IND-USৰ মাজত বাণিজ্য চুক্তি, দ্বিপাক্ষিক বাণিজ্যক $500 বিলিয়নলৈ বৃদ্ধিৰ লক্ষ্য
আমি কিছু উৎকৃষ্ট চুক্তিৰ আলোচনা চলাই আছো। হয়তো ভাৰতৰ সৈতে এটা চুক্তি শীঘ্ৰে আহি আছে
IND-US বাণিজ্য চুক্তি : মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সুদূৰপ্ৰসাৰী বাণিজ্য চুক্তিৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি কৈছে যে আমেৰিকা আৰু ভাৰতৰ মাজত এটা “অতি ডাঙৰ” বাণিজ্য চুক্তি শীঘ্ৰে ঘোষণা হ’ব পাৰে।
হোৱাইট হাউছত অনুষ্ঠিত অনুষ্ঠানত ট্ৰাম্পে কয়, “আমি কিছু উৎকৃষ্ট চুক্তিৰ আলোচনা চলাই আছো। হয়তো ভাৰতৰ সৈতে এটা চুক্তি শীঘ্ৰে আহি আছে।”
এই মন্তব্য ১০ জুনত সমাপ্ত হোৱা ভাৰত আৰু আমেৰিকাৰ অধিকাৰিকসকলৰ চাৰিদিনীয়া গোপন আলোচনাৰ পাছত আহিছে। উক্ত আলোচনা মূলতঃ শিল্প আৰু কৃষিজ পণ্যৰ ওপৰত টাৰিফ হ্ৰাস আৰু বাণিজ্য বাধা হ্ৰাস কৰাৰ ওপৰত কেন্দ্ৰীভূত আছিল।
চুক্তিৰ লক্ষ্য হৈছে বৰ্তমান বছৰে প্ৰায় $190 বিলিয়ন মূল্যেৰ দ্বিপাক্ষিক বাণিজ্যক ২০৩০ চনৰ ভিতৰত $500 বিলিয়নলৈ বৃদ্ধি কৰা।
ভাৰতৰ বাণিজ্যমন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে দুয়োখন ৰাষ্ট্ৰই “ন্যায্য, সমতা-ভিত্তিক আৰু সুষম চুক্তি”ৰ লক্ষ্য লৈ আগবাঢ়িছে, যাৰ পৰা দুয়োপক্ষই লাভৱান হ’ব। তেওঁৰ আমেৰিকান প্ৰতিপক্ষ, কমাৰ্চ ছেক্ৰেটাৰী হোৱাৰ্ড লাটনিকেও এই চুক্তি শীঘ্ৰে সম্পন্ন হোৱাৰ আশা প্ৰকাশ কৰিছে।
ট্ৰাম্পে লগতে উল্লেখ কৰে যে সকলো দেশৰ সৈতে চুক্তি নহ’ব, আৰু কিছুমান দেশৰ ওপৰত উচ্চ কৰ আৰোপ কৰা হ’ব।
তেওঁ নিজৰ ভাষণত উল্লেখ কৰে যে চীনৰ সৈতে এটা নতুন বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিছে, যাৰ অধীনত দ্ৰুতগতিত rare earth পদাৰ্থৰ আমদানি নিশ্চিত কৰা হ’ব। এই পদক্ষেপ চীন-আমেৰিকাৰ মাজৰ অতীতৰ উত্তেজনাৰ পৰিপ্ৰেক্ষিতত এক গুরুত্বপূর্ণ অগ্ৰগতি বুলি মন্তব্য কৰিছে হোৱাইট হাউচৰ এজন বিষয়াই।
Niyomiya Barta Desk, Date of published : 27 June, 2025