নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঔটেঙা আৰু আলুৰে ৰন্ধা মাছৰ টেঙা আঞ্জা

উপকৰণঃ
মাছ– ৪/৫ টুকুৰা
ঔটেঙা– ১টা (টুকুৰা কৰি লোৱা), আলু– ৩/৪টা (টুকুৰা কৰি লোৱা)
তেল–জোখ অনুপাতে
পাঁচফুৰণ– ১চামুচ
কেঁচা জলকীয়া ৩/৪টা
ধনিয়াপাত ১ মুঠি
নিমখ, হালধি জোখ অনুপাতে৷

প্রণালী: প্রথমে এটা পেচাৰ কুকাৰত ঔটেঙা আৰু আলু দি হিচাপ মতে পানী দি দুটা হুইচেল মৰাই নমাই দিব৷ এতিয়া মাছকেইটুকুৰাত নিমখ, হালধি সানি ফ্রাই কৰি ল’ব৷এতিয়া এখন কেৰাহীত তেল দি পাঁচফোৰণ, কেচাঁ জলকীয়া দি বইল কৰি লোৱা ঔটেঙা আৰু আলুখিনি দিব৷ হিচাপ মতে নিমখ, হালধি দি লৰাই পাচলিখিনি অলপমান সময় ভাজি লৈ জোখমতে পানী দি ভজা মাছকেইটুকুৰা লগত দি ভালদৰে উতলিবলৈ দিব৷ যেতিয়া মাছৰ আঞ্জাখন ভালদৰে উতলিব, তেতিয়া কেচাঁ ধনিয়া পাত কাটি দি নমাই দিব৷ এতিয়া মাছৰ আঞ্জাখন ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰক৷

You might also like