নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহৰ পিছত প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতি

বিবাহৰ পিছত এগৰাকী নাৰীৰ কেৰিয়াৰ বা চাকৰিজীৱন অন্ত পৰে বুলি থকা ধাৰণা এতিয়া পুৰণি হ’ল৷ এতিয়া পুৰুষৰ সমানেই প্রত্যেক ক্ষেত্রত নাৰী আগবাঢ়ি গৈছে৷ নাৰীয়ে ভালদৰেই জানে ব্যক্তিগত জীৱন, সংসাৰ আৰু চাকৰিৰ দায়িত্বৰ মাজতে কেনেদৰে সামঞ্জস্য ৰাখিব লাগে৷ সমগ্র পৃথিৱীত ব্যক্তিগত আৰু চৰকাৰী প্রতিষ্ঠানত উচ্চ পদবীত কর্মৰত অলেখ নাৰীৰ উদাহৰণ আছে৷ আচলতে এগৰাকী নাৰীৰ জীৱন সংগীগৰাকী যদি তেওঁৰ সমর্থনত থাকে, তেতিয়াহ’লে নাৰীগৰাকীয়ে যিকোনো কঠিন যেন লগা কামো সহজে সমাধান কৰিব পাৰে৷ যদিহে নাৰীগৰাকীৰ এটা চৰকাৰী চাকৰিৰ সপোন আছে অথবা বিবাহৰ পিছতো অধ্যয়ন চলাই নিব বিচাৰে, তেনেহ’লে পলম নকৰি সেই সপোন পূৰণৰ বাবে কিছুমান কৌশল অৱলম্বন কৰিব পাৰে৷

কর্মজীৱী মহিলাই অনুকৰণ কৰিবলগীয়া কৌশল:

  • যদি আপুনি কর্মজীৱী মহিলা, তেনেহ’লে কি সময় ব্যৱস্থাপনা হ’ব আপোনাৰ সফলতাৰ চাবিকাঠী৷ নিচেই পুৱা অথবা অফিচৰ পৰা উভতি আহি আপুনি অধ্যয়ন কৰিব পাৰে৷
  • অনলাইন ক’চিং ক্লাছত যোগদান কৰি পৰীক্ষাৰ ছিলেবাছৰ সম্পূর্ণ ধাৰণা লৈ নিজকে আপডেট কৰি ৰাখিব পাৰে৷
  • প্রথম অৱস্থাত এই নিয়মত চলিবলৈ অসুবিধাও হ’ব পাৰে, কিন্তু অসম্ভৱ নহয়৷
  • সপ্তাহৰ প্রত্যেকটো দিনেই যিহেতু আপুনি ব্যস্ত, সেয়ে যিটো দিনত কার্যালয় বন্ধ থাকে সেই দিনটো আপুনি ব্যৱহাৰ কৰিব পাৰে৷
  • পৰীক্ষাৰ বিভিন্ন বিষয়ৰ ইউটিউব চেনেলবোৰ আপোনাৰ বাবে লাভদায়ক হ’ব৷

 

গৃহিণীৰ বাবে অধ্যয়নৰ কৌশল

  • আপুনি যদি এগৰাকী গৃহিণী আৰু চৰকাৰী খণ্ডত কাম কৰিব বিচাৰে, তেতিয়াহ’লে তলৰ কৌশলবোৰ অৱলম্বন কৰক–
  • নিজৰ দিনটোৰ বাবে পৰিকল্পনা কৰক৷ সেই পৰিকল্পনাত নিজৰ পৰীক্ষাৰ প্রস্তুতিৰ বাবে কিছু সময় ৰাখক৷
  • একেবাৰে পুৱাতেই উঠি পঢ়িব পাৰিলে আপোনাৰ লাভ হ’ব৷ যেতিয়া আপোনাৰ সন্তান শুই থাকে বা বিদ্যালয়ত থাকে, গৃহস্থ কার্যালয়ত থাকে, তেতিয়া আপুনি সকলো পাহৰি সময়খিনি নিজৰ বাবে ব্যৱহাৰ কৰক৷
  • আপুনি এনেদৰে এখন ৰুটিন প্রস্তুত কৰক, যিখনে আপোনাক সকলো ঘৰুৱা কাম কৰাৰ পিছতো নিজৰ বাবে যথেষ্ট সময় উলিওৱাৰ সুবিধা দিয়ে৷
  • কেৰিয়াৰৰ কথা ভবাটো ভাল কথা, কিন্তু ব্যক্তিগত সুন্দৰ মুহূর্তবোৰ ত্যাগ কৰিব নালাগে৷ ব্যক্তিগত জীৱন উপভোগৰ বাবে কিছু সময় হাতত ৰাখিব৷
  • চৰকাৰী চাকৰিৰ বাবে ঘণ্টা ঘণ্টা ধৰি অধ্যয়ন কৰিব লাগে বুলি কথা নাই, লাগিব মাথোন সুনির্দিষ্ট লক্ষ্য আৰু সমর্পিত মনোভাব ৷ এগৰাকী পত্নী, বোৱাৰী আৰু মাকৰ ভূমিকা পালন কৰিবলৈ যাওঁতে আপুনি অধ্যয়নৰ বাবে নিচেই কম সময়হে লাভ কৰে৷ গতিকে সম্পূর্ণ মনোযোগেৰে কৌশলপূর্ণ অধ্যয়ন কৰক৷ ক’চিং চেণ্টাৰত নামভর্তি কৰিবও পাৰে অথবা কৌশলপূর্ণ পদ্ধতিসমূহ ইণ্টাৰনেটৰ পৰা আহৰণ কৰিব পাৰে৷

 

প্রস্তুতিৰ পূর্বে কৰিবলগীয়া

 

  •  কি পৰীক্ষাত বহিব সেই সম্পর্কে দৃঢ় সিদ্ধান্ত ল’ব৷
  • শেহতীয়া পৰীক্ষাৰ ছিলেবাছ আৰু পৰীক্ষাৰ ধৰণ বুজি ল’ব৷
  • দৈনন্দিন কর্ম আৰু আজৰি সময়ৰ তালিকা কৰিব৷
  • সহজ বিষয়ৰ পৰা লাহে লাহে কঠিন বিষয়লৈ যাব৷ ইয়াৰ ফলত কম সময়তে আপুনি যিবোৰ বিষয়ত পাৰদর্শী সেইবোৰ বিষয়ৰ অধ্যয়ন শেষ হ’ব৷
  • ম’ক টেষ্টত আংশ ল’ব, নিজৰ কর্মৰ খতিয়ান লোৱাৰ বাবে৷

 

সফলতা আৰু বিফলতা

প্রতিবছৰেই প্রতিযোগিতা বৃদ্ধি পাইছে, গতিকে সফলতা অথবা বিফলতা উভয়ৰ বাবে নিজক প্রস্তুতি কৰি ৰাখিব৷ আত্মবিশ্বাসেৰে নিজৰ দায়িত্ব পালন কৰি যাব৷
আপুনি যদি সফল হয় চাকৰি পাব আৰু বিফল হ’লেও কিবা এটা নতুন কথা শিকাৰ সুযোগ পাব৷ জীৱন হৈছে শিক্ষা গ্রহণৰ এক সুদীর্ঘ পৰিক্রমা আৰু ই কেতিয়াও শেষ নহয়৷

You might also like