আমাজান-ফ্লিপকার্টত পাকিস্তানী পতাকা বিক্রী নিষিদ্ধ
ই–কমার্চ প্লেটফর্মলৈ জাননী কেন্দ্রীয় চৰকাৰৰ
নিউজ ডেস্ক, ১৫ মে’ : যুদ্ধবিৰতি চলি থাকিলেও পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতিত ভাৰত৷ যুদ্ধবিৰতিৰ গইনাৰে সিন্ধু জলচুক্তি স্থগিতকৰণ প্রক্রিয়া প্রত্যাহাৰৰ অনুনয় বিনয় পাকিস্তানে কৰিলেও ভাৰতে সিন্ধু জলচুক্তি স্থগিত ৰখাৰ সিদ্ধান্তত অটল আছে৷
ইপিনে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতিত থকা নতুন দিল্লীয়ে আমাজান, ফ্লিপকার্টকে ধৰি কেইবাটাও ই–কমার্চ প্লেটফর্মলৈ পাকিস্তানী পতাকা পাকিস্তানী পতাকা বিক্রী নকৰিবলৈ নির্দেশ দিছে৷ ই–কামর্চ প্লেটফম আমাজান ইণ্ডিয়া, ফ্লিপকার্ট, ইউবাই ইণ্ডিয়া আৰু এটচি তাৎক্ষণিকভাৱে পাকিস্তান পতাকা আৰু দেশখন সম্পর্কীত সামগ্রী বিক্রী নকৰিবলৈ নিষেধাজ্ঞা জাৰি কৰিছে৷
ৰাষ্ট্রীয় আইনৰ অধীনত এই নিষেধাজ্ঞা জাৰি কৰিছে কেন্দ্রীয় গ্রাহক পৰিক্রমা আৰু খাদ্য মন্ত্রালয়ে৷ কেন্দ্রীয় গ্রাহক সুৰক্ষা প্রাধিকৰণ চমুকৈ চিচিপিয়ে মন্ত্রালয়ৰ নির্দেশৰ পাছত ই–কমার্চ কোম্পানীকেইটালৈ পাকিস্তানী পতাকা বিক্ৰী নকৰিবলৈ নির্দেশনা জাৰি কৰিছে৷
উল্লেখ্য যে কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্রেডার্ছে কিছুদিন পূর্বে কেন্দ্রীয় বাণিজ্যমন্ত্রী পীয়ূষ গোৱেলকে ধৰি গ্রাহক পৰিক্রমা মন্ত্রী প্রহ্লাদ যোশীক পাকিস্তানী পতাকাকে ধৰি দেশখন সম্পর্কিত সামগ্রী পাকিস্তানী পতাকা বিক্রী কৰাত নিষেধাজ্ঞা জাৰি কৰিবলৈ আহ্বান জনাইছিল৷ সেই আহ্বানৰ প্রতি লক্ষ্য ৰাখি নতুন দিল্লীয়ে এই পদক্ষেপ গ্রহণ কৰিছে৷