নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কচুথোৰ আৰু কণবিলাহীৰে মাছৰ জুতি

উপকৰণ:
মাছ–৩/৪ টুকুৰা
কচুথোৰ– ১ মুঠি
কণবিলাহী–১১/১২টা মান পাঁচফোৰণ–১ চামুচ
পিঁয়াজ–১টা, আদা, নহৰু ১চামুচ (খুন্দি লোৱাৰ
পকা জলকীয়া–২/৩টা
নিমখ– জোখ অনুসৰি
জালুকগুড়ি– ১ চামুচ
ধনিয়া পাত– ১মুঠি
মিঠাতেল ৩/৪ চামুচ ডাঙৰ চামুচেৰে

প্রণালী: প্রথমতে কচুথোৰখিনি চুঁচ গুচাই টুকুৰা কৰি কাটি ল’ব৷ এতিয়া এখন কেৰাহীত পানী দি কচুথোৰখিনি ৫ মিনিটমান সময় বইল কৰি পানীখিনি পেলাই কচুথোৰখিনি টুকি ল’ব৷ এতিয়া এখন কেৰাহীত মিঠাতেল দি মাছকেইটুকুৰা ভাজি ল’ব৷ এতিয়া মাছ ভজা তেলখিনিতে পাঁচফোৰণ দি পকা জলকীয়া, আদা, নহৰু আৰু পিঁয়াজখিনি দি ভালদৰে লৰাই ল’ব৷ কণবিলাহীখিনি দি পুনৰ এবাৰ লৰাই দিব৷ হিচাপ অনুসৰি নিমখ, হালধি, জালুকগুড়ি দি আকৌ এবাৰ লৰাই দি ঢ়াকোন লগাই দিব৷ যেতিয়া কণবিলাহী আৰু কচুখিনি সিজি আহিব, তেতিয়া জোখ অনুসৰি পানী দি ভাজি থোৱা মাছকেইটুকুৰা দিব৷

You might also like