নিয়মীয়া বাৰ্তা ১ মেঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ বাবে দেশজুৰি ৪৫ দিনীয়া লকডাউনৰ ফলত যান–বাহন খণ্ডত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে৷ ৪৫ দিনীয়া লকডাউনত যান–বাহনৰ উৎপাদনৰ সমান্তৰালকৈ বিক্রী বন্ধ থকাৰ ফলত এপ্রিল মাহত এখনো গাড়ী বিক্রী নহ’ল মাৰুতিৰখণ্ডটোৱে ১ লাখ কোটি টকা লোকচানৰ সন্মুখীন হৈছে৷ তথ্য মতে, অটোম’বাইল উদ্যোগটোৰ প্রতিদিনৰ লোকচান হ’ল ২,৩০০ কোটি টকা৷ যোৱা ২৫ মার্চৰ পৰা ৩ মে’লৈকে যান–বাহন উদ্যোগৰ উৎপাদন আৰু বিক্রী বন্ধ হৈ আছে৷ আনহাতে, কিছুসংখ্যক যান–বাহন উৎপাদন উদ্যোগ যোৱা ২০ মার্চৰ পৰাই বন্ধ হৈছিল৷ এই ৪৫ দিনীয়া বন্ধত উৎপাদন আৰু বিক্রী সম্পূর্ণ বন্ধ হৈ পৰাত চৰকাৰেও জি এছ টি হেৰুৱাব ২৮ হাজাৰ কোটি টকাতকৈ অধিক৷ ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ আন ১৪,০০০ কোটি টকাৰ কৰ হেৰুৱাব৷ উল্লেখ্য যে যান–বাহন খণ্ডৰ প্রতি নামি অহা শংকা আঁতৰোৱাৰ লক্ষ্যৰে কিছুসংখ্যক মটৰ কোম্পানীক চৰকাৰে উৎপাদন কাৰখানা পুনৰ আৰম্ভ কৰিবলৈ নির্দেশ দিছে যদিও গ্রাহকৰ চাহিদা, শ্ব’ ৰুম বন্ধ আদিৰ বাবে কোম্পানীসমূহে উৎপাদনত আগ্রহ প্রকাশ কৰা নাই৷ ৩ মে’ৰ পাছত দেশৰ পৰিস্থিতি কোন দিশে আগবাঢ়ে, তাৰ প্রতি লক্ষ্য ৰাখিহে মটৰ কোম্পানীসমূহে উৎপাদনৰ ক্ষেত্রত পদক্ষেপ গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ আনহাতে, ২০১০ চনৰ পাছত যান–বাহনৰ বিক্রী চলিত বর্ষটোত সর্বনিম্ন হোৱাৰ সম্ভাৱনা আছে৷ ইফালে দেশৰ অটোম’বাইল উদ্যোগৰ ইতিহাসত প্রথমবাৰৰ বাবে প্রায় বিক্রীবিহীনভাৱে পাৰ হ’ল যোৱা এপ্রিল মাহ৷ দেশৰ সর্ববৃহৎ বাহন নির্মাণ কোম্পানী মাৰুতি ছুজুকীয়ে বিক্রীবিহীনভাৱে কটালে যোৱা এপ্রিল মাহটো৷ এয়াও এক অনাকাংক্ষিত ইতিহাস৷ লকডাউনৰ পৰিপ্রেক্ষিতত যোৱা মাহত মাৰুতি ছুজুকীৰ নির্মাণখণ্ড বন্ধ ৰাখিব লগা হয়৷ অৱশ্যে কেন্দ্রীয় চৰকাৰে এপ্রিলৰ শেষৰফালে মাৰুতিক নতুন গাইডলাইন অনুসৰি গুজৰাট আৰু হাৰিয়ানাত কোম্পানীৰ উৎপাদন আৰু বিক্রীৰ কাম আৰম্ভ কৰিবলৈ অনুমতি দিয়ে যদিও কোম্পানীটোৱে বিক্রীশূন্যভাৱে মাহটো কটাব লগা হয়৷ কেৱল মাৰুতি ছুজুকীয়েই নহয়, টিভিএছ মটৰ, এমজি মটৰ আদি দেশৰ অটোম’বাইল খণ্ডৰ সকলো কোম্পানীয়ে যোৱা এপ্রিল মাহত ভয়ংকৰ লোকচানৰ সন্মুখীন হৈছে৷ উল্লেখ্য যে ভাৰতৰ অটোম’বাইল খণ্ডত প্রত্যক্ষ আৰু পৰোক্ষভাৱে ৪০ নিযুত লোক জড়িত হৈ আছে৷ দেশৰ জি ডি পিত অটোম’বাইল খণ্ডই ৮ শতাংশ সহযোগ আগবঢ়োৱাৰ উপৰি চৰকাৰৰ কৰ সংগ্রহৰ ক্ষেত্রত ১৫ শতাংশ অৰিহণা যোগায়৷