নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব পৰিৱেশ দিৱসৰ বার্তা

পৃথিৱীক ৰক্ষাৰ সংকল্প৷ পৃথিৱী গ্রহক জীৱৰ বসবাসৰ উপযুক্ত কৰি ৰখাৰ সংকল্প আৰম্ভ হৈছিল বিগত শতিকাৰ সত্তৰৰ দশকত৷ ১৯৭০ চনৰ পৰা বিশ্বৰ বিভিন্ন দেশত ধ্বনিত হৈছিল পৰিৱেশ ৰক্ষাৰ শ্লোগান৷ অর্থাৎ জীৱকুলৰ অনকূল পৰিৱেশ ৰক্ষাৰ বাবে এই গ্রহক নিৰাপদ কৰি ৰাখিব লাগে বুলি বিভিন্ন সামাজিক সংগঠনে শ্লোগান দিছিল৷ এই অনুসৰি ১৯৭২ চনত বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ উদ্যোগত ছুইডেনৰ ৰাজধানী চহৰ ষ্টকহ’মত অনুষ্ঠিত হৈছিল কনফাৰেঞ্চ অন হিউমেন এনভাইৰ’নমেণ্ট৷ ১৯৭২ৰ ৫ জুনৰ পৰা ১৬ জুনলৈ আৰম্ভ হোৱা এই সন্মিলনতেই বিশ্ব পৰিৱেশ দিৱস উদ্যাপনৰ সংকল্প লোৱা হ’ল৷ ইয়াৰ পৰৱর্তী বছৰত ১৯৭৩ৰ ৫ জুনত পালন কৰা হয় আন্তর্জাতিক পৰিৱেশ দিৱস বা বিশ্ব পৰিৱেশ দিৱস৷ এই পৰিৱেশ দিৱসৰ উদ্দেশ্য আছিল ‘এখন মাত্র পৃথিৱী’৷ পৃথিৱীৰ পৰিৱেশ জীৱৰ অনুকূলে ৰক্ষা কৰিব লাগে৷ জীৱৰ বসবাসৰ উপযুক্ত কৰি ৰাখিব লাগে এই গ্রহক৷ ইয়াৰ বাবে সৃষ্টি কৰিব লাগে সজাগতা৷ ইয়াৰ বাবে বিশ্বজুৰি পৰিৱেশ ৰক্ষাৰ বিভিন্ন চর্ত মানি চলিব লাগে৷ এয়াই আছিল বিশ্ব পৰিৱেশ দিৱসৰ যাত্রা৷ সুদীর্ঘ ৫০ বছৰ অতিক্রম কৰিলে এই দিৱসে৷ বিশ্বজুৰি আজিও উদযাপন কৰা হৈছে পৰিৱেশ দিৱস ৷ কিন্তু জীৱজগতৰ অনুকূলে ভাৰসাম্য ৰক্ষা কৰি পৰিৱেশ ৰক্ষাৰ ক্ষেত্রত বিশ্ববাসীয়ে গুৰুত্ব আৰোপ কৰিছেনে? সেয়া আজিৰ মুহূর্তত লাখটকীয়া প্রশ্ন ৷ মানৱসৃষ্ট পৰিৱেশ ধ্বংসৰ বিভিন্ন প্রক্রিয়াই পৃথিৱীক জীৱকুলৰ বসবাসৰ অনুপযুক্ত কৰি তুলিছে৷ মানুহৰ ভুলৰ বাবেই প্রতি মুহূর্ততে পৃথিৱী গ্রহৰ জলবায়ুলৈ নামি আহিছে সংকট৷ মানুহৰ ভুলৰ বাবেই পৰিৱেশ প্রদূষণে জীৱকুলৰ অস্তিত্বলৈ কঢ়িয়াই আনিছে বিপদ৷ মানুহৰ সমৃদ্ধিৰ বাসনাই প্রকৃতিক শোষণ কৰি বিজয় যাত্রা অব্যাহত ৰখাৰ বাবেই আজি গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে ভয়াৱহ কাৰকৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ইয়াৰ সমান্তৰালকৈ প্রাকৃতিক ক্ষেত্রত আহি পৰিছে বিপর্যয়৷ পৰিৱেশ ৰক্ষাৰ ক্ষেত্রত গুৰুত্ব নিদিয়াৰ বাবেই আজি মহাসাগৰত এল নিন’ৰ দৰে ভয়াৱহ প্রাকৃতিক ঘটনাৰ সৃষ্টি হৈছে৷ যাৰ ফলত পৃথিৱীৰ প্রান্তে প্রান্তে প্রাকৃতিক বিপর্যয়ে দেখা দিছে৷ হর্ন অৱ আফ্রিকা খ্যাত ছাহাৰাৰ উপকণ্ঠীয় দেশসমূহত ভয়াৱহ অনাবৃষ্টিয়ে কঢ়িয়াই আনিছে দুর্যোগ৷ হাবি গুচি মৰুভূমিৰ সৃষ্টি হৈছে৷ অসংখ্য বন্যপ্রাণীৰ জীৱন ঢ়লি পৰিছে হর্ন অৱ আফ্রিকাত ৷ গভীৰ জলাশয়ৰ বুকু শুকাই গৈছে৷ পৰিৱেশ ৰক্ষাৰ চর্তবোৰ মানি নচলাৰ ফলতেই এই কাৰকবোৰে দুর্যোগ কঢ়িয়াই আনিছে পৃথিৱীলৈ৷
পৰিৱেশ ৰক্ষাৰ ক্ষেত্রত গুৰুত্ব নিদিয়াৰ পৰিণাম মানুহে প্রতি মুহূর্ততে লাভ কৰিছে৷ প্রতি মুহূর্ততে গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিশ্বৰ প্রান্তে প্রান্তে সৃষ্টি কৰিছে দুর্যোগ ৷ পৰিৱেশ প্রদূষণে গোলকীয় উষ্ণতা বৃদ্ধিত প্রভাৱ বিস্তাৰ কৰাৰ উপৰি মানুহৰ স্বাভাৱিক জীৱন–যাপনত সৃষ্টি কৰিছে প্রতিকূল প্রভাৱ৷ ইয়াৰ ফলতেই বিশ্বজুৰি মানুহৰ বসতি অঞ্চলসমূহত সৃষ্টি হৈছে সংকট৷ পৃথিৱী গ্রহৰ জলভাণ্ডাৰৰ অন্যতম উৎস হিচাপে চিহ্ণিত হিমবাহসমূহৰ গলন আৰম্ভ হৈছে অভাৱনীয় হাৰত৷ ইয়াৰ ফলত মহাসাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে৷ জলপৃষ্ঠতাৰ উচ্চতা বৃদ্ধিয়ে বিভিন্ন দেশত হঠাতে বানৰ সৃষ্টি কৰাৰ বিপৰীতে বিভিন্ন দেশলৈ নমাই আনিছে দুর্যোগ৷ বিশ্বৰ শীতল জলবায়ু হিচাপে চিহ্ণিত ইউৰোপীয় দেশসমূহত সৃষ্টি হৈছিল অভাৱনীয় তাপ প্রবাহ৷ এই সকলো কাৰকৰ সৈতে জড়িত হৈ আছে পৰিৱেশৰ দিশটো৷ পৰিৱেশ ৰক্ষাৰ ক্ষেত্রত বিশ্বৰ কোনো দেশেই আজিলৈকে গুৰুত্ব প্রদান কৰা নাই৷ পৰিণতিত এই ভয়াৱহ সংকটসমূহে পৃথিৱীবাসীক আজি সমস্যাত পেলাইছে৷ ইয়াৰ উপৰি মানৱসৃষ্ট ঘাতক পদক্ষেপসমূহৰ বাবে সঘনে ধ্বংস হৈ আছে পৃথিৱীৰ অৰণ্য অঞ্চল৷ পৃথিৱীৰ বর্ষাৰণ্য খ্যাত আমাজ’নৰ বক্ষত চলিছে বিধ্বংসী অভিযান৷ পৃথিৱীৰ অক্সিজেনৰ ভাণ্ডাৰ স্বৰূপ এই বর্ষাৰণ্য ধ্বংসৰ ফলত সমগ্র পৃথিৱীলৈ নামি আহিছে দুর্যোগ৷ এই বিষয়বোৰক গুৰত্ব নিদি কেৱল ৫ জুনৰ দিনটোত পৰিৱেশ দিৱস পালন কৰি থাকিলে মানুহৰ মুক্তি সম্ভৱ নহয়৷ নাইবা এই পৃথিৱী গ্রহক পৰিৱেশ দুর্যোগৰ পৰা ৰক্ষা কৰাটো সম্ভৱ নহ’ব৷ বিশ্ব পৰিৱেশ দিৱস পালন কৰিবলৈ হ’লে, ইয়াক হূদয়ংগম কৰিবলৈ হ’লে পৃথিৱীক ৰক্ষা কৰাৰ সংকল্প আখৰে আখৰে পালন কৰিব লাগিব৷ অন্যথা এই গ্রহলৈ নামি আহিব দুর্যোগ৷ বায়ু প্রদূষণ, গোলকীয় উষ্ণতা বৃদ্ধি আদি কাৰকবোৰে পৃথিৱী গ্রহক জীৱ–জগতৰ বসবাসৰ অনুপযোগী কৰি তুলিব৷ সেইবাবেই বিশ্ব পৰিৱেশ দিৱসত সকলোৰে বাবে সংকল্প লোৱাৰ সময় আহিল এই পৃথিৱীৰ ভৱিষ্যৎ নিশ্চিত কৰাৰ৷ পৃথিৱীৰ আয়ু যিমানেই দীর্ঘজীৱী হ’ব সিমানেই জীৱজগতৰ ই বসবাসৰ উপযোগী হৈ থাকিব৷ এয়াই বিশ্ব পৰিৱেশ দিৱসৰ বার্তা৷

You might also like