নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধান বিষয়াৰ নিৰাপত্তাৰ বাবে সর্বাধিক ধন খৰচ কৰা কেইটামান কোম্পানী

ফেচবুকৰ প্রতিষ্ঠাপক মার্ক জুকাৰবার্গ আৰু এপলৰ মুখ্য কার্যবাহী বিষয়া টিম কুকৰ দৰে বিখ্যাত ব্যক্তিসকলে নিজৰ নিৰাপত্তাৰ বাবে পানীৰ দৰে ব্যয় কৰে ধন৷ ব্লুমবার্গৰ এক প্রতিবেদনত প্রকাশ পোৱা মতে, ফেচবুকে ২০১৩ চনৰ পৰা ২০১৫ চনলৈ জুকাৰবার্গৰ নিৰাপত্তাৰ বাবে ১.২৫ কোটি ডলাৰ অর্থাৎ ভাৰতীয় টকাৰ হিচাপত ৮২ কোটি টকা খৰচ কৰে৷ এমাজন, এপল আৰু অৰেকল আদিৰ দৰে কোম্পানীৰ শীর্ষ বিষয়াৰ বাবে এনেদৰেই নিৰাপত্তাৰ নামত পানীৰ দৰে ধন খৰচ কৰে৷

ফেচবুকে জুকাৰবার্গৰ নিৰাপত্তাৰ বাবে ব্যয় কৰে ২৮ কোটি টকাঃ নিৰাপত্তাৰ বাবে বিশ্বৰ সর্বাধিক ধন খৰচ কৰা লোকজনেই হ’ল মার্ক জুকাৰবার্গ৷ কোম্পানীয়ে আমেৰিকাৰ প্রশাসনক দিয়া তথ্যত প্রকাশ পাইছে যে ২০১৫ চনলৈ জুকাৰবার্গৰ নিৰাপত্তাৰ বাবে ২৮ কোটি টকা খৰচ কৰে৷ উক্ত তথ্য মতে, ২০১৩ চনত জুকাৰবার্গৰ নিৰাপত্তাৰ বাবে ৫৬ লাখ ডলাৰ আৰু ২০১৪ চনত খৰচ কৰে ২৬ লাখ ডলাৰ৷ এই তিনিওটা বর্ষৰ ধন মিলাই জুকাৰবার্গৰ নিৰাপত্তাৰ বাবে খৰচ হয় ৮২ কোটি টকা৷

এমাজনৰ মুখ্য কার্যবাহী বিষয়াজনৰ নিৰাপত্তাৰ বাবে খৰচ হয় ১০ কোটি টকাঃ  নিৰাপত্তাৰ বাবে ধন খৰচ কৰা তালিকাত দ্বিতীয় স্থানত আছে এমাজনৰ মুখ্য কার্যবাহী বিষয়াজনৰ নাম৷ বিশ্ব বিখ্যাত ই–কমার্চ কোম্পানী এমাজনে ২০১৫ চনত মুখ্য কার্যবাহী বিষয়াজনৰ বাবে খৰচ কৰে ১০ কোটি টকা৷

অ’ৰেকলৰ লেৰি এলছনৰ বাবে খৰচ হয় ৯ কোটি টকাঃ বিগত বর্ষত যিবোৰ কোম্পানীয়ে তেওঁলোকৰ প্রধান বিষয়াসকলৰ নিৰাপত্তাৰ বাবে সর্বধিক ধন খৰচ কৰে, সেই তালিকাত আছে অ’ৰেকলৰ৷ কোম্পানীয়ে লেৰী এলছনৰ নিৰাপত্তাৰ বাবে ২০১৫ চনত খৰচ কৰে ৯ কোটি টকা৷ ২০১৫ চনলৈ তেওঁৰ সম্পত্তিৰ পৰিমাণ হ’ল ৪,৯০০ কোটি ডলাৰ৷

বৰেন বফেৰ নিৰাপত্তাৰ বাবে খৰচ হয় ২ কোটি টকাঃ ফাইনেন্সিয়েল কোম্পানী ৱার্কশ্বায়াৰ হেথৱে বৰিন বফেৰ নিৰাপত্তাৰ বাবে ২০১৫ চনত খৰচ কৰে ২ কোটি টকা৷

এপলৰ টিম কুকৰ বাবে খৰচ হয় ১.৩ কোটি টকাঃ বিশ্বৰ প্রতিষ্ঠিত কোম্পানীসমূহৰ ভিতৰত এটা হ’ল এপল৷ কোম্পানীয়ে তেওঁলোকৰ প্রধান বিষয়াৰ নিৰাপত্তাৰ খাতিৰত ২০১৫ চনত খৰচ কৰে ১.৩ কোটি টকা৷

You might also like