নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত ভঙাগড় পাহাৰ

ভিউ পইণ্টত সুৰা-ভাঙৰ আড্ডাৰ পাচতো নিৰ্বিকাৰ আৰক্ষী

নিয়মীয়া বাৰ্তা,১৬ নৱেম্বৰঃ বিভিন্ন অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত হৈছে মহানগৰীৰ ভঙাগড় পাহাৰ অঞ্চল । একাংশ নিচাসক্ত লোকৰ মদ-ভাঙৰ আড্ডাত পৰিণত হোৱাত এতিয়া সৰ্বসাধাৰণ লোকসকলৰ লগতে শিক্ষাৰ্থীসকল আতংকিত হ’বলগীয়া হৈছে । কিয়নো নিশাৰ আন্ধাৰ দূৰৰে কথা, দিন-দুপৰতো পাহাৰৰ মাজেৰে যোৱা পথত একাংশ ব্যস্ত থাকে নিচাত । ইয়াৰ বিপৰীতে কোনোধৰণৰ কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে । টহল দিয়েই দায়িত্ব সামৰাৰ অভিযোগ ভঙাগড় আৰক্ষীৰ বিৰুদ্ধে । ইফালে, একাংশ যুৱক-যুৱতীৰ অশালীন কাৰ্যকলাপেও বিতুষ্ট কৰি তুলিছে পথটোৰে অহা-যোৱা কৰা যাত্ৰীসকলক । ভঙাগড়-কাহিলীপাৰা সংযোগী পথটো অতিকে ব্যস্ত যদিও একাংশই কোনো ভ্ৰূক্ষেপ নকৰি চলাই গৈছে অশালীন কাৰ্যকলাপ । এইক্ষেত্ৰত অঞ্চলবাসী ৰাইজৰ লগতে শিক্ষাৰ্থী আৰু পথটোৰে অহা-যোৱা কৰা সমাজ সচেতন লোকসকলে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । ৰাইজৰ অভিযোগ – নিশা হ’লেই অৰাজক হৈ পৰে পথটো । আনকি একাংশ নিচাসক্তৰ বাবে বহু অপৰাধমূলক কাৰ্যও সংঘটিত হৈ আহিছে পথটোত ।

You might also like