নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভাৱনীয় উত্থান সর্বকালৰ শিখৰত ছেনছেক্স

নিয়মীয়া বাৰ্তা, ৮ জুনঃ দেশত ক’ভিড–১৯ৰ সংক্রমণ তথা আক্রান্তৰ সংখ্যা নিম্নগামী হৈ থকাৰ বাবেই শ্বেয়াৰ বজাৰত অভাৱনীয় উত্থান ঘটিছে৷ দেশৰ ৰাজধানী দিল্লীৰ পৰা বাণিজ্যিক ৰাজধানী মুম্বাইলৈকে ক’ভিড–১৯ লকডাউন পর্যায়ক্রমে শিথিল হোৱাৰ পৰিপ্রেক্ষিতত সোমবাৰে শ্বেয়াৰ বজাৰত সর্বকালৰ অভিলেখ ভংগ কৰি উত্থান ঘটে৷

বি এছ ই ছেনছেক্স অর্থাৎ বোম্বে ষ্ট’ক এক্সচেঞ্জৰ ছেনছেক্স ঊর্ধ্বগামী হৈ সর্বকালৰ শিখৰত ৫২,৩২৮ পইণ্টত বজাৰ সামৰণি পৰে৷ তেনেদৰে এন এছ ই নিফ্টীও .২৫ শতাংশ বৃদ্ধিৰে ১৫,৭৫১ পইণ্টত বজাৰ সামৰণি পৰে৷ তথ্য মতে সোমবাৰে পুৱা বজাৰ আৰম্ভ হোৱাৰ লগে লগে ছেনছেক্সত ইতিবাচক প্রভাৱ পৰিবলৈ ধৰে৷ বিয়লি সামৰণি পৰালৈকে বি এছ ই ছেনছেক্স ২২৮ পইণ্ট ঊর্ধ্বগামী হৈ পর্বৰ সকলো অভিলেখ ভংগৰে ৫২,৩২৮ পইণ্টত বজাৰ সামৰণি পৰে৷ তেনেদৰে নিফ্টীও বজাৰ সামৰণি পৰালৈকে ৮১.৪০ পইণ্ট ঊর্ধ্বগামী হৈ ১৫,৭৫১ পইণ্টত সমাপ্ত হয়৷

মন কৰিবলগীয়া যে ছেনছেক্সত সকলোতকৈ লাভান্বিত পাৱাৰ গ্রিড৷ পাৱাৰ গ্রিডৰ শ্বেয়াৰ ৪.৪ শতাংশ বৃদ্ধি পায়৷ ইয়াৰ পাছতেই এন টি পি চি, আল্টাটেক চিমেণ্ট আৰু ৰিলায়েন্স ইণ্ডাষ্ট্রিজ লাভান্বিত হয়৷ নিফ্টীৰ মিডিয়া ইনডেস্ক সকলোতকৈ লাভান্বিত হয়৷ সোমবাৰে বজাৰ সামৰণি পৰালৈকে মিডিয়াৰ সূচাংক ১.১৬ শতাংশ বৃদ্ধি পায়৷ ইয়াৰ পাছতেই নিফ্টী আই টিয়ে ১.১১ শতাংশ শ্বেয়াৰ বৃদ্ধিৰে বজাৰ সামৰণি পৰে৷ তেনেদৰে নিফ্টীৰ বেংকসমূহো .৪৩ শতাংশ বৃদ্ধি পায়৷

উল্লেখ্য যে বিগত সপ্তাহত বি এছ ই ছেনছেক্স আৰু এন এছ ই নিফ্টী ১.৬ শতাংশ বৃদ্ধি পাইছিল৷ ক্রমাগত তৃতীয় সপ্তাহ ধৰি ছেনছেক্সৰ উত্থান অব্যাহত আছে৷

You might also like