নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীতকালীন অধিৱেশনৰ পৰা সদনত প্রচলিত হ’ব বড়ো ভাষা

নিয়মীয়া বাৰ্তা, ৮ জুনঃ ৰাজ্য চৰকাৰে বড়ো ভাষাক অসমৰ সহযোগী ভাষাৰ মর্যাদা দিয়াৰ পাছত অসম বিধানসভাই সদনত বড়ো ভাষা প্রচলনৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ অহা ডিচেম্বৰ মাহত হ’বলগীয়া বিধানসভাৰ শীতকালীন অধিৱেশনৰ পৰা সদনৰ কার্যক্রমণিকাত বড়ো ভাষা সংযোজন হ’ব৷ অর্থাৎ কোনো জনপ্রতিনিধিয়ে বড়ো ভাষাত প্রশ্ন কৰাৰ লগতে বক্তব্যও আগবঢ়াব পাৰিব৷ ইয়াৰ বাবে বিধানসভা সচিবালয়ত বড়ো ভাষা জনা উপ–সচিব পর্যায়ৰ বিষয়াৰ পৰা আৰম্ভ কৰি অনুবাদক নিযুক্তি দি প্রয়োজনীয় আন্তঃগাঁথনি গঢ়ি তুলিব৷ এই সন্দর্ভত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সোমবাৰে ইউ পি পি এল, বি পি এফৰ বিধায়কসকলৰ লগতে বড়ো সাহিত্য সভা, এবছু, বড়ো ৰাইটার্ছ একাডেমী আদিৰ সৈতে মত বিনিময় কৰি এই বিষয়ে সদৰী কৰাৰ লগতে বিভিন্ন দিশত পৰামর্শ গ্রহণ কৰে৷

বৈঠকখনত অধ্যক্ষ দৈমাৰীয়ে সংশ্লিষ্টসকলক সদনত প্রচলিত শব্দসমূহৰ বড়ো ভাষাৰ শব্দ সংগ্রহ কৰাৰ বাবেও অনুৰোধ জনায়৷ অধ্যক্ষ দৈমাৰীয়ে প্রকাশ কৰা অনুসৰি অহা জুলাই মাহত হ’বলগীয়া বাজেট অধিৱেশনৰ সময়ত বড়ো ভাষা প্রচলন নহ’ব৷ অহা ডিচেম্বৰ মাহত হ’বলগীয়া শীতকালীন অধিৱেশনৰ পৰাহে বড়ো ভাষাৰ প্রচলন হ’ব৷ নতুন বিধানসভা ভৱনত হ’বলগীয়া উক্ত শীতকালীন অধিৱেশনত কোনো জনপ্রতিনিধিয়ে বড়ো ভাষাত বক্তব্য আগবঢ়োৱাৰ সময়ত ইংৰাজী আৰু অসমীয়া ভাষালৈ অনূদিত হ’ব৷

বড়ো ভাষাক ৰাজ্যৰ সহযোগী ভাষাৰ স্বীকৃতি দি চৰকাৰী অধিসূচনা প্রকাশৰ পাছত বিধানসভাত বড়ো ভাষা প্রচলনৰ সিদ্ধান্ত লোৱাৰ বাবে বড়ো জনগোষ্ঠীৰ জনপ্রতিনিধিসকলৰ লগতে উপস্থিত সংগঠনৰ প্রতিনিধিসকলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ভূমিকাত সন্তুষ্টি প্রকাশ কৰে৷

আনহাতে, সেই বৈঠকতে জনগোষ্ঠীটোৰ প্রতিনিধিসকলে বড়ো ভাষা যিহেতু এতিয়া অসমৰ সহযোগী ভাষা হিচাপে স্বীকৃতি পালে, সেয়ে অন্যান্য চৰকাৰী বিভাগতো বড়ো ভাষাত আবেদন আদি কৰাৰ ব্যৱস্থা কৰাৰ পোষকতা কৰে৷ এইক্ষেত্রত অসম সচিবালয়ত বিভিন্ন বিভাগত বড়ো ভাষাত আবেদন আদি আহিলে, সেয়া সঠিকভাৱে আগবঢ়াই নি নিষ্পত্তি কৰাৰ বাবে সচিবালয়ত এটা চেল বা বিভাগ খোলাৰ দাবী জনাই বড়ো ভাষা জনা প্রয়োজনীয় বিষয়া–কর্মচাৰী নিয়োগৰ দাবী কৰে৷ ইয়াৰ বাবে ভৈয়াম জনজাতি আৰু পিছপৰা শ্রেণী কল্যাণ (বি টি আৰ) বিভাগৰ মন্ত্রী উর্খাও গৌৰা ব্রহ্মক প্রয়োজনীয় ব্যৱস্থা গ্রহণৰ দাবী জনায়৷

ইপিনে, সেই বৈঠকখনতে বি পি এফৰ বিধায়ক দুর্গাদাস বড়োৱে কয় যে সংসদৰ পাছত অসম বিধানসভাতো বড়ো ভাষা প্রৱর্তন হোৱাটো জনগোষ্ঠীটোৰ বাবে ভাল খবৰ৷ কিন্তু একে সময়তে এতিয়া লোকসভা বা ৰাজ্যসভাত বড়ো ভাষাত বক্তব্য আগবঢ়াবলৈ এজনো প্রতিনিধি নাই৷ সেয়ে সকলো ৰাজনৈতিক দলকে অনাগত দিনত সংসদত বড়ো ভাষাত বক্তব্য আগবঢ়াব পৰা জনপ্রতিনিধি প্রেৰণ কৰাত গুৰুত্ব আৰোপ কৰে৷

You might also like