নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা ক্রিকেটৰ নতুন আশা জিণ্টিমণি কলিতা

শৈশৱৰ পৰাই ক্রিকেটৰ প্রেমত পৰা ছোৱালীজনীক তিনি বছৰ বয়সতে ককাকে হাতত তুলি দিছিল এখন কাঠৰ বেট৷ ছোৱালীজনীৰ আগ্রহ দেখি ককাকে ঘৰতে কাঠ কাটি বনাই দিছিল ক্রিকেট বেট৷ কিন্তু কোনেও ভবা নাছিল যে ক্রিকেটকে তেওঁ এদিন বৃত্তি হিচাপে গ্রহণ কৰিব৷ কাৰণ ছোৱালীয়েও যে ক্রিকেট খেলে সেই ধাৰণা তেওঁলোকৰ নাছিল৷ কিন্তু ছোৱালীজনীয়ে মনে মনে অন্য এক সপোন মনতে পুহি ৰাখিছিল৷ তেওঁ ভাৰতীয় মহিলা ক্রিকেট দলক প্রতিনিধিত্ব কৰাৰ সপোন দেখিছিল৷ এই সপোন সম্পূর্ণৰূপে নফলিয়ালেও এতিয়া আংশিকভাৱে হ’লেও সার্থক হৈছে৷ এইবাৰ তেওঁ ১৯ বছৰ অনূর্ধ্ব ভাৰতীয় মহিলাৰ বি দলত স্থান লাভ কৰিছে৷ এনে কৃতিত্বৰে সমগ্র দৰং জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈগৰাকী হ’ল জিণ্টিমণি কলিতা৷ তেওঁৰ ঘৰ মঙলদৈ চহৰৰ শান্তিপুৰত৷ জলসিঞ্চন বিভাগৰ চতুর্থবর্গৰ কর্মচাৰী নকুল কলিতা আৰু শেৱালি কলিতাৰ কন্যা জিণ্টিমণিয়ে বিভাগীয় কোৱার্টাৰতে ডাঙৰ–দীঘল হৈছে৷ জিণ্টিৰ ভাতৃ প্রৱাল কলিতায়ো খেলে ক্রিকেট৷ মঙলদৈ ষ্টেডিয়ামৰ একেবাৰে ওচৰতে থাকে তেওঁলোকৰ পৰিয়ালটো৷ আচলতে প্রথম অৱস্থাত ভায়েকৰ জৰিয়তে ছোৱালীজনীয়ে ক্রিকেট খেলাৰ সপোন বাস্তৱায়িত কৰিব বিচাৰিছিল৷ সেইবাবে সদায় ভায়েক প্রৱালক ষ্টেডিয়ামত ক্রিকেটৰ অনুশীলনৰ বাবে লৈ গৈছিল জিণ্টিমণিয়ে৷ কিন্তু এদিন তেওঁ মনৰ ভিতৰত পুহি ৰখা দুর্বাৰ আশা বান্ধি ৰাখিব নোৱাৰিলে৷ ষ্টেডিয়ামৰ প্রশিক্ষকসকলক জিণ্টিয়ে ক্রিকেট খেলাৰ আগ্রহৰ বিষয়ে ব্যক্ত কৰিলে৷ তেওঁলোকেও তাইক প্রশিক্ষণ প্রদানৰ বাবে আগবাঢ়ি আহিল৷ কিন্তু তাতেই আৰম্ভ হ’ল সমস্যা৷ সেই সময়ত কোনো ছোৱালীয়ে ক্রিকেট খেলা নাছিল৷ বিশেষকৈ মঙলদৈত কাচিৎ দুই–এজনী ছোৱালীয়েহে বেট হাতত তুলি লয়৷ সেয়াও সাময়িকভাৱেহে৷ এনে পৰিৱেশত কন্যাক ক্রিকেট খেলাৰ বাবে পিতৃ–মাতৃৰ লগতে পৰিয়ালৰ লোকে অনুমতি দিব নিবিচাৰিলে৷ ছোৱালীয়ে ক্রিকেট খেলা অথবা ক্রিকেটক কেৰিয়াৰৰূপে গ্রহণ কৰাৰ কথা তেওঁলোকে ভাবিবই পৰা নাছিল৷ তদুপৰি এটি সৰু চাকৰিৰে পৰিয়ালটো কোনোমতে পোহপাল দি থকা পিতৃয়ে দুয়োটা সন্তানক ক্রিকেটৰ নিচিনা খৰচী খেললৈ আগবঢ়াই দিয়াতো বৰ সহজ কথা নাছিল৷ কিন্তু ছোৱালীজনী আছিল নাচোৰবান্দা৷ ক্রিকেটক বাদ দি তাই অন্য কথা ভাবিবই নোৱাৰে৷ শৈশৱৰ পৰাই তেওঁ বিভিন্ন খেলত পাৰদর্শিতা দেখুৱাবলৈ সক্ষম হৈছিল৷ শংকৰদেৱ শিশু নিকেতনত পঢ়ি থকা সময়ত জিণ্টিমণিয়ে এথলেটিকছৰ প্রতিটো ইভেণ্টতে প্রথম স্থান দখল কৰিছিল৷ কিন্তু সেই সকলো খেল বাদ দি এসময়ত ক্রিকেটতে মন–প্রাণ সঁপি দিলে৷ মাক–দেউতাকেও ক্রিকেটৰ প্রতি কন্যাৰ আগ্রহ দেখি তেওঁক সমর্থন দিবলৈ বাধ্য হ’ল৷ লগে লগে আৰম্ভ হ’ল জিণ্টিমণি নামৰ ক্রিকেটবলিয়া ছোৱালীজনীৰ নতুন জীৱন৷ প্রশিক্ষক মৃদুল তামুলীৰ অধীনত তেওঁ ২০১৭ চনত আনুষ্ঠানিকভাৱে আৰম্ভ কৰে ক্রিকেটৰ আদিপাঠ৷ অৱশ্যে ল’ৰাৰ লগতে তেওঁ নিতৌ প্রশিক্ষণ গ্রহণ কৰিবলগীয়া হ’ল৷ কাৰণ অন্য ছোৱালী নথকাত ছোৱালীৰ বাবে সুকীয়াকৈ প্রশিক্ষণৰ ব্যৱস্থা নাছিল মঙলদৈ ষ্টেডিয়ামত৷ অৱশ্যে গুৱাহাটীতো আজিপর্যন্ত হোৱা নাই তেনে ব্যৱস্থা৷ জিণ্টিমণিৰ মাজত থকা ক্রিকেটৰ প্রতিভা দেখি প্রশিক্ষকসকল আচৰিত হ’ল৷ ল’ৰাৰ সমানে সমানে তেওঁ বেটিং আৰু বলিং কৰিব পাৰে৷ আনকি অনুশীলন মেচতো তেওঁ ল’ৰাৰ লগতে খেলিব লাগে৷ ইয়াৰ পিছতে দেখা দিলে আন এক নতুন সমস্যাই৷ এগৰাকী গাভৰু ছোৱালীয়ে ল’ৰাৰ লগত খেলা–ধূলা কৰাটো সমাজৰ একাংশই ভাল দৃষ্টিত ল’ব নিবিচাৰিলে৷ একাংশই আকৌ আৰু অলপদূৰ আগুৱাই গৈ ছোৱালীজনী শেষ হৈ যোৱা বুলি ক’বলৈও কুণ্ঠাবোধ নকৰিলে৷ ইয়াৰ বাবে বহুতে মাক–দেউতাককে দোষাৰোপ কৰিলে৷ ছোৱালীজনীয়েও বহুতৰ পৰা শুনিবলগীয়া হ’ল অনেক আচহুৱা কথা৷ কিন্তু সমাজৰ একাংশ লোকৰ এনে নীচ দৃষ্টিভংগীয়ে জিণ্টিমণিৰ ওপৰত কোনোধৰণৰ প্রভাৱ পেলাব নোৱাৰিলে৷ কাৰণ তেওঁৰ লক্ষ্য আছিল সুদূৰপ্রসাৰী৷ এচাম লোকৰ এনে মন্তব্যই তেওঁৰ লক্ষ্য অধিক দৃঢ়হে কৰি তুলিলে৷ এনে বহু প্রত্যাহ্বান আৰু দুর্বল বিত্তীয় অৱস্থাই সময়ে সময়ে বিপর্যস্ত কৰি তুলিলেও এইবোৰে কেতিয়াও স্থবিৰ কৰিব পৰা নাই জিণ্টিমণিৰ গতি৷ প্রশিক্ষক মৃদুল তামুলী, ৰঞ্জন ৰামচিয়াৰী আদি প্রশিক্ষকৰ হাতৰ পৰশত অতি কমদিনৰ ভিতৰতে উজলি উঠিল সম্ভাৱনাপূর্ণ ছোৱালীজনীৰ দক্ষতা৷ জিলা দলৰ হৈ সুন্দৰ প্রদর্শন দাঙি ধৰা জিণ্টিমণিয়ে অতি কমদিনৰ ভিতৰতে ৰাজ্যিক দলত স্থান অর্জন কৰিলে৷ ২০১৭ৰ পৰা ১৯ বছৰ অনূর্ধ্ব অসমৰ মহিলা ক্রিকেট দলক প্রতিনিধিত্ব কৰি আহিছে৷ জিণ্টিয়ে ১৯ বছৰ অনূর্ধ্ব, ২৩ বছৰ অনূর্ধ্ব আৰু ছিনিয়ৰ অসম দলকো প্রতিনিধিত্ব কৰি প্রবল দক্ষতাৰ পৰিচয় দিছে৷ ইয়াৰ লগে লগে তেওঁৰ ঠিকনা সলনি হয় গুৱাহাটীৰ মালিগাঁৱলৈ৷ মালিগাঁৱৰ ৰে’লৱে ষ্টেডিয়ামত তেওঁ সম্প্রতি প্রশিক্ষক আৰ বি ইন্দ্রজিতৰ অধীনত প্রশিক্ষণ গ্রহণ কৰি আছে৷ চলিত বর্ষতে জিণ্টিৰ জৰিয়তে অসম ক্রিকেটলৈ আহে এক সুখবৰ৷ কিছুদিন পূর্বে তেওঁ ১৯ বছৰ অনূর্ধ্ব ভাৰতীয় দলত স্থান লাভেৰে ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনে৷ অন্ধ্রপ্রদেশত অনুষ্ঠিত এখন ত্রিদেশীয় শৃংখলাত তেওঁ ১৯ বছৰ অনূর্ধ্ব ভাৰতীয় বি দলক প্রতিনিধিত্ব কৰে৷ এগৰাকী পেচ বলাৰৰূপে ভাৰতীয় দলত স্থান লাভ কৰা জিণ্টিয়ে ৱেষ্ট ইণ্ডিজ আৰু শ্রীলংকাৰ বিপক্ষে খেলা দুখন মেচত মুঠ চাৰিটা উইকেট দখল কৰে৷ সম্প্রতি তেওঁ কেৰালাত অনুষ্ঠিত এখন আন্তঃৰাজ্যিক প্রতিযোগিতাত অসমৰ হৈ খেলি আছে৷ এই প্রতিযোগিতাখনত উন্নত প্রদর্শন দাঙি ধৰিব পাৰিলে ভাৰতীয় ছিনিয়ৰ দলত স্থান লাভৰ ক্ষেত্রত এখোজ আগবাঢ়িব পাৰিব৷ জিণ্টিমণি আগবাঢ়ি যোৱাৰ ক্ষেত্রত শেহতীয়াভাৱে অসম ক্রিকেট সন্থাই যথেষ্ট উৎসাহ যোগাইছে৷ সন্থাৰ সভাপতিৰ দায়িত্ব গ্রহণৰ দিনাই তৰংগ গগৈয়ে বিজয় হাজাৰে ড্রফীত উজ্জীৱিত প্রদর্শন দাঙি ধৰা অসমৰ পুৰুষ দলৰ খেলুৱৈসকলক ২৫ লাখ টকা আৰু সহায়ক ষ্টাফক ১০ লাখ টকাৰ আর্থিক পুৰস্কাৰ আগবঢ়োৰ লগতে জিণ্টিমণি কলিতাক ১ লাখ টকাৰ আর্থিক পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ উল্লেখ্য যে দুই সন্তানক ক্রিকেট খেলিবলৈ আগবঢ়াই দি ঋণগ্রস্ত হৈ পৰা পৰিয়ালটোক প্রাক্তন বিধায়ক গুৰুজ্যোতি দাস, অনুপম ডেকা, হিমাঞ্জন শর্মা আৰু অন্য একাংশ শুভাকাংক্ষীয়ে কিছু পৰিমাণে সাহায্য আগবঢ়াইছে যদিও সেয়া যথেষ্ট নহয়৷ এতিয়ালৈ চৰকাৰৰ লগতে কোনো ব্যক্তিগত প্রতিষ্ঠান আগবাঢ়ি অহা নাই ক্রিকেটাৰগৰাকীক সহায়ৰ বাবে৷ বিশেষকৈ দৰং জিলাত থকা উদ্যোগ–প্রতিষ্ঠান আগবাঢ়ি আহিলে জিণ্টিমণিৰ ভাৰতীয় ছিনিয়ৰ মহিলা দলত খেলাৰ সপোন নিশ্চয় এদিন সফল হ’ব৷

You might also like