.৭৫ লাখ কোটি মূল্যৰ আইফোন নিৰ্মাণ কৰিছে। ভাৰতত তেওঁলোকৰ তিনিটা উৎপাদন কাৰখানা আছে আৰু আৰু দুটা উৎপাদন কাৰখানাৰ পৰিকল্পনা কৰিছে। এনে পৰিস্থিতিত যদি এপলে ভাৰত এৰি যায় তেন্তে হয়তো বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব।

গোৱালে লগতে কয় যে সমগ্ৰ বিশ্বতে বাণিজ্যিক নিয়ম অহৰহ পৰিৱৰ্তিত হৈ আছে আৰু শুল্ক (আমদানি-ৰপ্তানি কৰ)ও বৃদ্ধি পাইছে। এনে পৰিস্থিতিত এপলে ভাৰত এৰি যোৱাটো বুদ্ধিমানৰ কাম নহ’ব৷

কেপিএমজিৰ প্ৰাক্তন অংশীদাৰ জয়দীপ ঘোষে কয়, ‘এপলৰ পৰিৱেশতন্ত্ৰ ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদিহে কোম্পানীটো দীৰ্ঘকালীনভাৱে ভাৰতৰ বাহিৰলৈ যায় তেন্তে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ দেশৰ অৰ্থনীতি আৰু কৰ্মসংস্থাপনত পৰিব। আমেৰিকাত আইফোন নিৰ্মাণ কৰাটো সহজ নহয় কাৰণ তাত শ্ৰমৰ খৰচ অতি বেছি।

বিশেষজ্ঞসকলৰ মতামত অতি স্পষ্ট, ভাৰতত iPhone নিৰ্মাণ কৰাটো কোম্পানীটোৰ বাবে সস্তা আৰু গ্ৰাহকৰ বাবেও উপকাৰী। যদিহে আইফোন আমেৰিকাত নিৰ্মাণ কৰা হয় তেন্তে ইয়াৰ দাম আকাশলংঘী হ’ব পাৰে, যাৰ ফলত গ্ৰাহকক সুখী নহ’ব আৰু এপলৰ উপাৰ্জনো বৃদ্ধি নহ’ব। এতিয়া আমি চাব লাগিব এপল আৰু আমেৰিকা চৰকাৰে এই সন্দৰ্ভত কি সিদ্ধান্ত লয়, কিন্তু বৰ্তমান ভাৰত আইফোন নিৰ্মাণৰ বাবে এক উন্নত বিকল্প হৈয়েই আছে।

You might also like