অ’লা–উবেৰ–ৰেপিড’ৰ বাইক সেৱা পুনৰ বিবেচনাৰ আশ্বাস মহানগৰ ডিটিঅ’ৰ
নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ মহানগৰীত অবৈধভাৱে চলাচল কৰা অ’লা–উবেৰ তথা ৰেপিড’ বাইক–টেক্সি সেৱা বন্ধ কৰিবলৈ পৰিবহণ বিভাগে নির্দেশ দিয়াৰ পিছতেই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ অলপতে পৰিবহণ বিভাগে মহানগৰীত অবৈধভাৱে চলাচল কৰা বাইক–টেক্সি বন্ধৰ নির্দেশ দিয়াৰ পিছতেই দেওবাৰে চানমাৰিত শতাধিক চালকে উত্তাল প্রতিবাদ সাব্যস্ত কৰাৰ পিছতেই বাইক–টেক্সি সেৱা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াই৷ জিলা পৰিবহণ বিষয়া বাপন কলিতাই প্রতিক্রিয়া প্রকাশ কৰি কয় যে মহানগৰীত চলাচল কৰা অ’লা–উবেৰ আৰু ৰেপিড’ বাইক–টেক্সি সেৱা পুনৰ বিবেচনা কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ অৱশ্যে এইক্ষেত্রত কিছু নতুন নির্দেশনা জাৰি কৰা বুলি পৰিবহণ বিষয়াগৰাকীয়ে অৱগত কৰায়৷ জিলা পৰিবহণ বিষয়া কলিতাই জনোৱা মতে অ’লা আৰু উবেৰ টেক্সি সেৱাক শীঘ্রে ‘মহানগৰ পার্মিট’ দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ মহানগৰ পার্মিট থকা টেক্সি সেৱা কামৰূপ মহানগৰ জিলাকে ধৰি গ্রাম্য জিলাত চলাচল কৰিবলৈ সুবিধা পাব৷ অৱশ্যে আন্তঃৰাজ্যিক পার্মিট থকা চালকে বহিঃৰাজ্যৰ পার্মিট প্রত্যাহাৰ কৰি আবেদন কৰাৰ লগতে এশ টকা মাচুল আদায় দিয়াৰ পিছত জিলা পৰিবহণ বিভাগে পার্মিট প্রদান কৰিব৷ ইপিনে ৰেপিড’ বাইক সেৱা সন্দর্ভতো পুনৰ বিবেচনা কৰাৰ আশ্বাস দিয়ে পৰিবহণ বিষয়াগৰাকীয়ে৷