দেওবৰীয়া সুকন্যা - নিয়মীয়া বাৰ্তা

বিবাহৰ পিছত প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতি
বিবাহৰ পিছত এগৰাকী নাৰীৰ কেৰিয়াৰ বা চাকৰিজীৱন অন্ত পৰে বুলি থকা ধাৰণা এতিয়া পুৰণি হ’ল৷ এতিয়া পুৰুষৰ সমানেই প্রত্যেক ক্ষেত্রত নাৰী আগবাঢ়ি গৈছে৷ নাৰীয়ে ভালদৰেই জানে ব্যক্তিগত জীৱন, সংসাৰ আৰু চাকৰিৰ দায়িত্বৰ মাজতে কেনেদৰে সামঞ্জস্য ৰাখিব লাগে৷ সমগ্র পৃথিৱীত ব্যক্তিগত আৰু চৰকাৰী প্রতিষ্ঠানত উচ্চ পদবীত কর্মৰত অলেখ নাৰীৰ উদাহৰণ আছে৷ আচলতে এগৰাকী নাৰীৰ জীৱন সংগীগৰাকী যদি তেওঁৰ সমর্থনত থাকে, তেতিয়াহ’লে নাৰীগৰাকীয়ে যিকোনো কঠিন যেন লগা কামো সহজে সমাধান কৰিব পাৰে৷ যদিহে নাৰীগৰাকীৰ এটা চৰকাৰী চাকৰিৰ সপোন আছে অথবা বিবাহৰ পিছতো অধ্যয়ন চলাই নিব বিচাৰে, তেনেহ’লে পলম নকৰি সেই সপোন পূৰণৰ বাবে কিছুমান কৌশল অৱলম্বন কৰিব পাৰে৷

কর্মজীৱী মহিলাই অনুকৰণ কৰিবলগীয়া কৌশল:

যদি আপুনি কর্মজীৱী মহিলা, তেনেহ’লে কি সময় ব্যৱস্থাপনা হ’ব আপোনাৰ সফলতাৰ চাবিকাঠী৷ নিচেই পুৱা অথবা অফিচৰ পৰা উভতি আহি আপুনি অধ্যয়ন কৰিব পাৰে৷

অনলাইন ক’চিং ক্লাছত যোগদান কৰি পৰীক্ষাৰ ছিলেবাছৰ সম্পূর্ণ ধাৰণা লৈ নিজকে আপডেট কৰি ৰাখিব পাৰে৷

প্রথম অৱস্থাত এই নিয়মত চলিবলৈ অসুবিধাও হ’ব পাৰে, কিন্তু অসম্ভৱ নহয়৷

সপ্তাহৰ প্রত্যেকটো দিনেই যিহেতু আপুনি ব্যস্ত, সেয়ে যিটো দিনত কার্যালয় বন্ধ থাকে সেই দিনটো আপুনি ব্যৱহাৰ কৰিব পাৰে৷

পৰীক্ষাৰ বিভিন্ন বিষয়ৰ ইউটিউব চেনেলবোৰ আপোনাৰ বাবে লাভদায়ক হ’ব৷

গৃহিণীৰ বাবে অধ্যয়নৰ কৌশল

আপুনি যদি এগৰাকী গৃহিণী আৰু চৰকাৰী খণ্ডত কাম কৰিব বিচাৰে, তেতিয়াহ’লে তলৰ কৌশলবোৰ অৱলম্বন কৰক–

নিজৰ দিনটোৰ বাবে পৰিকল্পনা কৰক৷ সেই পৰিকল্পনাত নিজৰ পৰীক্ষাৰ প্রস্তুতিৰ বাবে কিছু সময় ৰাখক৷

একেবাৰে পুৱাতেই উঠি পঢ়িব পাৰিলে আপোনাৰ লাভ হ’ব৷ যেতিয়া আপোনাৰ সন্তান শুই থাকে বা বিদ্যালয়ত থাকে, গৃহস্থ কার্যালয়ত থাকে, তেতিয়া আপুনি সকলো পাহৰি সময়খিনি নিজৰ বাবে ব্যৱহাৰ কৰক৷

আপুনি এনেদৰে এখন ৰুটিন প্রস্তুত কৰক, যিখনে আপোনাক সকলো ঘৰুৱা কাম কৰাৰ পিছতো নিজৰ বাবে যথেষ্ট সময় উলিওৱাৰ সুবিধা দিয়ে৷

কেৰিয়াৰৰ কথা ভবাটো ভাল কথা, কিন্তু ব্যক্তিগত সুন্দৰ মুহূর্তবোৰ ত্যাগ কৰিব নালাগে৷ ব্যক্তিগত জীৱন উপভোগৰ বাবে কিছু সময় হাতত ৰাখিব৷

চৰকাৰী চাকৰিৰ বাবে ঘণ্টা ঘণ্টা ধৰি অধ্যয়ন কৰিব লাগে বুলি কথা নাই, লাগিব মাথোন সুনির্দিষ্ট লক্ষ্য আৰু সমর্পিত মনোভাব ৷ এগৰাকী পত্নী, বোৱাৰী আৰু মাকৰ ভূমিকা পালন কৰিবলৈ যাওঁতে আপুনি অধ্যয়নৰ বাবে নিচেই কম সময়হে লাভ কৰে৷ গতিকে সম্পূর্ণ মনোযোগেৰে কৌশলপূর্ণ অধ্যয়ন কৰক৷ ক’চিং চেণ্টাৰত নামভর্তি কৰিবও পাৰে অথবা কৌশলপূর্ণ পদ্ধতিসমূহ ইণ্টাৰনেটৰ পৰা আহৰণ কৰিব পাৰে৷

প্রস্তুতিৰ পূর্বে কৰিবলগীয়া

কি পৰীক্ষাত বহিব সেই সম্পর্কে দৃঢ় সিদ্ধান্ত ল’ব৷

শেহতীয়া পৰীক্ষাৰ ছিলেবাছ আৰু পৰীক্ষাৰ ধৰণ বুজি ল’ব৷

দৈনন্দিন কর্ম আৰু আজৰি সময়ৰ তালিকা কৰিব৷

সহজ বিষয়ৰ পৰা লাহে লাহে কঠিন বিষয়লৈ যাব৷ ইয়াৰ ফলত কম সময়তে আপুনি যিবোৰ বিষয়ত পাৰদর্শী সেইবোৰ বিষয়ৰ অধ্যয়ন শেষ হ’ব৷

ম’ক টেষ্টত আংশ ল’ব, নিজৰ কর্মৰ খতিয়ান লোৱাৰ বাবে৷

সফলতা আৰু বিফলতা

প্রতিবছৰেই প্রতিযোগিতা বৃদ্ধি পাইছে, গতিকে সফলতা অথবা বিফলতা উভয়ৰ বাবে নিজক প্রস্তুতি কৰি ৰাখিব৷ আত্মবিশ্বাসেৰে নিজৰ দায়িত্ব পালন কৰি যাব৷

আপুনি যদি সফল হয় চাকৰি পাব আৰু বিফল হ’লেও কিবা এটা নতুন কথা শিকাৰ সুযোগ পাব৷ জীৱন হৈছে শিক্ষা গ্রহণৰ এক সুদীর্ঘ পৰিক্রমা আৰু ই কেতিয়াও শেষ নহয়৷

The post বিবাহৰ পিছত  প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতি first appeared on নিয়মীয়া বাৰ্তা.

শেৱালি ফুলৰ লগত মাছৰ জুতি
উপকৰণঃ

শেৱালি ফুল এবাতি

মাছ তিনিডোখৰ

কলাখাৰ তিনি টেবুল চামুচ

পিঠাগুৰি দুই চাহ চামুচ

পানী প্ৰয়োজনমতে

মিঠাতেল প্ৰয়োজনমতে

গোটা জিৰা ১/৪ চাহ চামুচ

শুকান জলকীয়া দুটা

আদা-কেঁচা জলকীয়াৰ পেষ্ট এক চাহ চামুচ

নহৰু ৭ কোঁহ (থেতেলিয়াই লোৱা)

নিমখ স্বাদ অনুযায়ী

হালধি জোখমতে (মাছত সানিবলৈ)

প্ৰণালীঃ

শেৱালি ফুলখিনি ভালকৈ ধুই পানী চেপি ল’ব৷ মাছ কেইডোখৰ ধুই পানী নিগৰাই লৈ জোখমতে নিমখ আৰু হালধি সানি ল’ব৷ কেৰাহীখন গৰম কৰি প্ৰয়োজনমতে মিঠাতেল দি গৰম গৰম হ’বলৈ দিব৷ তেল গৰম হ’লে মাছৰ টুকুৰাখিনি দি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজি মাছখিনি প্লেট এখনত নমাই থ’ব৷ এতিয়া কেৰাহীত নামমাত্ৰ তেল ৰাখি তাতে শুকান জলকীয়া আৰু গোটা জিৰাখিনি দি থেতেলিয়াই লোৱা নহৰু আৰু আদা-জলকীয়াৰ পেষ্টখিনি দি প্ৰায় ৰঙচুৱা হোৱাকৈ ভাজিব৷ এতিয়া শেৱালি ফুলখিনি দি প্ৰয়োজনমতে নিমখ দিব৷ তাৰপাছত শেৱালি ফুলখিনি প্ৰায় দুই মিনিটমান সময় ভাজি কলাখাৰখিনি দি লৰাই দিব৷ (কলাখাৰ চোক চাই নিজৰ হিচাপত দিব) অলপ সময় ভজাৰ পিছত কলাখাৰখিনি শুকাবলৈ ধৰিলে প্ৰয়োজনমতে গৰম পানী দি উতলিবলৈ দিব৷ তাৰপিছত ভজা মাছখিনি দি অলপ সময় উতলিবলৈ দিব৷ এতিয়া বাতি এটাত পিঠাগুৰি আৰু পানী অলপমান গুলি লৈ লাহেকৈ কেৰাহীখনত ঢালি আঞ্জাখন উতলিবলৈ দিব৷ প্ৰায় পাঁচ মিনিটমান সময় আঞ্জাখন উতলোৱাৰ পিছত গেছৰ জুই নুমুৱাই দিব আৰু লগে লগে  মিঠাতেল এক চাহ চামুচমান আঞ্জাখনৰ ওপৰত ঢালি দিব৷ এতিয়া গৰমে গৰমে ভাতৰ লগত শেৱালি ফুলৰ লগত ৰন্ধা মাছৰ আঞ্জা পৰিবেশন কৰিব৷

The post শেৱালি ফুলৰ লগত মাছৰ জুতি first appeared on নিয়মীয়া বাৰ্তা.

মুর্গীৰ মাংস জালুকীয়া
প্রণালী: প্রথমে কেৰাহী এখনত তেল দিব, তেল গৰম হোৱাত মাংসখিনি দি ১০ মিনিটমান ভাজি পিঁয়াজ, আদা, নহৰু পেচ্টখিনি দি অলপ সময় ভাজি ঢ়াকনি লগাই সিজিব দিব৷ প্রায় ১৫ মিনিটমান ভজাৰ পিছত জিৰাগুড়ি, ধনিয়াগুড়ি, জলকীয়াগুড়ি, জালুকগুৰি নিমখ, হালধি দি মাংসখিনি ভাজিব৷ ভালদৰে ভজা হ’লে তেল বিৰিঙিলে পানী দুকাপ দি ঢ়াকনি লগাই উতলিব দিব৷ ১০ মিনিটমান উতলাৰ পিছত জোলকন ডাঠ হ’লে জলকীয়া আৰু ধনিয়াপাত কাটি দি পৰিৱেশন কৰিব৷

The post মুর্গীৰ মাংস জালুকীয়া first appeared on নিয়মীয়া বাৰ্তা.

চিৰাৰ পোলাও
উপকৰণ: চিৰা এবাটি, গাজৰ এটা, কেঁচা মটৰ আধাবাটি, ফ্রেন্সবীন আধাবাটি, ব্র’কলি এটা, ৰিফাইন তেল প্রয়োজন মতে, পিয়াঁজ এটা, কেঁচা জলকীয়া চাৰিটা, কাজু ১/৩ কাপ, কিচ্মিচ্ ১/৩ কাপ, মেগী মচলা এপেকেট, নিমখ স্বাদ অনুযায়ী, হালধি আধা চাহ চামুচ, নেমুৰ ৰস এক টেবুল চামুচ, ধনিয়া পাত এমুঠি

প্রণালী: চিৰাখিনি ধুই খৰাহী এটাত ৰাখি পানী নিগৰিবলৈ দিব৷ ফ্রেন্সবিন, ব্রকলি, গাজৰ, পিয়াঁজ, জলকীয়া আৰু ধনিয়াপাত ধুই সৰু সৰুকৈ পৃথকে পৃথকে কুটি ল’ব৷ প্রথমতে কেৰাহীত প্রয়োজন মতে তেল গৰম কৰি তাতে কাজু আৰু কিচমিচ্খিনি দি প্রায় এক মিনিটমান সময় ভাজি প্লেটত নমাই থ’ব৷ তাৰ পাছত বাকী থকা তেলখিনিত পিয়াঁজ আৰু কেঁচা জলকীয়াখিনি দি ভালদৰে লৰাই দিব৷ অলপ সময় ভজাৰ পাছত পিয়াঁজৰ ৰং সলনি হ’বলৈ ধৰিলে প্রয়োজন মতে নিমখ আৰু হালধি দি ভালদৰে লৰাই দিব৷ তাৰ পাছত কেঁচা মটৰ আৰু কুটি লোৱা ফ্রেন্সবিন, ব্রকলি আৰু গাজৰখিনি দি ভালদৰে লৰাই ঢ়াকি দিব৷ মাজে মাজে লৰাই পাচলিখিনি প্রায় দহ মিনিটমান সময় ভাজিব৷ পাচলিখিনি সিজিলে মেগী মচলাখিনি দি ভালদৰে লৰাই ভাজি থোৱা কাজু, কিচ্মিচ্ আৰু ধুই থোৱা চিৰাখিনি দি পাচলিৰ লগত মিলি যোৱাকৈ লৰাই দিব৷ প্রায় পাঁচ মিনিটমান সময় চিৰাখিনি ভজাৰ পাছত নেমুৰ ৰসখিনি ঢ়ালি লৰাই দিব৷ তাৰ পাছত কুটি লোৱা ধনিয়াপাতখিনি দি ভালদৰে লৰাই কেৰাহীখন জুইৰ ওপৰৰ পৰা নমাই থ’ব৷ চিৰাৰ পোলাও প্রস্তুত হৈ গৈছে৷ ৰাতিপুৱা বা গধূলিৰ জলপান হিচাপে গৰমে গৰমে পৰিৱেশন কৰিব৷ খাবলৈ বৰ সোৱাদ পাব৷ টিফিনত দিবলৈও ভাল হয়৷

The post চিৰাৰ পোলাও first appeared on নিয়মীয়া বাৰ্তা.

বিচ্ছেদে প্রভাৱিত নকৰক সন্তানৰ মানসিক স্বাস্থ্য
সাম্প্রতিক সময়ত বিবাহ বিচ্ছেদৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ বিভিন্ন কাৰণত এহাল স্বামী–স্ত্রীয়ে বিচ্ছেদ বিচাৰিব পাৰে৷ কিন্তু তেওঁলোকৰ এনে সিদ্ধান্তই তেওঁলোকৰ সন্তানৰ জীৱন দুর্বিষহ কৰি তুলিব পাৰে৷ শেহতীয়া এক গৱেষণাত প্রকাশ পাইছে যে কিছুমান কিশোৰ–কিশোৰী পঢ়া–শুনাত যথেষ্ট তীক্ষ্ণ হ’লেও বা অন্যান্য দিশত প্রতিভাৰ অধিকাৰী হ’লেও তেওঁলোকে আনৰ পৰা আঁতৰত অৱস্থান কৰে৷ ইয়াৰ কাৰণ হিচাপে গৱেষণাত প্রকাশ পাইছে কিছুমান সাধাৰণ বুলি এৰি চলা ভয়াৱহ কথা৷ পৰিয়ালৰ সদস্যসকলৰ মাজত সকলো সময়তে খামখেয়ালি দেখি দেখি ডাঙৰ হোৱা শিশুবোৰে সাধাৰণতে খঙাল, বদমেজাজী হোৱা দেখা যায়৷ তদুপৰি তেওঁলোক হীনমন্যতাতো ভোগে আৰু বন্ধু–বান্ধৱীৰ সংগ অবিহনে ভীষণ যন্ত্রণাত দিন কটায়৷ আপোনাৰ চকুৰ আগতেই এনে কিশোৰ–কিশোৰী হয়তো আপুনি দেখিছে অথবা আপোনাৰ নিজৰ সন্তানটো এনেবোৰ সমস্যাত আক্রান্ত হোৱাৰ বাবে আপুনি উদ্বিগ্ণতাত ভুগি আছে৷ কিন্তু আপুনি ভাবি চাইছেনে যে তাৰ এই অস্থিৰ মানসিক অৱস্থাৰ বাবে আপুনি আৰু আপোনাৰ ঘৰখনৰ পৰিৱেশেই দায়ী৷ সন্তানৰ সুস্থ মানসিকতাৰ বাবে পৰিয়ালৰ শান্তিপূর্ণ পৰিৱেশ এটা গুৰুত্বপূর্ণ চর্ত আৰু সেই পৰিৱেশ তেতিয়াই সৃষ্টি হয়, যেতিয়া পৰিয়ালৰ পিতৃ–মাতৃৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক সন্তানে দেখিবলৈ পায়৷ ইয়াৰ ব্যতিক্রম ঘটিলেই সন্তানৰ মানসিক স্বাস্থ্যত তাৰ প্রভাৱ পৰে৷ ভংগুৰ পৰিয়ালৰ অধিকাংশ সন্তানেই ডাঙৰ হোৱাৰ পিছত প্রচণ্ড নিৰাপত্তাহীনতাত ভোগে আৰু তাৰ প্রভাৱ পৰে তেওঁৰ ডাঙৰ হোৱাৰ পিছত ব্যক্তি আৰু সমাজ জীৱনত৷ এই কথা সম্পূর্ণ সত্য যে এটা পৰিয়ালত সন্তান যদি প্রতিমুহূর্ততে হুলস্থূল আৰু কাজিয়া–পেচালৰ মাজত ডাঙৰ হয় আৰু কোনোবাই যদি ছিংগল পেৰেণ্টিং বা অকলশৰে সন্তান ডাঙৰ কৰে, তেন্তে তাৰ ফল সন্তানেই ভোগ কৰিব লগা হয়৷ শান্তিৰ প্রয়োজনত স্বামী–স্ত্রীৰ বিচ্ছেদ হ’ব পাৰে৷ কিন্তু সন্তানৰ ওপৰত তাৰ প্রভাৱ পৰিব নে নাই, সেই কথা পূৰামাত্রাই নির্ভৰ কৰে দুয়োজনৰ ইতিবাচক মনোভাব আৰু আচৰণৰ ওপৰত৷ দাম্পত্য সম্পর্কত ফাট মেলিলেই যে সন্তানৰ লগতো সম্পর্ক নষ্ট হ’ব বা নোহোৱা হ’ব অথবা সন্তানে তেওঁৰ প্রাপ্য ভাল পোৱাৰ পৰা বঞ্চিত হ’ব তেনে নহয়৷ সন্তানটোক আটাইতকৈ আপোন দুজন মানুহৰ বিচ্ছিন্ন হোৱাৰ সিদ্ধান্তই প্রচণ্ড একাকিত্ব আৰু দুশ্চিন্তাৰ গৰাহত পেলায়৷ যাৰ ফলত সন্তানটোৰ ব্যক্তিত্ব বিঘ্ণিত হয়৷ কিন্তু এই সমস্যাৰ সমাধানৰ চাবিকাঠী থাকে পিতৃ–মাতৃৰ হাততেই৷ সন্তানৰ জীৱন সুস্থভাৱে গঢ় লৈ উঠাত পিতৃ–মাতৃৰ যৌথ ভূমিকা অনস্বীকার্য৷ সেয়েহে সন্তানৰ প্রতিপালনৰ ক্ষেত্রত আইনে লোৱা সিদ্ধান্ততকৈ বেছি গুৰুত্বপূর্ণ হ’ল সন্তানৰ সার্বিক কল্যাণ৷ পিতৃ–মাতৃ দুয়োজনেই সন্তানৰ মানসিক স্বাস্থ্যৰ প্রতি গুৰুত্ব ৰাখিব লাগে আৰু সেই বিষয়ে বিবেচনা কৰাৰ অধিকাৰ আৰু দায়িত্ব পালন কৰিব লাগে৷ পিতৃ–মাতৃৰ লগতে পৰিয়ালৰ অন্যান্য সদস্য আৰু সমাজৰ ভূমিকাও ভীষণ গুৰুত্বপূর্ণ৷ আমাৰ সমাজ ব্যৱস্থাত এতিয়াও বিচ্ছেদক সহজভাৱে লোৱা নহয় আৰু বিচ্ছেদৰ পিছত পুৰুষ অথবা মহিলা দুয়োজনেই নানা তিক্ত অভিজ্ঞতাৰ মুখামুখি হ’ব লগা হয়৷ যাৰ প্রভাৱ পৰে সন্তানৰ ওপৰত৷ ভংগুৰ পৰিয়ালৰ সন্তানক কটু কথা শুনোৱা হয় আৰু তাৰ লগত কঠোৰ আচৰণ কৰা হয়৷ বিচ্ছেদৰ পিছত মাক–দেউতাকৰ সৈতে সন্তানৰ বন্ধুত্বপূর্ণ সম্পর্ক থাকিব নে নাথাকে, সেয়াও নির্ভৰ কৰে পৰিয়াল, সমাজ আৰু পাৰিপার্শ্বিকতাৰ ওপৰত৷ সকলো পাৰিবাৰিক আইনতো সন্তানৰ অভিভাৱকত্ব আৰু যত্নৰ দায়িত্ব পিতৃৰ ওপৰত ন্যস্ত থাকে৷ এটা নির্দিষ্ট বয়সলৈকে মাকৰ হাতত সন্তানৰ দায়িত্ব থাকে আৰু মাকৰ অধিকাৰ এইক্ষেত্রত সকলোৱে স্বীকৃতি দিয়ে৷ এই সময়ছোৱাত মাকৰ অগোচৰে যদি পিতৃয়ে জোৰকৈ সন্তানক নিজৰ ওচৰলৈ আনিব খোজে, তেন্তে পিতৃৰ বিৰুদ্ধে অপহৰণৰ গোচৰ পর্যন্ত পঞ্জীয়ন হ’ব পাৰে৷ সন্তানে অৱশ্যে যিজনৰ লগত থাকিব বিচাৰে আৰু স্বাচ্ছন্দ্য অনুভৱ কৰে তেওঁৰ লগতেই থাকিব পাৰে৷ পিতৃ আৰু মাতৃৰ যত্নত ডাঙৰ হোৱা সন্তানৰ শাৰীৰিক আৰু মানসিক বিকাশ সুস্থ হয়৷ এইক্ষেত্রত অৱশ্যে আর্থিক বিষয়টোৱে গুৰুত্ব পায়৷ কিন্তু সন্তানে যদি এজনৰ লগত থাকি আনজনৰ সৈতে নিয়মিত যোগাযোগ আৰু যাতায়াত ৰক্ষা কৰে, তেন্তে সন্তানৰ খৰচ তেওঁ বহন কৰিবলগা হয়৷ দুজন সুস্থ মানসিকতাৰ মানুহ পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত অথবা শান্তিৰ সন্ধানতে তিক্ততাপূর্ণ সম্পর্ক শেষ কৰিব পাৰে৷ কিন্তু সন্তানৰ লগত কেতিয়াও আৰু কোনো অৱস্থাতে বিচ্ছেদ কাম্য নহয়৷ পিতৃ–মাতৃৰ উচিত যতন সন্তানক প্রয়োজন৷ সেয়েহে তেওঁলোক দুয়োৱে বিচ্ছেদৰ সিদ্ধান্ত ল’লেও সন্তানক এই সম্পর্কে সৰলভাৱে বুজাই দিয়া উচিত৷ তেওঁলোকে যাতে কোনোপধ্যেই নিৰাপত্তাহীনতাত নোভোগে সেইফালেও গুৰুত্ব দিব লাগে৷ সন্তানৰ মংগলৰ বাবে তাক আশ্বাস দিয়া প্রয়োজন যে বিচ্ছেদৰ পিছতো পিতৃ–মাতৃ আগৰ দৰেই তাৰ কাষতেই থাকিব আৰু তাক ভাল পাই থাকিব৷ সম্পর্ক শেষ হ’লেও সন্তানৰ খাতিৰতে বন্ধুত্ব বজাই ৰখাটো বৰ দৰকাৰ৷

The post বিচ্ছেদে প্রভাৱিত নকৰক সন্তানৰ মানসিক স্বাস্থ্য first appeared on নিয়মীয়া বাৰ্তা.

মহিলা ক্রিকেটৰ নতুন আশা জিণ্টিমণি কলিতা
শৈশৱৰ পৰাই ক্রিকেটৰ প্রেমত পৰা ছোৱালীজনীক তিনি বছৰ বয়সতে ককাকে হাতত তুলি দিছিল এখন কাঠৰ বেট৷ ছোৱালীজনীৰ আগ্রহ দেখি ককাকে ঘৰতে কাঠ কাটি বনাই দিছিল ক্রিকেট বেট৷ কিন্তু কোনেও ভবা নাছিল যে ক্রিকেটকে তেওঁ এদিন বৃত্তি হিচাপে গ্রহণ কৰিব৷ কাৰণ ছোৱালীয়েও যে ক্রিকেট খেলে সেই ধাৰণা তেওঁলোকৰ নাছিল৷ কিন্তু ছোৱালীজনীয়ে মনে মনে অন্য এক সপোন মনতে পুহি ৰাখিছিল৷ তেওঁ ভাৰতীয় মহিলা ক্রিকেট দলক প্রতিনিধিত্ব কৰাৰ সপোন দেখিছিল৷ এই সপোন সম্পূর্ণৰূপে নফলিয়ালেও এতিয়া আংশিকভাৱে হ’লেও সার্থক হৈছে৷ এইবাৰ তেওঁ ১৯ বছৰ অনূর্ধ্ব ভাৰতীয় মহিলাৰ বি দলত স্থান লাভ কৰিছে৷ এনে কৃতিত্বৰে সমগ্র দৰং জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈগৰাকী হ’ল জিণ্টিমণি কলিতা৷ তেওঁৰ ঘৰ মঙলদৈ চহৰৰ শান্তিপুৰত৷ জলসিঞ্চন বিভাগৰ চতুর্থবর্গৰ কর্মচাৰী নকুল কলিতা আৰু শেৱালি কলিতাৰ কন্যা জিণ্টিমণিয়ে বিভাগীয় কোৱার্টাৰতে ডাঙৰ–দীঘল হৈছে৷ জিণ্টিৰ ভাতৃ প্রৱাল কলিতায়ো খেলে ক্রিকেট৷ মঙলদৈ ষ্টেডিয়ামৰ একেবাৰে ওচৰতে থাকে তেওঁলোকৰ পৰিয়ালটো৷ আচলতে প্রথম অৱস্থাত ভায়েকৰ জৰিয়তে ছোৱালীজনীয়ে ক্রিকেট খেলাৰ সপোন বাস্তৱায়িত কৰিব বিচাৰিছিল৷ সেইবাবে সদায় ভায়েক প্রৱালক ষ্টেডিয়ামত ক্রিকেটৰ অনুশীলনৰ বাবে লৈ গৈছিল জিণ্টিমণিয়ে৷ কিন্তু এদিন তেওঁ মনৰ ভিতৰত পুহি ৰখা দুর্বাৰ আশা বান্ধি ৰাখিব নোৱাৰিলে৷ ষ্টেডিয়ামৰ প্রশিক্ষকসকলক জিণ্টিয়ে ক্রিকেট খেলাৰ আগ্রহৰ বিষয়ে ব্যক্ত কৰিলে৷ তেওঁলোকেও তাইক প্রশিক্ষণ প্রদানৰ বাবে আগবাঢ়ি আহিল৷ কিন্তু তাতেই আৰম্ভ হ’ল সমস্যা৷ সেই সময়ত কোনো ছোৱালীয়ে ক্রিকেট খেলা নাছিল৷ বিশেষকৈ মঙলদৈত কাচিৎ দুই–এজনী ছোৱালীয়েহে বেট হাতত তুলি লয়৷ সেয়াও সাময়িকভাৱেহে৷ এনে পৰিৱেশত কন্যাক ক্রিকেট খেলাৰ বাবে পিতৃ–মাতৃৰ লগতে পৰিয়ালৰ লোকে অনুমতি দিব নিবিচাৰিলে৷ ছোৱালীয়ে ক্রিকেট খেলা অথবা ক্রিকেটক কেৰিয়াৰৰূপে গ্রহণ কৰাৰ কথা তেওঁলোকে ভাবিবই পৰা নাছিল৷ তদুপৰি এটি সৰু চাকৰিৰে পৰিয়ালটো কোনোমতে পোহপাল দি থকা পিতৃয়ে দুয়োটা সন্তানক ক্রিকেটৰ নিচিনা খৰচী খেললৈ আগবঢ়াই দিয়াতো বৰ সহজ কথা নাছিল৷ কিন্তু ছোৱালীজনী আছিল নাচোৰবান্দা৷ ক্রিকেটক বাদ দি তাই অন্য কথা ভাবিবই নোৱাৰে৷ শৈশৱৰ পৰাই তেওঁ বিভিন্ন খেলত পাৰদর্শিতা দেখুৱাবলৈ সক্ষম হৈছিল৷ শংকৰদেৱ শিশু নিকেতনত পঢ়ি থকা সময়ত জিণ্টিমণিয়ে এথলেটিকছৰ প্রতিটো ইভেণ্টতে প্রথম স্থান দখল কৰিছিল৷ কিন্তু সেই সকলো খেল বাদ দি এসময়ত ক্রিকেটতে মন–প্রাণ সঁপি দিলে৷ মাক–দেউতাকেও ক্রিকেটৰ প্রতি কন্যাৰ আগ্রহ দেখি তেওঁক সমর্থন দিবলৈ বাধ্য হ’ল৷ লগে লগে আৰম্ভ হ’ল জিণ্টিমণি নামৰ ক্রিকেটবলিয়া ছোৱালীজনীৰ নতুন জীৱন৷ প্রশিক্ষক মৃদুল তামুলীৰ অধীনত তেওঁ ২০১৭ চনত আনুষ্ঠানিকভাৱে আৰম্ভ কৰে ক্রিকেটৰ আদিপাঠ৷ অৱশ্যে ল’ৰাৰ লগতে তেওঁ নিতৌ প্রশিক্ষণ গ্রহণ কৰিবলগীয়া হ’ল৷ কাৰণ অন্য ছোৱালী নথকাত ছোৱালীৰ বাবে সুকীয়াকৈ প্রশিক্ষণৰ ব্যৱস্থা নাছিল মঙলদৈ ষ্টেডিয়ামত৷ অৱশ্যে গুৱাহাটীতো আজিপর্যন্ত হোৱা নাই তেনে ব্যৱস্থা৷ জিণ্টিমণিৰ মাজত থকা ক্রিকেটৰ প্রতিভা দেখি প্রশিক্ষকসকল আচৰিত হ’ল৷ ল’ৰাৰ সমানে সমানে তেওঁ বেটিং আৰু বলিং কৰিব পাৰে৷ আনকি অনুশীলন মেচতো তেওঁ ল’ৰাৰ লগতে খেলিব লাগে৷ ইয়াৰ পিছতে দেখা দিলে আন এক নতুন সমস্যাই৷ এগৰাকী গাভৰু ছোৱালীয়ে ল’ৰাৰ লগত খেলা–ধূলা কৰাটো সমাজৰ একাংশই ভাল দৃষ্টিত ল’ব নিবিচাৰিলে৷ একাংশই আকৌ আৰু অলপদূৰ আগুৱাই গৈ ছোৱালীজনী শেষ হৈ যোৱা বুলি ক’বলৈও কুণ্ঠাবোধ নকৰিলে৷ ইয়াৰ বাবে বহুতে মাক–দেউতাককে দোষাৰোপ কৰিলে৷ ছোৱালীজনীয়েও বহুতৰ পৰা শুনিবলগীয়া হ’ল অনেক আচহুৱা কথা৷ কিন্তু সমাজৰ একাংশ লোকৰ এনে নীচ দৃষ্টিভংগীয়ে জিণ্টিমণিৰ ওপৰত কোনোধৰণৰ প্রভাৱ পেলাব নোৱাৰিলে৷ কাৰণ তেওঁৰ লক্ষ্য আছিল সুদূৰপ্রসাৰী৷ এচাম লোকৰ এনে মন্তব্যই তেওঁৰ লক্ষ্য অধিক দৃঢ়হে কৰি তুলিলে৷ এনে বহু প্রত্যাহ্বান আৰু দুর্বল বিত্তীয় অৱস্থাই সময়ে সময়ে বিপর্যস্ত কৰি তুলিলেও এইবোৰে কেতিয়াও স্থবিৰ কৰিব পৰা নাই জিণ্টিমণিৰ গতি৷ প্রশিক্ষক মৃদুল তামুলী, ৰঞ্জন ৰামচিয়াৰী আদি প্রশিক্ষকৰ হাতৰ পৰশত অতি কমদিনৰ ভিতৰতে উজলি উঠিল সম্ভাৱনাপূর্ণ ছোৱালীজনীৰ দক্ষতা৷ জিলা দলৰ হৈ সুন্দৰ প্রদর্শন দাঙি ধৰা জিণ্টিমণিয়ে অতি কমদিনৰ ভিতৰতে ৰাজ্যিক দলত স্থান অর্জন কৰিলে৷ ২০১৭ৰ পৰা ১৯ বছৰ অনূর্ধ্ব অসমৰ মহিলা ক্রিকেট দলক প্রতিনিধিত্ব কৰি আহিছে৷ জিণ্টিয়ে ১৯ বছৰ অনূর্ধ্ব, ২৩ বছৰ অনূর্ধ্ব আৰু ছিনিয়ৰ অসম দলকো প্রতিনিধিত্ব কৰি প্রবল দক্ষতাৰ পৰিচয় দিছে৷ ইয়াৰ লগে লগে তেওঁৰ ঠিকনা সলনি হয় গুৱাহাটীৰ মালিগাঁৱলৈ৷ মালিগাঁৱৰ ৰে’লৱে ষ্টেডিয়ামত তেওঁ সম্প্রতি প্রশিক্ষক আৰ বি ইন্দ্রজিতৰ অধীনত প্রশিক্ষণ গ্রহণ কৰি আছে৷ চলিত বর্ষতে জিণ্টিৰ জৰিয়তে অসম ক্রিকেটলৈ আহে এক সুখবৰ৷ কিছুদিন পূর্বে তেওঁ ১৯ বছৰ অনূর্ধ্ব ভাৰতীয় দলত স্থান লাভেৰে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনে৷ অন্ধ্রপ্রদেশত অনুষ্ঠিত এখন ত্রিদেশীয় শৃংখলাত তেওঁ ১৯ বছৰ অনূর্ধ্ব ভাৰতীয় বি দলক প্রতিনিধিত্ব কৰে৷ এগৰাকী পেচ বলাৰৰূপে ভাৰতীয় দলত স্থান লাভ কৰা জিণ্টিয়ে ৱেষ্ট ইণ্ডিজ আৰু শ্রীলংকাৰ বিপক্ষে খেলা দুখন মেচত মুঠ চাৰিটা উইকেট দখল কৰে৷ সম্প্রতি তেওঁ কেৰালাত অনুষ্ঠিত এখন আন্তঃৰাজ্যিক প্রতিযোগিতাত অসমৰ হৈ খেলি আছে৷ এই প্রতিযোগিতাখনত উন্নত প্রদর্শন দাঙি ধৰিব পাৰিলে ভাৰতীয় ছিনিয়ৰ দলত স্থান লাভৰ ক্ষেত্রত এখোজ আগবাঢ়িব পাৰিব৷ জিণ্টিমণি আগবাঢ়ি যোৱাৰ ক্ষেত্রত শেহতীয়াভাৱে অসম ক্রিকেট সন্থাই যথেষ্ট উৎসাহ যোগাইছে৷ সন্থাৰ সভাপতিৰ দায়িত্ব গ্রহণৰ দিনাই তৰংগ গগৈয়ে বিজয় হাজাৰে ড্রফীত উজ্জীৱিত প্রদর্শন দাঙি ধৰা অসমৰ পুৰুষ দলৰ খেলুৱৈসকলক ২৫ লাখ টকা আৰু সহায়ক ষ্টাফক ১০ লাখ টকাৰ আর্থিক পুৰস্কাৰ আগবঢ়োৰ লগতে জিণ্টিমণি কলিতাক ১ লাখ টকাৰ আর্থিক পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ উল্লেখ্য যে দুই সন্তানক ক্রিকেট খেলিবলৈ আগবঢ়াই দি ঋণগ্রস্ত হৈ পৰা পৰিয়ালটোক প্রাক্তন বিধায়ক গুৰুজ্যোতি দাস, অনুপম ডেকা, হিমাঞ্জন শর্মা আৰু অন্য একাংশ শুভাকাংক্ষীয়ে কিছু পৰিমাণে সাহায্য আগবঢ়াইছে যদিও সেয়া যথেষ্ট নহয়৷ এতিয়ালৈ চৰকাৰৰ লগতে কোনো ব্যক্তিগত প্রতিষ্ঠান আগবাঢ়ি অহা নাই ক্রিকেটাৰগৰাকীক সহায়ৰ বাবে৷ বিশেষকৈ দৰং জিলাত থকা উদ্যোগ–প্রতিষ্ঠান আগবাঢ়ি আহিলে জিণ্টিমণিৰ ভাৰতীয় ছিনিয়ৰ মহিলা দলত খেলাৰ সপোন নিশ্চয় এদিন সফল হ’ব৷

The post মহিলা ক্রিকেটৰ নতুন আশা জিণ্টিমণি কলিতা first appeared on নিয়মীয়া বাৰ্তা.

ঔটেঙা আৰু আলুৰে ৰন্ধা মাছৰ টেঙা আঞ্জা
উপকৰণঃ

মাছ– ৪/৫ টুকুৰা

ঔটেঙা– ১টা (টুকুৰা কৰি লোৱা), আলু– ৩/৪টা (টুকুৰা কৰি লোৱা)

তেল–জোখ অনুপাতে

পাঁচফুৰণ– ১চামুচ

কেঁচা জলকীয়া ৩/৪টা

ধনিয়াপাত ১ মুঠি

নিমখ, হালধি জোখ অনুপাতে৷

প্রণালী: প্রথমে এটা পেচাৰ কুকাৰত ঔটেঙা আৰু আলু দি হিচাপ মতে পানী দি দুটা হুইচেল মৰাই নমাই দিব৷ এতিয়া মাছকেইটুকুৰাত নিমখ, হালধি সানি ফ্রাই কৰি ল’ব৷এতিয়া এখন কেৰাহীত তেল দি পাঁচফোৰণ, কেচাঁ জলকীয়া দি বইল কৰি লোৱা ঔটেঙা আৰু আলুখিনি দিব৷ হিচাপ মতে নিমখ, হালধি দি লৰাই পাচলিখিনি অলপমান সময় ভাজি লৈ জোখমতে পানী দি ভজা মাছকেইটুকুৰা লগত দি ভালদৰে উতলিবলৈ দিব৷ যেতিয়া মাছৰ আঞ্জাখন ভালদৰে উতলিব, তেতিয়া কেচাঁ ধনিয়া পাত কাটি দি নমাই দিব৷ এতিয়া মাছৰ আঞ্জাখন ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰক৷

The post ঔটেঙা আৰু আলুৰে ৰন্ধা মাছৰ টেঙা আঞ্জা first appeared on নিয়মীয়া বাৰ্তা.

কচুথোৰ আৰু কণবিলাহীৰে মাছৰ জুতি
উপকৰণ:

মাছ–৩/৪ টুকুৰা

কচুথোৰ– ১ মুঠি

কণবিলাহী–১১/১২টা মান পাঁচফোৰণ–১ চামুচ

পিঁয়াজ–১টা, আদা, নহৰু ১চামুচ (খুন্দি লোৱাৰ

পকা জলকীয়া–২/৩টা

নিমখ– জোখ অনুসৰি

জালুকগুড়ি– ১ চামুচ

ধনিয়া পাত– ১মুঠি

মিঠাতেল ৩/৪ চামুচ ডাঙৰ চামুচেৰে

প্রণালী: প্রথমতে কচুথোৰখিনি চুঁচ গুচাই টুকুৰা কৰি কাটি ল’ব৷ এতিয়া এখন কেৰাহীত পানী দি কচুথোৰখিনি ৫ মিনিটমান সময় বইল কৰি পানীখিনি পেলাই কচুথোৰখিনি টুকি ল’ব৷ এতিয়া এখন কেৰাহীত মিঠাতেল দি মাছকেইটুকুৰা ভাজি ল’ব৷ এতিয়া মাছ ভজা তেলখিনিতে পাঁচফোৰণ দি পকা জলকীয়া, আদা, নহৰু আৰু পিঁয়াজখিনি দি ভালদৰে লৰাই ল’ব৷ কণবিলাহীখিনি দি পুনৰ এবাৰ লৰাই দিব৷ হিচাপ অনুসৰি নিমখ, হালধি, জালুকগুড়ি দি আকৌ এবাৰ লৰাই দি ঢ়াকোন লগাই দিব৷ যেতিয়া কণবিলাহী আৰু কচুখিনি সিজি আহিব, তেতিয়া জোখ অনুসৰি পানী দি ভাজি থোৱা মাছকেইটুকুৰা দিব৷

The post কচুথোৰ আৰু  কণবিলাহীৰে মাছৰ জুতি first appeared on নিয়মীয়া বাৰ্তা.

নগাঁও বাঙ্গালী বালিকা উঃ মাঃ বিদ্যালয়ৰ বাহিনী গ্রীন পুলিচ
আমাৰ সমাজখনক সুস্থ আৰু সবল কৰি ৰাখিবৰ বাবে পৰিৱেশ প্রদূষণৰ ওপৰত গুৰুত্ব দিয়া প্রয়োজন৷ সমান্তৰালভাৱে প্রকৃতি সংৰক্ষণৰ ক্ষেত্রতো দৃষ্টি ৰখা প্রয়োজন৷ সাম্প্রতিক সময়ত অবাধে বনাঞ্চল ধ্বংস কৰাৰ ফলত প্রাকৃতিক ভাৰসাম্যৰ প্রতি প্রত্যাহ্বান সৃষ্টি হৈছে৷ জীৱকুলৰ প্রতিও ভাবুকি আহিছে৷ পৰিষ্কাৰ–পৰিচ্ছন্ন মানুহক নিৰোগী কৰি ৰাখিব পাৰে৷ এনে এটা পৰিৱেশৰ মাজতে নগাঁও বাঙ্গালী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ে ‘গ্রীন পুলিচ’ নামেৰে এটা টীম গঠন কৰি পৰিৱেশ সুস্থিৰ কৰি ৰখা, প্রদূষণ নিয়ন্ত্রণ কৰা আদি কামত নিয়োজিত হয়৷ ২০১৬ চনত বিদ্যালয়খনৰ সহকাৰী শিক্ষয়িত্রী অপর্ণা ভট্টাচার্যৰ চিন্তা আৰু পৰিকল্পনাৰে বিদ্যালয়খনৰ ছাত্রীক লৈ গঠন কৰা হয় ‘গ্রীন পুলিচ’৷ ‘গ্রীন পুলিচ’ এতিয়া নগাঁওবাসীৰ বাবে পৰিচিত নাম৷ অৱশ্যে এই পৰিকল্পনাৰ মূল হোতা অপর্ণা ভট্টাচার্যৰ ইতিমধ্যে মৃত্যু হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘স্বচ্ছ ভাৰত’ অভিযানৰ প্রতি সঁহাৰি জনাই গ্রীন পুলিচে পৰিষ্কাৰ–পৰিচ্ছন্ন ওপৰত সর্বাধিক গুৰুত্ব দিয়ে৷ প্রকৃতিপ্রেম গ্রীন পুলিচ দলৰ অন্যতম লক্ষ্য৷ ২০১৬ চনৰ আৰম্ভণিৰ সময়ত গঠন হোৱা এই পুলিচ টীমে প্রথমতে বিদ্যালয়খনৰ চৌহদ পৰিষ্কাৰ–পৰিচ্ছন্ন কৰি ৰখাৰ ওপৰত গুৰুত্ব প্রদান কৰে৷ তাৰ পৰৱর্তী সময়ত বিদ্যালয়ৰ কাষৰ বাট–পথসমূহ পৰিষ্কাৰ–পৰিচ্ছন্ন কৰাৰ পদক্ষেপ গ্রহণ কৰে৷ বিদ্যালয়ৰ সন্মুখৰ দোকান–ব্যৱসায়িক প্রতিষ্ঠানসমূহত ডাষ্টবিন ৰখাৰ বাবে সজাগতা সৃষ্টি কৰে৷ দোকান–ব্যৱসায়িক প্রতিষ্ঠানসমূহেও ‘গ্রীন পুলিচ’ৰ আহ্বানৰ প্রতি সঁহাৰি জনাই এলেকাটো পৰিষ্কাৰ–পৰিচ্ছন্ন কৰি ৰখাৰ পদক্ষেপ গ্রহণ কৰে৷ বিদ্যালয়খনৰ চৌপাশৰ লোকসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ মাজতো পৰিষ্কাৰ–পৰিচ্ছন্ন ক্ষেত্রত সজাগতা সৃষ্টি কৰে৷ প্রতিঘৰ লোকে ‘গ্রীন পুলিচ’ৰ আহ্বানৰ প্রতি সঁহাৰি জনাই ইতিবাচক সৃষ্টিভংগী গ্রহণ কৰা পৰিলক্ষিত হয়৷ নগাঁও চহৰৰ এম জি পথত থকা এই বিদ্যালয়খনৰ চৌপাশ এতিয়া সুন্দৰ৷ অপর্ণা ভট্টাচার্যৰ মৃত্যুৰ পিছৰ এই দায়িত্ব বহন কৰে বিদ্যালয়খনৰ সহকাৰী শিক্ষয়িত্রী অর্পিতা পাল আৰু শিক্ষক স্মৃতিৰঞ্জন চমুৱাই৷ বিদ্যালয়খনৰ প্রধান শিক্ষক নাৰায়ণ মজুমদাৰে জানিবলৈ দিয়া মতে, বিদ্যালয়ৰ নৱম আৰু দশম শ্রেণীৰ ছাত্রীসকলক লৈ এই ‘গ্রীন পুলিচ’ টীম গঠন কৰা হৈছে৷ টীমটোত প্রায় ২৫গৰাকী ছাত্রী থাকে৷ এই দলটোক লৈয়েই আমি পৰিৱেশ, প্রদূষণ, প্রকৃতি সংৰক্ষণ, পৰিষ্কাৰ–পৰিচ্ছন্ন বাবে কাম কৰি আহিছোঁ৷ সর্বসাধাৰণৰ সহযোগিতা লাভ কৰিছোঁ৷

নগাঁও চহৰৰ মাজেৰে বৈ গৈছে কলং নৈ৷ কলং নগঞা ৰাইজৰ হূদয়ৰ স্পন্দন৷ কলং নৈয়ে নগাঁও চহৰক দুভাগ কৰিছে৷ কলং নৈক লৈ নগঞাৰ আছে অলেখ সপোন৷ ‘সাগৰ দেখিছা’ৰ কবি দেৱকান্ত বৰুৱা আৰু বহু নগঞা কবি–সাহিত্যিকৰ সৃষ্টিৰ প্রেৰণাৰ স্থলী কলং৷ কিন্তু এই কলং আজি প্রদূষিত৷ একাংশ লোকে কলং আৰু ইয়াৰ পাৰত আৱর্জনা পেলাই পৰিৱেশ দূষিত কৰি তুলিছে৷ কলঙৰ এই অৱস্থা দেখি অতিশয় দূষিত গ্রীন পুলিচ৷ নগাঁও চহৰৰ অংশত কলং নৈ পৰিষ্কাৰ কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰে ‘গ্রীন পুলিচ’–এ৷ ‘গ্রীন পুলিচ’ৰ ছাত্রীসকলে নিজেই কলং পৰিষ্কাৰ কৰাৰ কামত নামি পৰিল৷ তেওঁলোকে কেইবাবাৰো এই কাম কৰি প্রশংসাৰ পাত্র হৈছে৷ ‘গ্রীন পুলিচ’ৰ অন্যতম পদক্ষেপ হৈছে Pipe composting’৷ এই ব্যৱস্থাত মাটিৰ তিনি ফুট তললৈকে তিনি ফুট পিভিচি পাইপ পোতা হয় আৰু এই পাইপ তিনি ফুট ওপৰলৈ সংলগ্ণ কৰা হয়৷ ঘৰৰ বা ৰাজহুৱা অনুষ্ঠানৰ আৱর্জনা এই পাইপৰ ভিতৰত পেলাই দিয়া হয়৷ পাইপৰ ভিতৰত জমা হোৱা আৱর্জনাত এবিধ পোক উৎপন্ন হয় আৰু এই পোকে জাবৰ–আৱর্জনা নিষ্কাশনত সহায় কৰে৷ তদুপৰি পোকৰ দ্বাৰা আৱর্জনা নিষ্কাশন হোৱাৰ পিছত মাটিখিনি সাৰুৱা হৈ পৰে৷ এই সাৰুৱা মাটিখিনিত ‘কিটচেন গার্ডেন’ খুলিব পাৰি৷ অর্থাৎ এই মাটিত শাক–পাচলিৰ খেতি কৰিব পাৰি৷ ইয়াৰ জৰিয়তে অর্থনৈতিক বুনিয়াদো গঢ়িব পৰা যায়৷

ক’ৰোনাকালীন সময়তো নগাঁৱত গ্রীন পুলিচে ‘সজাগতামূলক প্রয়াস’ নামৰ এক প্রশংসনীয় পদক্ষেপ গ্রহণ কৰিছিল৷ ক’ৰোনা মহামাৰী সন্দর্ভত ল’ব লগা সাৱধানতা সন্দর্ভত বিভিন্ন পৰামর্শসম্বলিত প্রচাৰ পত্র ঘৰে ঘৰে বিতৰণ কৰি ৰাইজক ক’ৰোনা মহামাৰী সন্দর্ভত সজাগতা সৃষ্টি কৰে আৰু ৰাইজৰ সঁহাৰি লাভ কৰে৷ এইক্ষেত্রত ‘গ্রীন পুলিচ’ক সহযোগিতা কৰে শ্যামলিমা ইক’ ক্লাবে৷

প্রকৃতিয়েই আমাৰ প্রাণ৷ প্রকৃতি নহ’লে মানুহ জীয়াই থাকিব নোৱাৰে৷ আমাৰ অন্যতম উৎসৱ হ’ল ‘ৰাখী বন্ধন’৷ এই ‘ৰাখী বন্ধন’ উৎসৱত আমি সাধাৰণতে বিভিন্নজনক ৰাখী পিন্ধাওঁ৷ কিন্তু ‘গ্রীন পুলিচ’–এ ৰাখী বন্ধনৰ দিনা মানুহক ৰাখী পিন্ধোৱাৰ পৰিৱর্তে গছ–গছনিক ৰাখী পিন্ধাই প্রকৃতি সংৰক্ষণৰ ওপৰত গুৰুত্ব প্রদান কৰে৷ আনহাতে ভেলেণ্টাইন ডে’ অর্থাৎ প্রেমৰ দিনত গছ–গছনি সংৰক্ষণ কৰা সন্দর্ভত সজাগতামূলক কার্যসূচী ৰূপায়ণ কৰি প্রকৃতিপ্রেমৰ নিদর্শন দাঙি ধৰি আহিছে৷ যুৱপ্রজন্মৰ মাজত প্রকৃতি সংৰক্ষণৰ প্রতি আগ্রহী কৰি তুলিবলৈ পদক্ষেপ গ্রহণ কৰিছে৷

দেৱালী উৎসৱকে ধৰি বিভিন্ন উৎসৱত বিভিন্ন প্রাবল্যৰ ফটকা ফুটাই ভয়াৱহ প্রদূষণৰ সৃষ্টি কৰে৷ এইক্ষেত্রতো গ্রীন পুলিচে ‘বায়ু আৰু শব্দ প্রদূষণ ঃ স্বাস্থ্যৰ ওপৰত প্রভাৱ’ শীর্ষক সজাগতা অভিযান চলায়৷ গ্রীন পুলিচৰ সদস্যাসকলে জানিবলৈ দিয়ে যে উচ্চ প্রাবল্যৰ ফটকাৰ শব্দই বেছিকৈ ক্ষতি কৰে কণ কণ শিশুসকলক৷ সেয়ে গ্রীন পুলিচে প্রদূষণ সন্দর্ভত সজাগতা সৃষ্টিৰ ওপৰত সর্বাধিক গুৰুত্ব প্রদান কৰি আহিছে৷ গ্রীন পুলিচৰ সদস্যাসকলৰ ভিতৰত স্বৰূপা দে’, বর্ণালী লোধ, ৰিশিকা বিশ্বাস, অর্কমিতা দাস, নিশিতা দাস, সুস্মিতা ভাওৱাল, সুনন্দা পোদ্দাৰ, পমী চক্রৱর্তী, স্নিগ্ধা পাল, ৰিয়া শীল অন্যতম৷ উল্লেখ্য যে গ্রীন পুলিচৰ এই কাম–কাজ আজি সকলোৰে বাবে এক আদর্শ হিচাপে পৰিচিতি লাভ কৰিছে৷ সকলোৰে প্রশংসাৰ পাত্র হৈছে৷ চৰকাৰীভাৱেও সমাদৰ লাভ কৰিছে৷ ২০১৯ বর্ষত সেই সময়ৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নগাঁৱত অনুষ্ঠিত এটা অনুষ্ঠানত গ্রীন পুলিচক সম্বর্ধনা জনোৱাৰ লগতে মত বিনিময় কৰে আৰু প্রশংসা পত্র প্রদান কৰে৷

বিদ্যালয়খনৰ নৱম–দশম শ্রেণৰ ছাত্রীসকলে এই দায়িত্ব বহন কৰি নৱপ্রজন্মৰ প্রতি এক ইতিবাচক বার্তা প্রেৰণ কৰিছে৷

The post নগাঁও বাঙ্গালী বালিকা উঃ মাঃ বিদ্যালয়ৰ বাহিনী গ্রীন পুলিচ first appeared on নিয়মীয়া বাৰ্তা.

ছালৰ মৃত কোষ পৰিষ্কাৰৰ বাবে ঘৰুৱা স্ক্রাব্ৰ ব্যৱহাৰ
◼মৌ, গ্রীন টী আৰু চেনিৰ স্ক্রাব ঃ গ্রীন টী দুচামুচ লৈ তাতে দুচামুচ মৌ মিহলাব৷ এতিয়া চাৰি চামুচ চেনি এই মিশ্রণত মিহলাব৷ এটা ডাঠ পেষ্ট প্রস্তুত নোহোৱালৈকে চেনি মিহলাই থাকিব৷ মৌ হৈছে প্রাকৃতিক বিজাণু প্রতিৰোধী৷ প্রতি সপ্তাহত দুদিনকৈ এই স্ক্রাব ব্যৱহাৰ কৰিব আৰু উজ্জ্বল আৰু সতেজ ছাল লাভ কৰিব৷

◼কল আৰু চেনিৰ স্ক্রাব ঃ কলত ছালৰ বাবে প্রয়োজনীয় ভিটামিন আৰু খনিজাত পদার্থ থাকে৷ এই স্ক্রাব প্রস্তুতৰ বাবে দুচামুচ চেনিত এটা পিটিকি লোৱা কল দিব৷ এই স্ক্রাবে ছালখন কোমল আৰু উজ্জ্বল কৰিব৷

◼নেমু আৰু চেনিৰ স্ক্রাব ঃ দুচামুচ নেমুৰ ৰসত দুচামুচ চেনি আৰু আধা কাপ অলিভ অইল মিহলাব৷ ৰ’দে পোৰা ছাল বা অন্যান্য দাগ থকা ছালত এই মিশ্রণে যাদুৰ দৰে কাম কৰে৷

◼বীট আৰু চেনিৰ স্ক্রাব ঃ চেনি আৰু বীটৰ ৰস মিহলাই ওঁঠত লগাব লাগে৷ ২ মিনিট লাহে লাহে ওঁঠত এই মিশ্রণ ঘঁহি ঠাণ্ডা পানীৰে ধুই দিব৷ ইয়াৰ ফলত কোনো কাৰণত ওঁঠৰ ৰং যদি হেৰাইছিল সেই ৰং উভতি আহিব৷

◼দৈ আৰু চেনিৰ স্ক্রাব ঃ আধা কাপ সতেজ দৈত দুচামুচ চেনি মিহলাব৷ এই মিশ্রণ ১০ মিনিটৰ বাবে শৰীৰত লগাই থ’ব৷ ইয়াৰ ফলত নোমৰ গুৰিবোৰ পৰিষ্কাৰ হ’ব আৰু টান হ’ব৷

The post ছালৰ মৃত কোষ পৰিষ্কাৰৰ বাবে ঘৰুৱা স্ক্রাব্ৰ ব্যৱহাৰ first appeared on নিয়মীয়া বাৰ্তা.