নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাৰ পোলাও

উপকৰণ: চিৰা এবাটি, গাজৰ এটা, কেঁচা মটৰ আধাবাটি, ফ্রেন্সবীন আধাবাটি, ব্র’কলি এটা, ৰিফাইন তেল প্রয়োজন মতে, পিয়াঁজ এটা, কেঁচা জলকীয়া চাৰিটা, কাজু ১/৩ কাপ, কিচ্মিচ্ ১/৩ কাপ, মেগী মচলা এপেকেট, নিমখ স্বাদ অনুযায়ী, হালধি আধা চাহ চামুচ, নেমুৰ ৰস এক টেবুল চামুচ, ধনিয়া পাত এমুঠি

প্রণালী: চিৰাখিনি ধুই খৰাহী এটাত ৰাখি পানী নিগৰিবলৈ দিব৷ ফ্রেন্সবিন, ব্রকলি, গাজৰ, পিয়াঁজ, জলকীয়া আৰু ধনিয়াপাত ধুই সৰু সৰুকৈ পৃথকে পৃথকে কুটি ল’ব৷ প্রথমতে কেৰাহীত প্রয়োজন মতে তেল গৰম কৰি তাতে কাজু আৰু কিচমিচ্খিনি দি প্রায় এক মিনিটমান সময় ভাজি প্লেটত নমাই থ’ব৷ তাৰ পাছত বাকী থকা তেলখিনিত পিয়াঁজ আৰু কেঁচা জলকীয়াখিনি দি ভালদৰে লৰাই দিব৷ অলপ সময় ভজাৰ পাছত পিয়াঁজৰ ৰং সলনি হ’বলৈ ধৰিলে প্রয়োজন মতে নিমখ আৰু হালধি দি ভালদৰে লৰাই দিব৷ তাৰ পাছত কেঁচা মটৰ আৰু কুটি লোৱা ফ্রেন্সবিন, ব্রকলি আৰু গাজৰখিনি দি ভালদৰে লৰাই ঢ়াকি দিব৷ মাজে মাজে লৰাই পাচলিখিনি প্রায় দহ মিনিটমান সময় ভাজিব৷ পাচলিখিনি সিজিলে মেগী মচলাখিনি দি ভালদৰে লৰাই ভাজি থোৱা কাজু, কিচ্মিচ্ আৰু ধুই থোৱা চিৰাখিনি দি পাচলিৰ লগত মিলি যোৱাকৈ লৰাই দিব৷ প্রায় পাঁচ মিনিটমান সময় চিৰাখিনি ভজাৰ পাছত নেমুৰ ৰসখিনি ঢ়ালি লৰাই দিব৷ তাৰ পাছত কুটি লোৱা ধনিয়াপাতখিনি দি ভালদৰে লৰাই কেৰাহীখন জুইৰ ওপৰৰ পৰা নমাই থ’ব৷ চিৰাৰ পোলাও প্রস্তুত হৈ গৈছে৷ ৰাতিপুৱা বা গধূলিৰ জলপান হিচাপে গৰমে গৰমে পৰিৱেশন কৰিব৷ খাবলৈ বৰ সোৱাদ পাব৷ টিফিনত দিবলৈও ভাল হয়৷

You might also like