নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ অর্থনৈতিক বিকাশৰ হাৰ ৯.৫ শতাংশঃ আইএমএফ

নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ  বিত্তীয় বর্ষ ২০২১–২২ত ভাৰতৰ অর্থনৈতিক বিকাশৰ হাৰ ৯.৫ শতাংশ হ’ব৷ মঙলবাৰে আন্তর্জাতিক মুদ্রা নিধি (আইএমএফ)য়ে এপ্রিল মাহৰ সমীক্ষাক সংশোধন ঘটাই চলিত বিত্তীয় বর্ষত ভাৰত অর্থনৈতিক বিকাশ ১২.৫ শতাংশৰ পৰা ৯.৫ শতাংশ হ্রাস পাব বুলি প্রকাশ কৰিছে৷

উল্লেখ্য যে আইএমএফে চলিত বর্ষৰ এপ্রিল মাহত দেশখনৰ অর্থনৈতিক বিকাশ ১২.৫ শতাংশৰ সম্ভাৱনা ব্যক্ত কৰিছিল৷ দেশখনত সম্প্রতি ভেকচিনৰ নাটনি আৰু ক’ৰোনা ভাইৰাছৰ নতুন জোৱাৰৰ সম্ভাৱনাক লৈ সংশোধিত অর্থনৈতিক বিকাশৰ হাৰ প্রকাশ কৰিছে৷

আইএমএফৰ নতুন সংশোধিত প্রতিবেদন মর্মে চলিত বিত্তীয় বর্ষত দেশৰ অর্থনৈতিক বিকাশৰ হাৰ ৯.৫ শতাংশত সীমাবদ্ধ হ’ব৷ আইএমএফৰ মতে মার্চ–মে’ মাহত ভয়াৱহ ক’ভিড বিত্তীয় জোৱাৰৰ বাবে দেশখনৰ অর্থনৈতিক বিকাশ পুনৰুদ্ধাৰৰ প্রক্রিয়া লেহেম হৈ পৰে৷

You might also like