নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছালৰ মৃত কোষ পৰিষ্কাৰৰ বাবে ঘৰুৱা স্ক্রাব্ৰ ব্যৱহাৰ

◼মৌ, গ্রীন টী আৰু চেনিৰ স্ক্রাব ঃ গ্রীন টী দুচামুচ লৈ তাতে দুচামুচ মৌ মিহলাব৷ এতিয়া চাৰি চামুচ চেনি এই মিশ্রণত মিহলাব৷ এটা ডাঠ পেষ্ট প্রস্তুত নোহোৱালৈকে চেনি মিহলাই থাকিব৷ মৌ হৈছে প্রাকৃতিক বিজাণু প্রতিৰোধী৷ প্রতি সপ্তাহত দুদিনকৈ এই স্ক্রাব ব্যৱহাৰ কৰিব আৰু উজ্জ্বল আৰু সতেজ ছাল লাভ কৰিব৷

◼কল আৰু চেনিৰ স্ক্রাব ঃ কলত ছালৰ বাবে প্রয়োজনীয় ভিটামিন আৰু খনিজাত পদার্থ থাকে৷ এই স্ক্রাব প্রস্তুতৰ বাবে দুচামুচ চেনিত এটা পিটিকি লোৱা কল দিব৷ এই স্ক্রাবে ছালখন কোমল আৰু উজ্জ্বল কৰিব৷

◼নেমু আৰু চেনিৰ স্ক্রাব ঃ দুচামুচ নেমুৰ ৰসত দুচামুচ চেনি আৰু আধা কাপ অলিভ অইল মিহলাব৷ ৰ’দে পোৰা ছাল বা অন্যান্য দাগ থকা ছালত এই মিশ্রণে যাদুৰ দৰে কাম কৰে৷

◼বীট আৰু চেনিৰ স্ক্রাব ঃ চেনি আৰু বীটৰ ৰস মিহলাই ওঁঠত লগাব লাগে৷ ২ মিনিট লাহে লাহে ওঁঠত এই মিশ্রণ ঘঁহি ঠাণ্ডা পানীৰে ধুই দিব৷ ইয়াৰ ফলত কোনো কাৰণত ওঁঠৰ ৰং যদি হেৰাইছিল সেই ৰং উভতি আহিব৷

◼দৈ আৰু চেনিৰ স্ক্রাব ঃ আধা কাপ সতেজ দৈত দুচামুচ চেনি মিহলাব৷ এই মিশ্রণ ১০ মিনিটৰ বাবে শৰীৰত লগাই থ’ব৷ ইয়াৰ ফলত নোমৰ গুৰিবোৰ পৰিষ্কাৰ হ’ব আৰু টান হ’ব৷

You might also like