এলআইচিত পৰি আছে দাবীদাৰহীন ২১,৫৩৯ কোটি
পলিচী হ’ল্ডাৰৰ মৃত্যুৰ পাছত দীর্ঘদিন ধৰি বহু পৰিয়ালে দাবী কৰা নাই ইন্সুৰেঞ্চৰ প্রাপ্য
নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় বাজেট ২০২২–২৩ত ঘোষণা কৰা মতেই ভাৰতীয় জীৱন বীমা নিগম, চমুকৈ এল আই চিৰ আই পি অ’ বজাৰত মুকলি কৰাৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ এল আই চিৰ আই পি অ’ (ইনিচিয়েল পাব্লিক অফাৰিং) মুকলি কৰাৰ পূর্বে প্রস্তুত কৰা আই পি অ’ খচৰা পত্রত এল আই চিত গ্রাহকে দাবী নকৰা ২১,৫৩৯ কোটি টকাৰ পুঁজিৰ তথ্য প্রকাশ পাইছে৷
কেন্দ্রীয় চৰকাৰে এল আই চিৰ ৫ শতাংশ শ্বেয়াৰ অফাৰ ফৰ ছেল (অ’ এফ এছ) প্রস্তাৱক লৈ বজাৰ নিয়ন্ত্রক ছেবিৰ সৈতে এল আই চিয়ে প্রস্তুত কৰা খচৰাত এল আই চিত ২১,৫৩৯ কোটি টকা গ্রাহকে দাবী নকৰা ধন আছে বুলি উল্লেখ কৰা হৈছে৷ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ড অৱ ইণ্ডিয়াৰ দাখিলকৃত ড্রাফ্ট ৰেড হেৰিং প্র’ছপেক্টাছ (ডি আৰ এইচ পি)ৰ তথ্য মতে, এল আই চি পলিচী হ’ল্ডাৰৰ দাবী নকৰা ধনৰ পৰিমাণ ২০২১ বর্ষৰ মার্চৰ শেষলৈকে ১৮,৪৯৫ কোটি টকা৷ ইয়াৰ পূর্বে ২০২০ চনৰ মার্চৰ শেহলৈকে এই ধনৰ পৰিমাণ আছিল ১৬,০৫২.৬৫ কোটি টকা৷ পলিচী হ’ল্ডাৰে দাবী নকৰা ধনৰ সুদসহ ২০২১ চনৰ ছেপ্ঢেম্বৰলৈকে মুঠ ধন হয়গৈ ২১,৫৩৯ কোটি টকা৷ এল আই চিৰ আই পি অ’ খচৰাত প্রকাশ পোৱা পলিচী হ’ল্ডাৰে দাবী নকৰা এই ধন সন্দর্ভত পলিচী হ’ল্ডাৰে এল আই চিৰ ৱেবছাইটত গৈ বিতং তথ্য জানিব পাৰিব৷
পলিচী হ’ল্ডাৰে ৱেবছাইটত গৈ এল আই চি পলিচী নম্বৰ, নাম, জন্মৰ তাৰিখ আৰু পান কার্ড দাখিল কৰি সমগ্র তথ্য জানিব পাৰিব৷ পলিচী হ’ল্ডাৰৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকে দাবী নকৰা বীমা ধনৰ লগতে আন বিভিন্ন গ্রাহকে দাবী নকৰা ধন সন্দর্ভত প্রকাশিত পত্রত এই কথাও উল্লেখ কৰা হৈছে যে ১০ বছৰ পুৰণি দাবী নকৰা ধনৰাশি ২০১৫ চনত বলৱৎ কৰা আইনৰ অধীনত জ্যেষ্ঠ নাগৰিক কল্যাণ পুঁজি (এছ চি ডব্লিউ এফ) পুঁজিলৈ হস্তান্তৰ কৰা হয়৷
লক্ষণীয় যে এল আই চিত পলিচী হ’ল্ডাৰে দাবী নকৰা ধনৰ পৰিমাণ কেন্দ্রীয় চৰকাৰৰ কেইবাটাও মন্ত্রালয়ৰ বাজেটতকৈ অধিক৷ অসামৰিক পৰিবহণ মন্ত্রালয়, বৈদ্যুতিন আৰু তথ্য–প্রযুক্তি মন্ত্রালয়, বৈদেশিক পৰিক্রমা মন্ত্রালয় আৰু পৰিৱেশ, বন আৰু জলবায়ু মন্ত্রালয়ৰ বাজেটতকৈ অধিক৷ তথ্য মতে এল আই চিত গ্রাহকে দাবী নকৰা ধনৰ পৰিমাণ বিগত ৬ মাহত অর্থাৎ ২০২১ চনৰ পৰা ছেপ্টেম্বৰলৈকে ১৬.৫ শতাংশ বৃদ্ধি পাইছে৷ আনপিনে বিগত ৬ মাহত গ্রাহকৰ ৪,৩৪৬.৫ কোটি টকা দাবী নকৰা ধনৰ পুঁজিলৈ স্থানান্তৰ কৰা হৈছে৷ এই সময়ছোৱাত ১,৫২৭.৬ কোটি টকা গ্রাহকক দিয়া হৈছে৷ দীর্ঘদিন ধৰি বৃহৎ পৰিমাণৰ দীবা নকৰা ধন পৰি আছে৷ কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ অর্থনৈতিক পৰিক্রমা বিভাগৰ বাজেট ডিভিজনৰ দ্বাৰা জাৰি কৰা গ্রাহকে দাবী নকৰা ধন এছ চি ডব্লিউ এফলৈ হস্তান্তৰৰ প্রক্রিয়াক সকলো বীমাকর্তাই মানিব লাগিব৷