নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াবিৰোধী ষড়যন্ত্র ব্লু ডার্টৰঃ চাকৰিৰ পৰা খেদিলে ৭ থলুৱা কর্মচাৰীক

নিয়মীয়া বাৰ্তা, ২৮ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি বিভিন্ন দল–সংগঠন আৰু ৰাইজে প্রতিবাদ অব্যাহত ৰখাৰ মাজতে একাংশ অনা–সমীয়া লোকৰ মালিকানাধীন কোম্পানীয়ে আৰম্ভ কৰিছে অসমীয়াবিৰোধী অভিযান ৷ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ব্যৱসায়–বাণিজ্যৰ কেন্দ্রস্থল গুৱাহাটী মহানগৰীত কার্যালয় স্থাপন কৰি প্রতিবছৰে কোটি কোটি টকাৰ ব্যৱসায় কৰি মুনাফা লুটি অহা অনা–অসমীয়া ব্যৱসায়ী মালিকানাধীন কোম্পানীয়ে বিভিন্ন সময়ত ষড়যন্ত্রমূলকভাৱে অসমীয়া লোকক চাকৰিৰ পৰা খেদি পঠিওৱাৰ বহু উদাহৰণ আছে ৷

শেহতীয়াকৈ ব্লু ডার্ট এক্সপ্রেছ নামৰ কুৰিয়াৰ কোম্পানীটোৱে ষড়যন্ত্রমূলকভাৱে অসমীয়া লোকক চাকৰিৰ পৰা খেদি পঠিওৱাৰ তথ্য পোহৰলৈ আহিছে ৷ গুৱাহাটীৰ আৰ জি বৰুৱা ৰোডত থকা ব্লু ডার্ট এক্সপ্রেছৰ কার্যালয়ত কর্মৰত বিষয়া–কর্মচাৰীসহ সাতজনকৈ খিলঞ্জীয়া লোকক বিভিন্ন অজুহাত দেখুৱাই চাকৰিৰ পৰা খেদি পঠিওৱাক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে ৷ প্রাপ্ত তথ্য অনুসৰি, চলিত মাহত ব্লু ডার্ট এক্সপ্রেছ কুৰিয়াৰ কোম্পানীটোৰ বিষয়া সৌৰভজ্যোতি বৰুৱা, সুশান্ত সাহাকে ধৰি সাতজনকৈ বিষয়া–কর্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰে ৷ অনা–অসমীয়া ব্যৱসায়ী মালিকানাধীন ব্লু ডার্ট এক্সপ্রেছ কুৰিয়াৰ কোম্পানীটোৱে প্রায় পাঁচ মাহ পূর্বে সমৰ শর্মা আৰু বিশ্বনাথ দাস নামৰ দুজন বিষয়াক ষড়যন্ত্রমূলকভাৱে চাকৰিৰ পৰা খেদি পঠিয়ায় ৷ ইয়াৰ পিছতে শিলিগুৰিৰ প্রলয় গোস্বামী নামৰ এজন লোকক ব্লু ডার্ট এক্সপ্রেছৰ গুৱাহাটীস্থিত কার্যালয়ৰ মেনেজাৰ হিচাপে নিযুক্তি দিয়ে ৷

প্রলয় গোস্বামীয়ে ব্লু ডার্ট এক্সপ্রেছ কোম্পানীৰ মেনেজাৰ হিচাপে নিযুক্তি পোৱাৰ পিছতে অতি কৌশলেৰে আৰম্ভ কৰে অসমীয়াবিৰোধী অভিযান ৷ কোম্পানীটোত কর্মৰত থলুৱা যুৱক–যুৱতীক মেনেজাৰ গোস্বামীয়ে বিভিন্ন অজুহাত দেখুৱাই মানসিক নির্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হৈছে ৷ অসমীয়া যুৱক–যুৱতীক কোম্পানীটোৰ পৰা খেদিবলৈ ষড়যন্ত্র ৰচনা কৰাৰ পিছতে মেনেজাৰ গোস্বামীয়ে দুর্ঘটনাত আহত হৈ চিকিৎসাধীন হৈ থকা কর্মচাৰীকো মানসিক নির্যাতন চলোৱাৰ অভিযোগ উঠিছে ৷ মেনেজাৰ গোস্বামীৰ নির্দেশতে চিকিৎসাধীন কর্মচাৰীৰ পৰা পদত্যাগ–পত্রত চহী কৰাই আনিছে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি স্বতঃস্ফূর্তভাৱে ৰাজপথলৈ খিলঞ্জীয়া লোকসকল ওলাই অহাৰ সময়তে একাংশ অনা–অসমীয়া ব্যৱসায়ী মালিকানাধীন কোম্পানীয়ে অসমীয়া যুৱক–যুৱতীক চাকৰিৰ পৰা ষড়যন্ত্রমূলকভাৱে খেদি পঠিওৱা ঘটনাৰ বিৰুদ্ধে চৰকাৰ–প্রশাসন আৰু দল–সংগঠনসমূহে কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব ৷

You might also like