নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও বাঙ্গালী বালিকা উঃ মাঃ বিদ্যালয়ৰ বাহিনী গ্রীন পুলিচ

আমাৰ সমাজখনক সুস্থ আৰু সবল কৰি ৰাখিবৰ বাবে পৰিৱেশ প্রদূষণৰ ওপৰত গুৰুত্ব দিয়া প্রয়োজন৷ সমান্তৰালভাৱে প্রকৃতি সংৰক্ষণৰ ক্ষেত্রতো দৃষ্টি ৰখা প্রয়োজন৷ সাম্প্রতিক সময়ত অবাধে বনাঞ্চল ধ্বংস কৰাৰ ফলত প্রাকৃতিক ভাৰসাম্যৰ প্রতি প্রত্যাহ্বান সৃষ্টি হৈছে৷ জীৱকুলৰ প্রতিও ভাবুকি আহিছে৷ পৰিষ্কাৰ–পৰিচ্ছন্ন মানুহক নিৰোগী কৰি ৰাখিব পাৰে৷ এনে এটা পৰিৱেশৰ মাজতে নগাঁও বাঙ্গালী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ে ‘গ্রীন পুলিচ’ নামেৰে এটা টীম গঠন কৰি পৰিৱেশ সুস্থিৰ কৰি ৰখা, প্রদূষণ নিয়ন্ত্রণ কৰা আদি কামত নিয়োজিত হয়৷ ২০১৬ চনত বিদ্যালয়খনৰ সহকাৰী শিক্ষয়িত্রী অপর্ণা ভট্টাচার্যৰ চিন্তা আৰু পৰিকল্পনাৰে বিদ্যালয়খনৰ ছাত্রীক লৈ গঠন কৰা হয় ‘গ্রীন পুলিচ’৷ ‘গ্রীন পুলিচ’ এতিয়া নগাঁওবাসীৰ বাবে পৰিচিত নাম৷ অৱশ্যে এই পৰিকল্পনাৰ মূল হোতা অপর্ণা ভট্টাচার্যৰ ইতিমধ্যে মৃত্যু হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘স্বচ্ছ ভাৰত’ অভিযানৰ প্রতি সঁহাৰি জনাই গ্রীন পুলিচে পৰিষ্কাৰ–পৰিচ্ছন্ন ওপৰত সর্বাধিক গুৰুত্ব দিয়ে৷ প্রকৃতিপ্রেম গ্রীন পুলিচ দলৰ অন্যতম লক্ষ্য৷ ২০১৬ চনৰ আৰম্ভণিৰ সময়ত গঠন হোৱা এই পুলিচ টীমে প্রথমতে বিদ্যালয়খনৰ চৌহদ পৰিষ্কাৰ–পৰিচ্ছন্ন কৰি ৰখাৰ ওপৰত গুৰুত্ব প্রদান কৰে৷ তাৰ পৰৱর্তী সময়ত বিদ্যালয়ৰ কাষৰ বাট–পথসমূহ পৰিষ্কাৰ–পৰিচ্ছন্ন কৰাৰ পদক্ষেপ গ্রহণ কৰে৷ বিদ্যালয়ৰ সন্মুখৰ দোকান–ব্যৱসায়িক প্রতিষ্ঠানসমূহত ডাষ্টবিন ৰখাৰ বাবে সজাগতা সৃষ্টি কৰে৷ দোকান–ব্যৱসায়িক প্রতিষ্ঠানসমূহেও ‘গ্রীন পুলিচ’ৰ আহ্বানৰ প্রতি সঁহাৰি জনাই এলেকাটো পৰিষ্কাৰ–পৰিচ্ছন্ন কৰি ৰখাৰ পদক্ষেপ গ্রহণ কৰে৷ বিদ্যালয়খনৰ চৌপাশৰ লোকসকলৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ মাজতো পৰিষ্কাৰ–পৰিচ্ছন্ন ক্ষেত্রত সজাগতা সৃষ্টি কৰে৷ প্রতিঘৰ লোকে ‘গ্রীন পুলিচ’ৰ আহ্বানৰ প্রতি সঁহাৰি জনাই ইতিবাচক সৃষ্টিভংগী গ্রহণ কৰা পৰিলক্ষিত হয়৷ নগাঁও চহৰৰ এম জি পথত থকা এই বিদ্যালয়খনৰ চৌপাশ এতিয়া সুন্দৰ৷ অপর্ণা ভট্টাচার্যৰ মৃত্যুৰ পিছৰ এই দায়িত্ব বহন কৰে বিদ্যালয়খনৰ সহকাৰী শিক্ষয়িত্রী অর্পিতা পাল আৰু শিক্ষক স্মৃতিৰঞ্জন চমুৱাই৷ বিদ্যালয়খনৰ প্রধান শিক্ষক নাৰায়ণ মজুমদাৰে জানিবলৈ দিয়া মতে, বিদ্যালয়ৰ নৱম আৰু দশম শ্রেণীৰ ছাত্রীসকলক লৈ এই ‘গ্রীন পুলিচ’ টীম গঠন কৰা হৈছে৷ টীমটোত প্রায় ২৫গৰাকী ছাত্রী থাকে৷ এই দলটোক লৈয়েই আমি পৰিৱেশ, প্রদূষণ, প্রকৃতি সংৰক্ষণ, পৰিষ্কাৰ–পৰিচ্ছন্ন বাবে কাম কৰি আহিছোঁ৷ সর্বসাধাৰণৰ সহযোগিতা লাভ কৰিছোঁ৷
নগাঁও চহৰৰ মাজেৰে বৈ গৈছে কলং নৈ৷ কলং নগঞা ৰাইজৰ হূদয়ৰ স্পন্দন৷ কলং নৈয়ে নগাঁও চহৰক দুভাগ কৰিছে৷ কলং নৈক লৈ নগঞাৰ আছে অলেখ সপোন৷ ‘সাগৰ দেখিছা’ৰ কবি দেৱকান্ত বৰুৱা আৰু বহু নগঞা কবি–সাহিত্যিকৰ সৃষ্টিৰ প্রেৰণাৰ স্থলী কলং৷ কিন্তু এই কলং আজি প্রদূষিত৷ একাংশ লোকে কলং আৰু ইয়াৰ পাৰত আৱর্জনা পেলাই পৰিৱেশ দূষিত কৰি তুলিছে৷ কলঙৰ এই অৱস্থা দেখি অতিশয় দূষিত গ্রীন পুলিচ৷ নগাঁও চহৰৰ অংশত কলং নৈ পৰিষ্কাৰ কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰে ‘গ্রীন পুলিচ’–এ৷ ‘গ্রীন পুলিচ’ৰ ছাত্রীসকলে নিজেই কলং পৰিষ্কাৰ কৰাৰ কামত নামি পৰিল৷ তেওঁলোকে কেইবাবাৰো এই কাম কৰি প্রশংসাৰ পাত্র হৈছে৷ ‘গ্রীন পুলিচ’ৰ অন্যতম পদক্ষেপ হৈছে Pipe composting’৷ এই ব্যৱস্থাত মাটিৰ তিনি ফুট তললৈকে তিনি ফুট পিভিচি পাইপ পোতা হয় আৰু এই পাইপ তিনি ফুট ওপৰলৈ সংলগ্ণ কৰা হয়৷ ঘৰৰ বা ৰাজহুৱা অনুষ্ঠানৰ আৱর্জনা এই পাইপৰ ভিতৰত পেলাই দিয়া হয়৷ পাইপৰ ভিতৰত জমা হোৱা আৱর্জনাত এবিধ পোক উৎপন্ন হয় আৰু এই পোকে জাবৰ–আৱর্জনা নিষ্কাশনত সহায় কৰে৷ তদুপৰি পোকৰ দ্বাৰা আৱর্জনা নিষ্কাশন হোৱাৰ পিছত মাটিখিনি সাৰুৱা হৈ পৰে৷ এই সাৰুৱা মাটিখিনিত ‘কিটচেন গার্ডেন’ খুলিব পাৰি৷ অর্থাৎ এই মাটিত শাক–পাচলিৰ খেতি কৰিব পাৰি৷ ইয়াৰ জৰিয়তে অর্থনৈতিক বুনিয়াদো গঢ়িব পৰা যায়৷
ক’ৰোনাকালীন সময়তো নগাঁৱত গ্রীন পুলিচে ‘সজাগতামূলক প্রয়াস’ নামৰ এক প্রশংসনীয় পদক্ষেপ গ্রহণ কৰিছিল৷ ক’ৰোনা মহামাৰী সন্দর্ভত ল’ব লগা সাৱধানতা সন্দর্ভত বিভিন্ন পৰামর্শসম্বলিত প্রচাৰ পত্র ঘৰে ঘৰে বিতৰণ কৰি ৰাইজক ক’ৰোনা মহামাৰী সন্দর্ভত সজাগতা সৃষ্টি কৰে আৰু ৰাইজৰ সঁহাৰি লাভ কৰে৷ এইক্ষেত্রত ‘গ্রীন পুলিচ’ক সহযোগিতা কৰে শ্যামলিমা ইক’ ক্লাবে৷
প্রকৃতিয়েই আমাৰ প্রাণ৷ প্রকৃতি নহ’লে মানুহ জীয়াই থাকিব নোৱাৰে৷ আমাৰ অন্যতম উৎসৱ হ’ল ‘ৰাখী বন্ধন’৷ এই ‘ৰাখী বন্ধন’ উৎসৱত আমি সাধাৰণতে বিভিন্নজনক ৰাখী পিন্ধাওঁ৷ কিন্তু ‘গ্রীন পুলিচ’–এ ৰাখী বন্ধনৰ দিনা মানুহক ৰাখী পিন্ধোৱাৰ পৰিৱর্তে গছ–গছনিক ৰাখী পিন্ধাই প্রকৃতি সংৰক্ষণৰ ওপৰত গুৰুত্ব প্রদান কৰে৷ আনহাতে ভেলেণ্টাইন ডে’ অর্থাৎ প্রেমৰ দিনত গছ–গছনি সংৰক্ষণ কৰা সন্দর্ভত সজাগতামূলক কার্যসূচী ৰূপায়ণ কৰি প্রকৃতিপ্রেমৰ নিদর্শন দাঙি ধৰি আহিছে৷ যুৱপ্রজন্মৰ মাজত প্রকৃতি সংৰক্ষণৰ প্রতি আগ্রহী কৰি তুলিবলৈ পদক্ষেপ গ্রহণ কৰিছে৷
দেৱালী উৎসৱকে ধৰি বিভিন্ন উৎসৱত বিভিন্ন প্রাবল্যৰ ফটকা ফুটাই ভয়াৱহ প্রদূষণৰ সৃষ্টি কৰে৷ এইক্ষেত্রতো গ্রীন পুলিচে ‘বায়ু আৰু শব্দ প্রদূষণ ঃ স্বাস্থ্যৰ ওপৰত প্রভাৱ’ শীর্ষক সজাগতা অভিযান চলায়৷ গ্রীন পুলিচৰ সদস্যাসকলে জানিবলৈ দিয়ে যে উচ্চ প্রাবল্যৰ ফটকাৰ শব্দই বেছিকৈ ক্ষতি কৰে কণ কণ শিশুসকলক৷ সেয়ে গ্রীন পুলিচে প্রদূষণ সন্দর্ভত সজাগতা সৃষ্টিৰ ওপৰত সর্বাধিক গুৰুত্ব প্রদান কৰি আহিছে৷ গ্রীন পুলিচৰ সদস্যাসকলৰ ভিতৰত স্বৰূপা দে’, বর্ণালী লোধ, ৰিশিকা বিশ্বাস, অর্কমিতা দাস, নিশিতা দাস, সুস্মিতা ভাওৱাল, সুনন্দা পোদ্দাৰ, পমী চক্রৱর্তী, স্নিগ্ধা পাল, ৰিয়া শীল অন্যতম৷ উল্লেখ্য যে গ্রীন পুলিচৰ এই কাম–কাজ আজি সকলোৰে বাবে এক আদর্শ হিচাপে পৰিচিতি লাভ কৰিছে৷ সকলোৰে প্রশংসাৰ পাত্র হৈছে৷ চৰকাৰীভাৱেও সমাদৰ লাভ কৰিছে৷ ২০১৯ বর্ষত সেই সময়ৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নগাঁৱত অনুষ্ঠিত এটা অনুষ্ঠানত গ্রীন পুলিচক সম্বর্ধনা জনোৱাৰ লগতে মত বিনিময় কৰে আৰু প্রশংসা পত্র প্রদান কৰে৷
বিদ্যালয়খনৰ নৱম–দশম শ্রেণৰ ছাত্রীসকলে এই দায়িত্ব বহন কৰি নৱপ্রজন্মৰ প্রতি এক ইতিবাচক বার্তা প্রেৰণ কৰিছে৷

You might also like