নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এন বি এফ চিলৈ ৩০ হাজাৰ কোটিৰ পেকেজ

নিয়মীয়া বাৰ্তা, ১৪ মে’ : লকডাউনৰ সময়ত নন–বেংকিং ফাইনেন্সিয়েল কোম্পানী (এন বি এফ চি) লগতে হাউছিং ফাইনেন্স আৰু মাইক্র’ফাইনেন্স কোম্পানীসমূহ সংকটৰ সন্মুখীন হোৱা বুলি সীতাৰমণে স্বীকাৰ কৰে ৷ এই প্রতিষ্ঠানসমূহক সকাহ দিবলৈ চৰকাৰে ৩০ হাজাৰ কোটিৰ পেকেজ সাজু কৰিছে ৷ এই ধন কেন্দ্রীয় চৰকাৰে উক্ত প্রতিষ্ঠানসমূহক বিনিয়োগ কৰিব ৷ সেইদৰে চৰকাৰী বিদ্যুৎ উৎপাদনকাৰী আৰু বিদ্যুৎ সৰবৰাহকাৰী সংস্থাসমূহ গভীৰ বিত্তীয় সংকটৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰে সীতাৰমণে ৷ তেওঁ কয় যে এই সংস্থাসমূহক সকাহ দিবলৈ ৯০ হাজাৰ কোটি টকাৰ পেকেজ প্রস্তুত কৰা হৈছে৷ ইয়াৰ জৰিয়তে বিদ্যুৎ উৎপাদনকাৰী আৰু সৰবৰাহকাৰী চৰকাৰী সংস্থাসমূহে বিনা গেৰাণ্টীত ঋণ ল’ব পাৰিব৷ এইক্ষেত্রত সংস্থাসমূহৰ হৈ চৰকাৰী গেৰাণ্টী দিয়া হ’ব ৷ বিত্তমন্ত্রী সীতাৰমণে লগতে ঘোষণা কৰিছে যে ২০০ কোটি টকা পর্যন্ত চৰকাৰী নিবিদা ‘গ্ল’বেল টেণ্ডাৰ’ কৰা নহ’ব৷ ইয়াৰ ফলত এই সুবিধা লাভ কৰিব ক্ষুদ্র আৰু মজলীয়া উদ্যোগসমূহে৷ সীতাৰমণে কয় যে প্রধানমন্ত্রী মোদীয়ে কালি ঘোষণা কৰা আত্মনির্ভৰ ভাৰত অভিযানৰ কাম ইতিমধ্যে ৰূপায়ণ কৰা হৈছে৷ ক’ৰোনা ভাইৰাছৰ লকডাউনৰ সময়ত ৪১ কোটি জনধন একাউণ্টত ৫২,৬০৬ কোটি টকা জমা দিয়া হৈছে৷ তেওঁ কয় যে প্রথম লকডাউনৰ আৰম্ভণিতে প্রধানমন্ত্রী গৰিব কল্যাণ যোজনাৰ জৰিয়তে ১.৭ লাখ কোটি টকা ঘোষণা কৰা হৈছিল৷ প্রধানমন্ত্রীয়ে কালি দিয়া ভাষণৰ স্থিতি দি তেওঁ কয়– আত্মনির্ভৰ ভাৰতৰ ৫টা স্তম্ভ হ’ব– অর্থনীতি, পৰিকাঠামো, ছিষ্টেম, জনসংখ্যা আৰু চাহিদা ৷

You might also like